Monday, October 3, 2022
HomeNewsচূড়ান্ত হ'ল এছিয়া একাদশৰ হৈ খেলিবলগীয়া ভাৰতীয় ক্ৰিকেটাৰৰ তালিকা

চূড়ান্ত হ’ল এছিয়া একাদশৰ হৈ খেলিবলগীয়া ভাৰতীয় ক্ৰিকেটাৰৰ তালিকা

অৱশেসত চূড়ান্ত হ’ল এছিয়া একাদেশৰ হৈ খেলিবলগীয়া ভাৰতীয় ক্ৰিকেটাৰৰ তালিকা। মুঠ চাৰিজন ভাৰতীয় ক্ৰিকেটাৰে এছিয়া একাদশৰহৈ খেলিব বুলি নিশ্চিত কৰিলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে। বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবার্ষিকী উপলক্ষে বাংলাদেশ ক্রিকেট ব’র্ডে অহা ১৮ আৰু ২১ মার্চত আয়োজন কৰা প্রদর্শনীমূলক টি–২০ত এছিয়া একাদশৰ হৈ খেলিব টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি, অ’পেনাৰ শিখৰ ধাৱন, তাৰকা বেগী বলাৰ মহম্মদ ছামি আৰু স্পীনাৰ কুলদীপ যাদৱে৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে টীম ইণ্ডিয়াৰ এই চাৰিগৰাকী খেলুৱৈৰ নাম বাংলাদেশ ক্রিকেট ব’ৰ্ডলৈ প্রেৰণ কৰিছে৷মেচখনত পাকিস্তানৰ ক্রিকেটাৰে অংশগ্রহণৰ কৰাৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় ক্রিকেটাৰক এছিয়া একাদশৰ হৈ খেলিবলৈ বি চি চি আয়ে অনুমতি নিদিব বুলি কিছুদিন আগত বাতৰি প্রকাশ পাইছিল। অৱশ্যে বাংলাদেশ ক্রিকেট ব’র্ডে প্রদর্শনীমূলক টি–২০ মেচ দুখনত পাকিস্তানৰ ক্রিকেটাৰ উপলব্ধ নহয় বুলি নিশ্চয়তা দিয়াৰ পিছতেই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এছিয়া একাদশৰ হৈ অংশগ্ৰহণ কৰিবলৈ ক্ৰিকেটাৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি বি চি চি আয়ে অতিকমেও চাৰিগৰাকী ভাৰতীয় ক্রিকেটাৰক ঢাকালৈ প্রেৰণ কৰিব বুলি বাংলাদেশ ব’ৰ্ডক প্রতিশ্রুতি দিছে৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven − seven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments