অলিম্পিয়া প্রতিবেদন
অলিম্পিককৈ নিৰ্বাচিত হোৱা ভাৰতৰ ১৫ জনীয়া শ্বুটিং দলটোৱে অহা মেত ক্ৰৱেছিয়াভ্ৰমণ কৰিব। অহা ২০ মেৰ পৰা ৬ জুনলৈ ক্ৰৱেছিয়া অনুষ্ঠিত হ’বলগীয়া ইউৰীপিয়ান চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোৰ ক্ৰৱেছিয়া ভ্ৰমণৰ সমস্ত খৰছ বহন কৰিব ভাৰতীয় ক্রীড়া প্ৰাধিকৰণে।
ইউৰীপিয়ান চেম্পিয়নশ্বিপৰ পিছতেই দলটোৱে একেটা স্থানতে হ’বলগীয়া আই এছ এছ এফ কম্বাইনড ৱৰ্ল্ড কাপতো অংশ লব। দ্বিতীয়খন প্ৰতিযোগিতা একেখন চহৰতে জুনৰ ২২ ৰ পৰা ৩ জুলাইলৈ অনুষ্ঠিত হব।
উল্লেখযোগ্য যে কম্বাইনড ৱৰ্ল্ড কাপ প্ৰতিযোগিতাখন পূৰ্বতে বাকোত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও চহৰখনত বৰ্দ্ধিত কোভিড সংক্ৰমণৰ বাবে ক্ৰৱেছিয়ালৈ স্থানান্তৰিত কৰা হয়। ট্ৰেইনিং কাম কম্পিটিছনৰ বাবে যোৱা ভাৰতীয় দলটোৱে ইয়াৰ পিছতেই বাহিৰে বাহিৰে টকিঅ’ অলিম্পিকলৈ ৰাওনা হব। উল্লেখযোগ্য যে ভাৰতীয় দলটোৰ এই ভ্ৰমণৰ বাবদ ছাইয়ে প্ৰায় তিনি কোটি টকা খৰছ কৰিব।