বুধবাৰ : প্ৰবীণ টেবুল টেনিছ খেলুৱৈ তথা প্ৰশিক্ষক বেণুগোপাল চন্দ্ৰশেখৰে বুধবাৰে চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰে। ‘চন্দ্ৰ’ নামেৰে জনাজাত এইগৰাকী ক্ৰীড়াবিদৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৩ বছৰ।
প্ৰয়াত বেণুগোপাল চন্দ্ৰশেখৰ তেওঁৰ সময়ৰ আটাইতকৈ জনপ্ৰিয় পেডেলাৰ সকলৰ মাজৰ এগৰাকী অন্যতম পেডেলাৰ আছিল, যিয়ে তিনিটাকৈ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ জয় কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও এইগৰাকী প্ৰসিদ্ধ পেডেলাৰ কমনৱেলথ গেমছত ছেমি ফাইনেলিষ্ট আছিল আৰু ভাৰত চৰকাৰৰ পৰা অৰ্জুন সন্মান লাভ কৰিছিল। ক্ৰীড়া ক্ষেত্ৰত তেওঁ যিদৰে আগবঢ়া আছিল ঠিক সেইদৰে শিক্ষাৰ ক্ষেত্ৰতো তেওঁ পিছপৰি থকা নাছিল। অৰ্থনীতি আৰু আইনৰ স্নাতক চন্দ্ৰই দুয়োটাতে সোণৰ পদক লাভ কৰিছিল।
১৯৮০-ৰ দশকৰ সময়ছোৱাত যেতিয়া টেবুল টেনিছে লাহে লাহে জনপ্ৰিয়তা অৰ্জন কৰিছিল সেই সময়তেই চন্দ্ৰ এজন শ্ৰেষ্ঠ আৰু জনপ্ৰিয় খেলুৱৈ হিচাপে পৰিগণিত হৈছল।
কিন্তু ভাগ্য তেওঁৰ সুপ্ৰসন্ন নাছিল। যাৰ বাবে সামান্য আঁঠুৰ এক অস্ত্ৰোপচাৰৰ বাবে এপোলো হস্পিতাললৈ যোৱা চন্দ্ৰই তেওঁৰ কণ্ঠস্বৰ, দৃষ্টি শক্তি আৰু গতিশীলতা হেৰুৱাই পেলাইছিল। সেই সময়ছোৱাৰ পৰাই তেওঁ জীয়াই থকাৰ অন্য এক যুঁজ আৰম্ভ কৰিছিল। কিন্তু ভাগ্যক দুখ দি তেওঁ হাত সাৱটি বহি থকা বিধৰ নহয়। তেওঁ প্ৰশিক্ষক হিচাপে পুনৰ নিজৰ ক্ৰীড়া জীৱন আৰম্ভ কৰিলে।
প্ৰশিক্ষক হিচাপে চন্দ্ৰই নিজৰ একাডেমী আৰম্ভ কৰিছিল আৰু ইয়াক কেইবাঠাইতো চলাইছিল। চন্দ্ৰই তেওঁৰ একাডেমীৰ জড়িয়তে তৰুণ প্ৰজন্মৰ খেলুৱৈসকলক প্ৰশিক্ষণ দিয়াৰ ওপৰত গুৰুত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু প্ৰথমে YMCA আৰু তাৰ পিছত ডি.জি. বৈষ্ণৱ মহাবিদ্যালয় আৰু এছ.বি.অ’.এ. বিদ্যালয়ত প্ৰশিক্ষণ আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ নিজৰ এছ.ডি.এ.টি. মেডিমিক্স চন্দ্ৰ টেবুল টেনিছ কোচিং চেণ্টাৰ স্থাপন কৰে। তেওঁৰ এই কেচিং চেণ্টাৰৰ পৰাই জি সাথিয়ান, আৰ এছ ৰাজাৰ দৰে খেলুৱৈ ভি শ্ৰীনিবাসনৰ পৰ্যায়লৈ উন্নীত হৈছিল।