Tuesday, October 4, 2022
HomeNewsআপুনি জানেনে শচীনৰ দৰে দ্বিতীয় এজন ক্ৰিকেটাৰ যে আৰু নোলাব! চতুৰ্থটো...

আপুনি জানেনে শচীনৰ দৰে দ্বিতীয় এজন ক্ৰিকেটাৰ যে আৰু নোলাব! চতুৰ্থটো কাৰণ জানিলে আপুনি আচৰিত হৈ পৰিব

olympiasports.in ৰ সৌজন্যত

বিশ্ব ক্ৰিকেটত আৰু দ্বিতীয় এজন শচীন তেণ্ডুলকাৰৰ দৰে ক্ৰিকটাৰ নোলাব। বিশ্ব ক্ৰিকেটত নিজৰ সুদীৰ্ঘ কেৰিয়াৰত বহুকেইটা অভিলেখ গঢ়াৰ উপৰিও ক্ৰিকেটৰ ওপৰত থকা দক্ষ্যতাৰ বাবেই ক্ৰিকেটাৰগৰাকীক বিশ্ব ক্ৰিকেটৰ ‘ভগৱান’ আখ্যা দিয়া হৈছে।

মাত্ৰ ষোল্ল বছৰ বয়সৰ পৰা ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰা শচীনে বিশ্ব ক্ৰিকেটত নিজৰ আধিপত্য বিস্তাৰ কৰি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰসকলৰ শাৰীলৈ নিজকে উন্নীত কৰিব পাৰিছে। এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ স্থান পূৰণ কৰিবলৈ দ্বিতীয় এজন ক্ৰিকেটাৰ নোলাব।

ক্ৰিকেটৰ “ভগৱান” শচীন তেণ্ডুলকাৰ

এই কথা প্ৰকাশ কৰিছে পাকিস্তানৰ পূৰ্বৰ অধিনায়ক ইনজামান উল হকে। পূৰ্বৰ পাকিস্তানৰ অধিনায়ক ইনজামানে নিজৰ ইউটিউব চেনেলত ধাৰাবাহিকভাৱে বিশ্ব ক্ৰিকেটৰ বিভিন্ন দিশৰ ওপৰত নিজৰ মন্তব্য প্ৰকাশ কৰি আহিছে। শেহতীয়াকৈ এইগৰাকী প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰে ভাৰতৰ পূৰ্বৰ ক্ৰিকেটাৰ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ ওপৰত নিজৰ মন্তব্য প্ৰকাশ কৰিছে।

পাকিস্তানৰ পূৰ্বৰ অধিনায়ক ইনজামান উল হক আৰু তেওঁ ভয় কৰা ক্ৰিকেটাৰ শচীন

পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ইনজামনৰ মতে চাৰিটা মূল কাৰণৰ বাবে তেওঁ দ্বিতীয় এজন শচীনৰ সমকক্ষ্য ক্ৰিকেটাৰ নোলাব বুলি মত ব্যক্ত কৰিছে।

প্ৰথমটো কাৰণ

ইনজামানৰ মতে শচীনৰ দৰে দ্বিতীয় এজন ক্ৰিকেটাৰ নোলোৱাৰ প্ৰথম কাৰণটো হৈছে ভয়াবহ বেগী বলাৰ সকলৰ বিৰুদ্ধে সাহসিকতাৰে বেটিং। শচীনে নিজৰ আন্তৰ্জাতিক ক্ৰিকেটৰ কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত আৰু ইয়াৰ পিছৰ সময়চোৱাত কেইবাগৰাকীও ভয়াবহ বলাৰে বিশ্ব ক্ৰিকেটত ধুমুহাৰ সৃষ্টি কৰিছিল। কিন্তু শচীনে এই ভয়াবহ বেগী বলাৰ সকলৰ বিৰুদ্ধে মাত্ৰ ১৬-১৭ বছৰ বয়সতে সাহসিকতাৰে বেটিং কৰিছিল। যি কেৱল অসাধাৰণ ক্ৰিকেটাৰৰ পক্ষেহে সম্ভৱ। ইনজামানৰ মতে অসাধাৰণৰ ওপৰতো যদি কিবা বস্তু আছে সেয়া হৈছে শচীন।

ভয়াবহ বেগী বলাৰ সকলৰ বিৰুদ্ধে সাহসিকতাৰে বেটিং কৰা ১৬-১৭ বছৰীয়া শচীন

দ্বিতীয় কাৰণ

দ্বিতীয় কাৰণটো হৈছে শচীনৰ ৰান সংগ্ৰহৰ ক্ষমতা আৰু অভিলেখ। পাকিস্তানৰ পূৰ্বৰ অধিনায়কগৰাকীৰ মতে শচীনৰ ৰান সংগ্ৰহৰ ক্ষমতা আৰু শচীনৰ যি অভিলেখ সেয়া কোনোৱে ভাবিব নোৱাৰা। শচীনে যি সময়ত ৰানৰ পাহাৰ সৃষ্টি কৰিছিল সেই সময়ত কোনো খেলুৱৈয়ে বৃহৎ ৰান কৰিবলৈ সক্ষম হোৱা নাছিল। কেৱল ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰহে ১০ হাজাৰৰ ওপৰত ৰান কৰি অভিলেখ গঢ়িছিল। যি অভিলেখ শসচীনে ভংগ কৰিছিল। সুনীল গাভাস্কাৰৰ সেই ৰেকৰ্ড সেই সময়ত কোনেও ভংগ কৰিব নোৱাৰিব বুলি ভাবিছিল। ইনজামানৰ মতে সেই সময়ত যিসকল মহান খেলুৱৈ আছিল তেওঁলোকৰ কেৰিয়াৰ ৮ হাজাৰ, ৮.৫ হাজাৰ ৰানৰ ওচৰতে সীমাবদ্ধ আছিল।

অভিলেখ সৃষ্টিকাৰী শচীন

তৃতীয় কাৰণ

তৃতীয় কাৰণটো হ’ল শচীনৰ মানসিক শক্তি । শচীন মানসিকভাৱে অত্যন্ত শক্তিশালী।শচীনে যেতিয়াই বেট ধৰিব আহে তেওঁৰ ওপৰত সাংঘাটিকভাৱে মানসিক চাপ থাকে কাৰণ তেওঁৰ অসংখ্য অনুৰাগীয়ে প্ৰত্যেকটো ইনিংছতে কেৱল ৰান কৰাটো বিচাৰে।

অনুৰাগীৰ মাজত শচীন

চতুৰ্থটো কাৰণ

শচীনৰ দৰে দ্বিতীয়জন ক্ৰিকেটাৰ নোলাব বুলি ইনজামানে কোৱাৰ চতুৰ্থটো যুক্তি হ’ল শচীনৰ বলিং। কাৰণ শচীনে লেগ স্পিন, অফ স্পিন, মিডিয়াম পেচত বলিং কৰিব পাৰিছিল। ইনজামানৰ ভাষ্য অনুসৰি তেওঁ বহু লেগ স্পিনাৰক খেলিছে কিন্তু তেওঁ খেলিবলৈ টান পোৱা বলাৰগৰাকীয়েই আছিল শচীন তেণ্ডুলকাৰ।কাৰণ শচীনে তেওঁক বহুবাৰ আউট কৰিছিল।

বল কৰাৰ মুহূৰ্তত শচীন
YouTube player
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments