Monday, October 3, 2022
HomeMiscellaneousস্বাধীনোত্তৰ ভাৰতৰ ক্ৰীড়া আৰু উত্তৰ-পূৰ্বাঞ্চল এক আলোচনা

স্বাধীনোত্তৰ ভাৰতৰ ক্ৰীড়া আৰু উত্তৰ-পূৰ্বাঞ্চল এক আলোচনা

✍️ পৰাগধৰ কোঁৱৰ

এই আলোচনাৰ আৰম্ভণিতে জাকাৰ্টা এছিয়ান গেমছত এটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক জয়েৰে ইতিহাস ৰচনা কৰা অসমৰ উদীয়মান এথলিট হিমা দাসলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

এই লেখাত মই ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা মুক্ত ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ ওপৰত এক আলোকপাত কৰিব বিচাৰিছো। স্বাধীনতা লাভৰ বিগত ৭২ বছৰত ভাৰতবৰ্ষই বিজ্ঞান প্ৰযুক্তি, শিক্ষা, সামৰিক, অৰ্থনৈতিক আদি বিভিন্ন ক্ষেত্ৰত চমকপ্ৰদ সফলতা অৰ্জনকৰিছে। এক কথাত ক’বলৈ গ’লে বিশ্বৰ দ্বিতীয় জনবহুল দেশ আমাৰ ভাৰতবৰ্ষ বিশ্বৰ অন্যতম এক ছুপাৰ পাৱাৰ হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। ভাৰতবৰ্ষৰ এই উত্তৰণৰ কাৰণে বন্ধু ৰাষ্ট্ৰসমূহে সম্পৰ্কৰ এনাজৰী আৰু অধিক সুদৃঢ় কৰাৰ প্ৰচেষ্টাত ব্ৰতী হোৱাৰ লগতে শত্ৰু ৰাষ্ট্ৰসমূহে সৌহাৰ্দ্যমূলক পৰিৱেশ সৃষ্টিৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। এই সকলোবোৰ উৎসাহজনক স্থিতিৰ বিপৰীতে ক্ৰীড়া ক্ষেত্ৰখনৰ দুৰ্বল ছবিখনে ভাৰতবৰ্ষৰ গুণ-গৰিমাত নেতিবাচক প্ৰভাৱ পেলাইছে বুলি বহুতে মত পোষণ কৰিছে। আৰু এইক্ষেত্ৰত আমিও সহমত পোষণ কৰিব বিচাৰো।

প্ৰথমেই আমি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া সমাৰোহ অলিম্পিকত ভাৰতীয় দলৰ প্ৰদৰ্শনৰ কথাকেই ক’ব বিচাৰিছো। প্ৰত্যেকখন অলিম্পিকতে আমি দেখিবলৈ পাওঁ যে চীন, ৰাছিয়া, মাৰ্কিন যুক্তৰাষ্ট্ৰ, কোৰিয়া, জাপান আদি দেশৰ খেলুৱৈয়ে স্বৰ্ণ-ৰূপ-ব্ৰঞ্জকে ধৰি বহু পদক দেশলৈ লৈ যায়। কিন্তু আমি সন্তুষ্টি ল’ব লগা হয় মাত্ৰ এটা বা দুটা পদকতে। প্ৰতিবাৰেই হতাশ হ’ব লগা হয় কোটি কোটি ভাৰতীয়। ১৯৪৮ চনৰ স্বাধীনতাৰ পিছত ভাৰতবৰ্ষই অলিম্পিকত ব্যক্তিগতভাৱে প্ৰথমটো স্বৰ্ণ পদক অৰ্জনৰ বাবে অপেক্ষা কৰিব লগা হ’ল ২০০৮ চন পৰ্যন্ত। বেইজিং অলিম্পিকত সেইবাৰ শ্বুটাৰ অভিনৱ বিন্দ্ৰাই ১০ মিটাৰ এয়াৰ ৰাইফলছত স্বৰ্ণপদক অৰ্জন কৰে। অৱশ্যে ইয়াৰ পূৰ্বে দলগতভাৱে ভাৰতে হকীত আঠবাৰকৈ অলিম্পিকৰ স্বৰ্ণপদক জয় কৰিছে। ইয়াৰে তিনিটা স্বাধীনতাৰ পূৰ্বে আৰু পাঁচটা স্বাধীনতাৰ পিছত। ব্যক্তিগতভাৱেও ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে কেইবাজনো ভাৰতীয়ই। কিন্তু অভিনৱ বিন্দ্ৰাৰ সেই সাফল্যৰ অভিলেখ এতিয়ালৈ ভংগ কৰিব পৰা নাই কোনো এজন ভাৰতীয়ই। এইখিনিতে উল্লেখ কৰিব লাগিব যে অলিম্পিক ইতিহাসত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰিছিল নৰ্মান প্ৰিটচাৰ্ডে ১৯০০ চনৰ পেৰিছ অলিম্পিকত। সেইবাৰ তেওঁ এথলেটিক্‌ছ পুৰুষৰ ২০০ মিটাৰ আৰু পুৰুষৰ ২০০ মিটাৰ হাৰ্ডলছত ৰূপৰ পদক অৰ্জন কৰিছিল। অভিনৱ বিন্দ্ৰাৰ লগতে ব্যক্তিগত শাখাত পদক অৰ্জন কৰি অলিম্পিকৰ বুকুত যিসকলে ভাৰতৰ নাম লিখিবলৈ সক্ষম হৈছে তেওঁলোক হৈছে ৰেষ্টলাৰ কেশদা দাদা চাহেব যাদৱ, টেনিছ তাৰকা লিয়েণ্ডাৰ পেজ, ভাৰোত্তোলক কৰণাম মালেশ্বৰী, শ্বুটাৰ ৰাজ্যবৰ্ধন সিং ৰাথোড়, বক্সাৰ  বিজেন্দৰ সিং, মল্লযুঁজাৰু সুশীল কুমাৰ, শ্বুটাৰ বিজয় কুমাৰ, মল্লযুঁজাৰু যোগেশ্বৰ দত্ত, শ্বাটলাৰ ছাইনা নেহৱাল, বক্সাৰ মেৰী কম, শ্বুটাৰ গগন নাৰংগ, শ্বাটলাৰ পি ভি সিন্ধু আৰু মল্লযুঁজাৰু সাক্ষী মালিক। অলিম্পিকত পদক নাপালেও ‘উৰন্ত শিখ’ মিলখা সিং, দৌৰৰাণী পি টি ঊষাৰ নাম আমি ইয়াত উল্লেখ নকৰিলে ভুল হ’ব। ভাৰতীয় ক্ৰীড়াৰ কিংবদন্তিস্বৰূপ এওঁলোক।

অলিম্পিকত ভাৰতে হকীতেই এই পৰ্যন্ত সৰ্বাধিক সফলতা  অৰ্জন কৰিছে। অৱশ্যে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া সমাৰোহখনত ভাৰতৰ পদকৰ সংখ্যা হয়তো কিংবদন্তি ছুইমাৰ মাইকেল ফেল্পছৰ পদকৰ তালিকাতকৈ সৰু। কেৱল অলিম্পিকেই নহয় বিশ্বৰ আগশাৰীৰ আন আন ক্ৰীড়া সমাৰোহসমূহতো ভাৰতৰ প্ৰদৰ্শন দুখলগা। ভাৰতৰ তুলনাত কোৰিয়া, জাপান, কেনিয়া, জামাইকা আদি দেশেই সাধাৰণতে পদকৰ তালিকাত ওপৰত থকা দেখা যায়।

১৩০ কোটি জনসংখ্যাৰ দেশ ভাৰতৰ ক্ৰীড়া বিশ্বত কিয় এই দুৰৱস্থা· ‘যদি তুমি ভালদৰে পঢ়া, তেনেহ’লে ৰজাৰ দৰে জীৱন কটাব পাৰিবা আৰু যদি তুমি খেলা-ধূলা কৰা, তেনেহ’লে তোমাৰ জীৱনটো ধ্বংস হোৱাৰ বাদে আন একো নহয়।’ —বহুদিন আগতে দেশৰ এখন আগশাৰীৰ সংবাদপত্ৰত দেশৰ ক্ৰীড়া সম্পৰ্কীয় আলোচনাত এজন বক্তাই এই কথা কৈছিল। কথাষাৰ তেওঁ ব্যংগ কৰি ক’লেও তাৰ সত্যতা নথকা নহয়।

শাৰীৰিক সক্ষমতা, পৰিৱেশ, সা-সুবিধা থকাৰ পিছতো ক্ৰীড়া বিশ্বত বছৰ বছৰ ধৰি ভাৰতীয় কিয় এইদৰে পিছ পৰি ৰৈছে তাৰ কাৰণ বিচাৰি হোৱা শেহতীয়া এক আলোচনাত দেশৰ আগশাৰীৰ ক্ৰীড়া বিশ্লেষক বেৰিয়া মজুমদাৰে দেশত ক্ৰীড়াক এক সংস্কৃতি হিচাপে গণ্য নকৰাটোকে ইয়াৰ কাৰণ বুলি মন্তব্য কৰে। বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ হ’লে দেশত ক্ৰীড়া সংস্কৃতি গঢ়ি তুলিব লাগিব আৰু বিদ্যালয় পৰ্যায়ৰ পৰাই খেলক পাঠ্যক্ৰমৰ আন আন বিষয়ৰ দৰে গুৰুত্ব দিব লাগিব। অন্যথা পৰিৱেশ সলনিৰ আশা কৰিব নোৱাৰি। তেওঁ কয়— ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ দুৰ্দশাৰ বিষয়ে আলোচনা কৰোঁতে বহুতে দেশৰ আৰ্থিক দুৰৱস্থাৰ কথাও ক’ব বিচাৰে যদিও আমি জামাইকা, কেনিয়া, ইথিওপিয়া আদি দেশৰ উদাহৰণ দি সেই যুক্তি খণ্ডন কৰিব খুজিছো। বিশ্ব বেংকৰ সমীক্ষাত জামাইকা হৈছে বিশ্বৰ ভিতৰতে ধীৰ গতিৰে বিকাশ হোৱা এখন দেশ। কিন্তু অলিম্পিকত পদকৰ তালিকাত শীৰ্ষত থাকে দেশখন। একেদৰে কেনিয়া, ইথিওপিয়াও।

প্ৰতিভাৰ অভাৱ আমাৰ নাই, তেনেহ’লে কিয় এই দুৰৱস্থা। সেয়া বিশ্লেষণ কৰিবলৈ যাওঁতে আমি কেইটামান দিশৰ ওপৰত আলোচনা কৰিব লাগিব। প্ৰশ্ন হৈছে— খেলৰ জৰিয়তে ভৱিষ্যত গঢ়াৰ বাবে আমাৰ ল’ৰা-ছোৱালী ইচ্ছুকনে· আমাৰ খেলুৱৈসকলৰ ভৱিষ্যৎ কিমান সুৰক্ষিত· খেলৰ জৰিয়তে কেৰিয়াৰ গঢ়াৰ বাবে খেলুৱৈ কি পথেৰে আগবাঢ়িব তাৰ কোনো নিৰ্ধাৰিত চৰকাৰী নীতি আছেনে· এনে বহু প্ৰশ্নত বৰ্তমানেও ব্যতিব্যস্ত আমাৰ ক্ৰীড়া ক্ষেত্ৰ। দেৰিকৈ হ’লেও কিন্তু এই ব্যৱস্থাৰ পৰা ক্ৰীড়াক্ষেত্ৰক বাহিৰ কৰি দেশৰ ক্ৰীড়াৰ এক সুচল পৰিৱেশ গঢ়াৰ বাবে মই চৰকাৰৰ প্ৰতি আহ্বান জনাইছো। আমাৰ বাবে এক সুখবৰ যে আমাৰ দেশৰ কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোড় এজন সফল ক্ৰীড়াবিদ। শ্বুটাৰ তথা অলিম্পিকৰ পদক বিজেতা মন্ত্ৰীগৰাকীৰ নেতৃত্বত দেশৰ ক্ৰীড়া ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন আমি আশা কৰিব পাৰো। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও এগৰাকী ক্ৰীড়া সচেতন ব্যক্তি আৰু ইতিমধ্যে দুয়োগৰাকী দক্ষ ব্যক্তিৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত দেশত আৰম্ভ হৈছে ক্ৰীড়া সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ আঁচনি। এগৰাকী ক্ৰীড়াবিদে ক্ৰীড়ামন্ত্ৰীৰ দায়িত্ব লাভ কৰাটোত বহুতৰে দৰে ময়ো উৎফুল্লিত। কাৰণ এজন ক্ৰীড়াবিদেহে বুজি পায় আন এজন ক্ৰীড়াবিদৰ মন। জাকাৰ্টা এছিয়ান গেমছত খেলুৱৈৰ সৈতে ক্ৰীড়ামন্ত্ৰী ৰাথোড়ে কৰা সৌহাৰ্দ্যমূলক কথা-বতৰাৰ লগতে তেওঁ খেলুৱৈক নিজহাতে খাদ্য বিতৰণ কৰাৰ কথাটোৱে খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবেও এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।

এইবাৰ আহো উত্তৰ-পূৰ্বাঞ্চললৈ। ভাৰতৰ অলিম্পিকৰ পদকৰ তালিকাত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সংযোজন বক্সাৰ মেৰী কম। ২০১২ লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি মেৰী কমে দেশৰ ক্ৰীড়া ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰাৰ লগতে দেশৰ উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিলে। এই সাফল্যৰ বাবে দেশ তথা উত্তৰ-পূৰ্বাঞ্চলৰ নৱপ্ৰজন্মৰ বাবে সদায়েই এক আদৰ্শ হৈ ৰ’ব মেৰী কম। তীব্ৰ ইচ্ছা আৰু কঠোৰ অনুশীলনৰ জৰিয়তে ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰি কিদৰে জীৱন সফল কৰিব পাৰি তাৰ জ্বলন্ত উদাহৰণ মেৰী কম। উল্লেখ্য যে পাঁচবাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কম।

অলিম্পিকত উত্তৰ-পূৰ্বাঞ্চলৰ যাত্ৰা আৰম্ভ হৈছিল ফুটবলাৰ  ডঃ টালিমেৰাণ আওৰ জৰিয়তে। স্বাধীনতাৰ পিছত ১৯৪৮ চনত টি আওৱে লণ্ডনত অনুষ্ঠিত ছামাৰ অলিম্পিকত ফুটবলত ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব লৈছিল। যি কি নহওক, টি আও, মেৰী কমৰ উপৰি স্বাধীনতাৰ পিছৰ এই সময়ছোৱাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহু খেলুৱৈয়ে অলিম্পিকৰ মজিয়াত যুঁজ দিছে যদিও সফলতা অৰ্জনত ব্যৰ্থ হৈছে। তেওঁলোক হৈছে বক্সাৰ জছলাল প্ৰধান, ভাৰোত্তোলক কুঞ্জৰাণী দেৱী, বক্সাৰ ডিংকো সিং, ভাৰোত্তোলক ছানামাছু চানু, এথলিট সৰস্বতী দে’ সাহা, আৰ্চাৰ তৰুণদ্বীপ ৰয়, আৰ্চাৰ জয়ন্ত তালুকদাৰ, শ্বাটলাৰ দীপাংকৰ ভট্টাচাৰ্য, জুডোকা তন্বী দেৱী, টেনিছ তাৰকা সোমদেৱ বৰ্মন, আৰ্চাৰ বম্বিলা দেৱী, ভাৰোত্তোলক ছোনিয়া চানু, আৰ্চাৰ চেক্ৰ’ভলু ছৰু আৰু ¸বক্সাৰ শিৱ থাপা। এইকেইগৰাকীৰ উপৰি বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ বহু তাৰকাই নিজৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। অলিম্পিকত নহ’লেও বিশ্বৰ আন আন আগশাৰীৰ  টুৰ্নামেণ্টসমূহত দমনীয় প্ৰদৰ্শন আগবঢ়োৱাসকলৰ নাম এই লেখাত নল’লে ভুল হ’ব। দক্ষতা আৰু প্ৰতিভাৰ বলত নিজকে প্ৰতিষ্ঠা কৰা এই খেলুৱৈসকল হ’ল— এছিয়ান গেমছত পদক জয় কৰা প্ৰথমজন অসমীয়া এথলিট ভোগেশ্বৰ বৰুৱা, তৈবুন নিছা, শ্বাটলাৰ মাধুৰ্য বৰুৱা, সুশান্ত বৰা, মল্লিকা বৰুৱা, ফুটবলাৰ বাইচুং ভুটীয়া, ৰেনেডী সিং, গিলবাৰ্টছন চাংমা, জুৱেল বে, স্বাধীন ডেকাৰজা, হকীৰ টিংখং লেইমা চানু, থৈবা সিং, সুৰজলতা দেৱী, জুডোকা অংগম অনিতা চানু, বক্সাৰ এল সৰিতা দেৱী, উশ্বুৰ বিমলজিৎ সিং, সন্ধ্যাৰাণী দেৱী, টেনিছৰ বিদ্যুৎ গোস্বামী, চুছান দাস চৌধুৰী, শ্বুটিঙৰ জয়দ্বীপ দাস, সাঁতোৰত মিঠু বৰুৱা।  টাইকোৱানডোৰ পবন শইকীয়া, ৰাজীৱ বৰা। তদুপৰি টেবুল টেনিছৰ অৰুণজ্যোতি বৰুৱা, ভলীবলৰ অভিজিৎ ভট্টাচাৰ্য আদি। এই প্ৰতিজন খেলুৱৈয়েই প্ৰচুৰ প্ৰতিভাৱান। কিন্তু কমনৱেলথ গেমছ, এছিয়ান গেমছ আদিৰ  লগতে বিভিন্ন বিশ্ব চেম্পিয়নশ্বিপত দপদপাই থকা খেলুৱৈসকলে অলিম্পিকৰ মজিয়া স্পৰ্শ কৰাত কিয় ব্যৰ্থতা স্বীকাৰ কৰিব লগা হ’ল· প্ৰকৃততে মনঃসংযোগ, অনুশীলন নে প্ৰশিক্ষণৰ অভাৱ· ইয়াৰ ওপৰত গুৰুত্বসহকাৰে এটা বিশ্লেষণ চলোৱাৰ দৰকাৰ বুলি মই ভাবো। এইখিনিতে মই ২০১৮ জাকাৰ্টা এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰতিভাৱান শ্বাটলাৰ অস্মিতা চলিহা, আৰ্চাৰ প্ৰমীলা দৈমাৰী, টাইকোৱানডোৰ ৰুদালী বৰুৱা, বক্সাৰ শিৱ থাপাৰ কথা উল্লেখ কৰিব বিচাৰিছো। জাকাৰ্টাত ব্যৰ্থ হ’লেও আগন্তুক টুৰ্নামেণ্টসমূহত দেশক প্ৰতিনিধিত্ব কৰি সফলতা অৰ্জনৰ বাবে সাজু হ’বলৈ মই তেওঁলোকক আহ্বান জনাইছো। তেওঁলোকে নিজৰ সক্ষমতাৰ ওপৰত আস্থা ৰাখি আগবাঢ়ক।

শেষত পুনৰ হিমাৰ প্ৰসংগলৈ আহিছো। দেশ তথা উত্তৰ-পুৰ্বাঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰৰ শেহতীয়া চাঞ্চল্য হিমা দাস। জাকাৰ্টা এছিয়ান গেমছত এটা স্বৰ্ণ, দুটা ৰূপৰ পদক অৰ্জন কৰি হিমাই আগন্তুক সময়ত বিশ্ব ক্ৰীড়াংগনত নিজৰ সবল উপস্থিতিৰ উমান দিছে। কঠোৰ অনুশীলন আৰু অত্যন্ত নিষ্ঠাৰ বলত হিমা আজি এই স্থানত উপনীত হৈছে। এক অবিশ্বাস্য উত্তৰণ। হিমাক লৈ আমি গৰ্বিত। উৎফুল্লিত, উৎসাহিত। এই অসম কন্যাক সৰুসজাই এথলেটিক্‌ছ ষ্টেডিয়ামত অনুশীলনৰ সময়ত মই প্ৰায়েই লগ পাওঁ। হিমাৰ প্ৰতিভাৰ উমান মই প্ৰথমদিনা দেখোতেই পাইছিলো। খেলুৱৈ হিচাপে হোৱা আমাৰ কথাৰ আদান-প্ৰদানৰ সময়ত মই তাইক আন সকলোবোৰ কথা বাদ দি কেৱল কঠোৰ অনুশীলনৰ কথাকেই কৈছিলো। সফলতা অৰ্জনৰ পিছত যে এজন খেলুৱৈৰ সন্মুখত মনঃসংযোগত ব্যাঘাত জন্মাব পৰা বহু বস্তুৱেই আহি পৰে সেই সতৰ্কবাণী মই তেওঁক সেইদিনা দিছিলো আৰু সেইবোৰৰ পৰা আঁতৰি থাকিব পৰাকৈ প্ৰয়োজনীয় দিহাখিনি মই হিমাক দিয়াৰ চেষ্টা কৰিছিলো। সেইদিনা হিমা আৰু মোৰ আলোচনাৰ সময়ত প্ৰখ্যাত চিকিৎসক তথা ‘প্ৰাইমাছ’ৰ স্বত্বাধিকাৰী ড০ প্ৰতুল শৰ্মা আৰু প্ৰশিক্ষক নিপন দাসো আছিল।

সঁচাকৈ হিমাৰ প্ৰতিভা অতুলনীয়। এই প্ৰচুৰ প্ৰতিভাৱান এথলিটগৰাকীৰ বিকাশত কেৱল চৰকাৰেই নহয়, আমাৰ সকলোৰে দায়িত্ব আছে। হিমাৰ লগতে আমাৰ দায়িত্ব আছে আন আন প্ৰতিভাৱান খেলুৱৈসকলৰ প্ৰতিও। প্ৰাথমিক পৰ্যায়ৰ পৰাই প্ৰণালীবদ্ধ প্ৰশিক্ষণ দিয়াৰ লগতে অনুশীলনৰ সা-সুবিধা আগবঢ়ালে আমাৰ অঞ্চলত বহু হিমাৰ সৃষ্টি হ’ব পাৰে। আমাৰ তৰুণ প্ৰজন্মক আমি সুনিৰ্দিষ্ট নীতিৰ আধাৰত খেলপথাৰলৈ আনিব লাগিব। আশা ৰাখিছো আগবাঢ়ি আহিব চৰকাৰ, অনুষ্ঠান, প্ৰতিষ্ঠান। আমিও প্ৰস্তুত!

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments