আমি সৰুতে এই কথা শিকিয়েই ডাঙৰ হৈছিলোঁ যে হকী ভাৰতৰ ৰাষ্ট্ৰীয় খেল। হকীত ভাৰতৰ প্ৰদৰ্শনো সদায় লেখত ল’বলগীয়াই হৈ আহিছে। সেয়ে হকী ভাৰতৰ ৰাষ্ট্ৰীয় খেল কথাষাৰ আৰু দকৈ শিপাইছিল। তাৰ পিছত কাবাদী খেলৰ কথা মনলৈ আহিলেও আমাৰ ভাৱ হৈছিল যে এই খেলবিধো আমাৰ ওচৰ সম্পৰ্কীয় ইপিনে ক্ৰিকেটৰ জনপ্ৰিয়তালৈ লক্ষ্য কৰিলে আমাৰ এনে লাগে যে ক্ৰিকেটেই যদি ভাৰতৰ ৰাষ্ট্ৰীয় খেল হোৱাহেঁতেন,কিমান ভাল লাগিলহেঁতেন। অৱশ্যে ক্ৰিকেট ৰাষ্ট্ৰীয় খেল ন’হলেও ভাৰতত ক্ৰিকেটক এক ধৰ্ম হিচাপে গণ্য কৰা হয়।

ভাৰত হকী, কাবাদী, ক্ৰিকেট আদি খেলসমূহত যথেষ্ট আগবঢ়া। অৱশ্যে ইয়াৰ এটাও ভাৰতৰ ৰাষ্ট্ৰীয় খেল নহয়। ভাৰতৰ কোনো ৰাষ্ট্ৰীয় খেল নাই। এই কথা আমি কোৱা নাই। এই কথা প্ৰকাশ কৰিছে খোদ ভাৰত চৰকাৰে। এখন আৰ টি আই’ৰ আৱেদনৰ উত্তৰত ভাৰতৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰণালয়ে কয় যে এতিয়ালৈকে কোনো খেলকে ৰাষ্ট্ৰীয় খেল হিচাপে স্বীকৃতি দিয়া হোৱা নাই। অৰ্থাৎ বৰ্তমান এই কথা স্পষ্ট হৈ পৰিল যে ভাৰতৰ কোনো ৰাষ্ট্ৰীয় খেল নাই।