Wednesday, July 6, 2022
HomeNewsটকিঅ'ত ভাৰতীয় খেলুৱৈৰ বিজয়ধ্বজা; উজ্বলিছে ইজনৰ পিছত সিজনকৈ খেলুৱৈ

টকিঅ’ত ভাৰতীয় খেলুৱৈৰ বিজয়ধ্বজা; উজ্বলিছে ইজনৰ পিছত সিজনকৈ খেলুৱৈ

অলিম্পিয়া প্ৰতিবেদন

ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে বৃহস্পতিবাৰৰ পুৱাটো বিবেচিত হৈছে এক বিশেষ পুৱা হিচাবে। ইজনৰ পিছত সিজনকৈ ভাৰতীয় খেলুৱৈৰ বিজয়ে ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ মন আনন্দৰে পোহৰাই তুলিছে। আৰ্চাৰী, বেডমিণ্টন, হকী, বক্সিং আদি সকলোতে উজলি উঠিছে ভাৰতীয় খেলুৱৈসকল। পুৱা প্ৰথমটো ভাল খবৰ কঢ়িয়াই আনে ভাৰতীয় বেডমিণ্টন চাঞ্চল্য পি ভি সিন্ধুই। সিন্ধুই ডেনমাৰ্কৰ মিয়া ব্লিচফেল্টক ২১-১৫, ২১-১৩ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

ইপিনে আৰ্চাৰীত নিজৰ সৰ্বস্ব উজাৰি দি ভাৰতৰ অতনু দাসে উৎকৃষ্ট মানৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হয়। পুৰুষৰ ব্যক্তিগত শাখাত অতনু দাসে শীৰ্ষ অষ্টমত প্ৰৱেশ কৰে। বিজয়ৰ পথত তেওঁ ৰিঅ’ অলিম্পিকৰ স্বৰ্ণজয়ী আৰ্চাৰ অহ ঝিনয়েকক ৬-৫ ব্যৱধানত পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হয়। ঠিক সেইদৰে পুৰুষ হকীতো ভাৰতীয় দলৰ প্ৰদৰ্শন আছিল আশাব্যঞ্জক। দলটোৱে অলিম্পিক চেম্পিয়ন আৰ্জেন্টিনাক ৩-১ ব্যৱধানত পৰাস্ত কৰি পদকৰ আশা সজীৱ কৰি তুলিছে।

বক্সিঙত ভাৰতীয় বক্সাৰৰ দপদপনি আজিও অব্যাহত আছে। আজি ৯১ কেজি শাখাত ভাৰতৰ সতীশ কুমাৰে জামাইকাৰ প্ৰতিদ্বন্দী ৰিকার্ড’ ব্ৰাউনক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। সতীশ কুমাৰকে ধৰি এই পৰ্যন্ত ভাৰতৰ তিনিগৰাকীকৈ বক্সাৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে লাভলীনা বৰগোঁহাই আৰু পূজা ৰাণীয়ে প্ৰিকোৱাৰ্টাৰৰ দেওনা পাৰ হৈ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments