Thursday, July 7, 2022
HomeNewsইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া চিৰিজৰ বাবে ভাৰতীয় দল ঘোষণা

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া চিৰিজৰ বাবে ভাৰতীয় দল ঘোষণা

অলিম্পিয়া প্ৰতিবেদন

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া চিৰিজৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দলটো। টি টুৱেন্টি দলত প্ৰথমবাৰৰ বাবে স্থান লাভ কৰা সূৰ্যকুমাৰ যাদৱে এদিনীয়া দলতো স্থান লাভ কৰিছে।

ইপিনে, ক্ৰুনাল পাণ্ডিয়া, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণক প্ৰথমবাৰৰ বাবে এদিনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে। টেষ্ট মেচত দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা শুভমন গিলকো দলত স্থান দিয়া হৈছে।

উল্লেখযোগ্য যে অহা ২৩ মাৰ্চত ইংলেণ্ডৰ বিপক্ষে এদিনীয়া চিৰিজৰ প্ৰথমখন মেচত ভাৰতীয় দলটো অৱতীৰ্ণ হ’ব। ইপিনে, ৱাছিংটন সুন্দৰৰ অন্তর্ভূক্তিয়ে ভাৰতীয় স্পীন শক্তিক আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। সম্প্ৰতি চলি থকা টি-টুৱেন্টিত ব্যৰ্থ হ’লেও কে এল ৰাহুলক পুনৰ স্থান দিয়া হৈছে এদিনীয়া দলটোত।

আঘাতৰ বাবে দীৰ্ঘদিন ধৰি খেলপথাৰৰ পৰা আঁতৰি থকা ভুৱনেশ্বৰ কুমাৰক টি টুৱেন্টিৰ পিছত এদিনীয়া দলতো চামিল কৰা হৈছে।উল্লেখযোগ্য যে, ইংলেণ্ড-ভাৰতৰ টি-টুৱেন্টি চিৰিজত দুখনকৈ মেচত জয়ী হৈ দুয়োটা দলেই সমান স্থানত অৱস্থান কৰিছে।

বি চি চি আইয়ে টুইটাৰত প্ৰকাশ কৰা ভাৰতীয় দলটো
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments