ভাৰতৰ নতুন ‘দ্য গ্ৰেট ৱাল অৱ ইণ্ডিয়া’!

অলিম্পিয়া প্রতিবেদন

সোমবাৰে অলিম্পিকত ভাৰতীয় মহিলা হকী দলে ঐতিহাসিক এক বিজয় সাব্যস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। তিনিবাৰৰ অলিম্পিক চেম্পিয়ন অষ্ট্ৰেলিয়াক ১-০ ব্যৱধানত পৰাস্ত কৰি এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হয় দলটোৱে। গুৰুত্বপূৰ্ণ মেচখনত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ পিছতেই এতিয়া সৰ্বত্ৰে চর্চা হৈছে ভাৰতীয় দলটোৰ গ’লকীপাৰ সবিতা পুনিয়াৰ নাম। মেচখনত গ’ল পোষ্টৰ সমুখত এক দেৱালৰ ভূমিকা লোৱা পৰিলক্ষিত হৈছিল পুনিয়াই। প্ৰতিপক্ষৰ ৯ টাকৈ পেনাল্টি কৰ্নাৰ ৰক্ষা কৰি এতিয়া সেয়ে সবিতাই নাম পাইছে দ্য গ্ৰেট ৱাল অৱ ইণ্ডিয়াৰ। ভাৰতত দেখা অষ্ট্ৰেলিয়াৰ অষ্ট্ৰেলিয়াৰ হাই কমিছনাৰ বেৰী অ’ফাৰেলে পুনিয়াকএই সন্মান দি ভাৰতীয় দলটোক জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

কেৱল অষ্ট্ৰেলিয়াৰ কমিছনাৰেই নহয়, ইণ্টাৰনেটতো বিভিন্নজনে এতিয়া সবিতাক আখ্যা দিছে গ্ৰেট ৱাল অৱ ইণ্ডিয়া বুলি। সততে ভাৰতীয় ক্ৰিকেট তাৰকা ৰাহুল দ্ৰাবিড়ক এই নামেৰে জনা যায় যদিও এতিয়া সবিতাই যেন হাইজেক কৰিলে ৰাহুল দ্ৰাবিড়ৰ এই বিভূষণ।

Leave a Reply

Your email address will not be published. Required fields are marked *