টকিঅ’ৰ ভাল খবৰ; পূজা ৰাণী, দীপিকা কুমাৰী, পি ভি সিন্ধুৰ অগ্ৰগতি

অলিম্পিয়া প্রতিবেদন

বুধবাৰৰ দিনটোত টকিঅ’ত মিশ্ৰিত ফলাফল আগবঢ়াবলৈ সক্ষম হৈছে ভাৰতীয় খেলুৱৈয়ে। দিনটোৰ প্ৰথম ভাগত শ্বাটলাৰ পি ভি সিন্ধুই প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰাৰ পিছত দিনটোৰ শেষলৈ ভাৰতৰ বাবে অধিক সুখবৰ কঢ়িয়াই আনে বক্সাৰ পূজা ৰাণী আৰু আৰ্চাৰ দীপিকা কুমাৰীয়ে।

সিন্ধুই হংকঙৰ প্ৰতিপক্ষক ২১-৯, ২১-১৬ ব্যৱধানত পৰাস্ত কৰি শীৰ্ষ ১৬ ৰাউণ্ডত প্ৰৱেশ কৰাৰ বিপৰীতে বক্সিঙৰ মিডলৱেইট শাখাত বক্সাৰ পূজা ৰাণীয়ে আলজেৰিয়াৰ প্ৰতিপক্ষক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পূজাই ইচৰাক চেইনক ৫-০ ব্যৱধানত পৰাস্ত কৰে। ভাৰতীয় বক্সাৰগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত ৰিঅ’ অলিম্পিকৰ ব্ৰঞ্জজয়ী বক্সাৰ লি কীয়ানৰে মুখামুখি হোৱাৰ সম্ভাৱনা আছে।

ইপিনে আৰ্চাৰীত ভাৰতৰ আন এগৰাকী মহিলা খেলুৱৈ দীপিকা কুমাৰীয়ে মহিলাৰ ব্যক্তিগত শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। শীৰ্ষ ৩২ৰ ৰাউণ্ডত দীপিকাই ভূটানৰ ভূ কৰ্নাক অতি সহজেই পৰাস্ত কৰি শীৰ্ষ ১৬লৈ উন্নীত হয়। ইয়াৰ পিছতে শীৰ্ষ ১৬ ৰাউণ্ডৰ খেলত কুমাৰীয়ে ১৮ বছৰীয়া আমেৰিকান প্ৰতিদ্বন্দীক ৬-৪ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *