Tuesday, October 4, 2022
HomeNews২০২১ নিউজিলেণ্ড বিশ্বকাপলৈ নিৰ্বাচিত ভাৰতীয় মহিলা ক্ৰিকেট দল

২০২১ নিউজিলেণ্ড বিশ্বকাপলৈ নিৰ্বাচিত ভাৰতীয় মহিলা ক্ৰিকেট দল

olympiasports.in

ভাৰতীয় মহিলা ক্ৰিকেট দলটো ২০২১ ত নিউজিলেণ্ডত হ’বলগীয়া বিশ্বকাপ ক্ৰিকেটৰ বাবে নিৰ্বাচিত হৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সন্থা চমুকৈ আই চি চিয়ে বুধবাৰে এই কথা ঘোষণা কৰে।

আয়োজক দেশ নিউজিলেণ্ডৰ লগতে অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকায়ো মহিলা ক্ৰিকেটৰ মেগা ইভেণ্টখনলৈ পোনপটীয়াকৈ নিৰ্বাচিত হয়। প্ৰতিযোগিতাখন অহা বৰ্ষৰ ৬ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ ৭ তাৰিখলৈ অনুষ্ঠিত হ’ব।

কৰ’নাৰ বাবে আই চি চি ৱিমেনছ চেম্পিয়নশ্বিপখন অনুষ্ঠিত নোহোৱাৰ বাবেই সংস্থাটোৱে এই সিদ্ধান্ত ল’বলৈ বাধ্য হয়।

চলিত আই চি চি ৱিমেনছ অ’ডিআই চেম্পিয়নশ্বিপত থকা শীৰ্ষ চাৰিটা দলে এই প্ৰতিযোগিতাৰ বাবে বিনা প্ৰতীন্দ্বন্দিতাৰে নিৰ্বাচিত হয়।

“অষ্ট্ৰেলিয়া(৩৭), ইংলেণ্ড(২৯),দক্ষিণ আফ্ৰিকা(২৫) আৰু ভাৰতে(২৩) শীৰ্ষ চাৰিটা স্থান দখলৰ সুবাদত বিশ্বকাপলৈ নিৰ্বাচিত হৈছে। পৰৱৰ্তী সময়ত পাকিস্তান(১৯), নিউজিলেণ্ড(১৭),ৱেষ্টইণ্ডিজ(১৩) আৰু শ্ৰীলংকাৰ(৫) নাম এই তালিকাত যোগ হ’ব।”এটা বাৰ্তাত আই চি চিয়ে এইদৰে কয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments