অলিম্পিয়া প্ৰতিবেদন
এগৰাকী অনুৰাগীৰ সামাজিক মাধ্যমত বিয়পি পৰা এটা ভিডিঅ’ই তোলপাৰ লগোৱাৰ সময়তে ভাৰতীয় দলে লাভ কৰিছে সকাহ। বিতৰ্কিত ভিডিঅ’টোক কেন্দ্ৰ কৰি অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে ভাৰতীয় দলৰ কেইগৰাকীমান সদস্যৰ বিৰুদ্ধে আনিছিল ক’ভিড প্ৰটোকল ভংগৰ অভিযোগ।
উল্লেখযোগ্য যে, ভিডিঅ’টোত দেখা পোৱা গৈছিল ৰোহিত শৰ্মা, শুভমন গিল, ঋষভ পন্ট আদিকে ধৰি ভাৰতৰ কেইবাগৰাকী খেলুৱৈয়ে খাদ্য গ্ৰহণ কৰি থকা। কিন্তু ক’ভিড প্ৰটোকল অনুসৰি এনেদৰে বাহিৰৰ ৰেস্তোৰাত খাদ্য গ্ৰহণত নিষেধাজ্ঞা আছিল। ইয়াৰ লগে লগে এই সমগ্ৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰে।
ভিডিঅ’টো বিয়পি পৰাৰ পিছত ভাৰতীয় দলৰ খেলুৱৈকেইগৰাকীক আছুতীয়াকৈ ৰখা হয়। সুখৰ কথা এয়ে যে শেহতীয়াকৈ প্ৰকাশ কৰা ক’ভিড পৰীক্ষাত আটাইকেইজনৰে ফলাফল নিগেটিভ আহে।
বিচিচিআইয়ে জানিবলৈ দিয়া অনুসৰি ৩ জানুৱাৰিত ভাৰতীয় ক্ৰিকেট দলৰ সকলো খেলুৱৈ আৰু ছাপোৰ্ট ষ্টাফৰ আৰটি-পিচিআৰ টেষ্ট কৰা হৈছিল,আটাইৰে ৰিপ’ৰ্ট নিগেটিভ আহিছে।
বৰ্ডাৰ-গাভাস্কাৰ ছিৰিজৰ তৃতীয়খন টেষ্টৰ পূৰ্বে ভাৰতীয় দলটোৰ বাবে এয়া এক ভাল খৱৰ হিচাপে বিবেচিত হৈছে।
উল্লেখযোগ্য যে, অহা ৭জানুৱাৰিৰ পৰা ছিৰিজটোৰ তৃতীয়খন টেষ্ট মেচ আৰম্ভ হ’ব।