অলিম্পিয়া প্রতিবেদন
বহু সময়ত লক্ষ্য কঠিন হলেও সেই লক্ষ্য অতিক্ৰম কৰাত আত্মবিশ্বাসীজনক কোনো বাধাই টলাব নোৱাৰে। এই কাহিনী সৌৰাষ্ট্রৰ তেনেই এক দৰিদ্ৰ পৰিয়ালৰ সন্তান চেতন চকাৰীয়াৰ। কেৱল দৰিদ্ৰতাই নহয়, ভাতৃৰ আত্মহত্যাৰ ঘটনাই কঢ়িয়াই অনা মানসিক কষ্টকো অতিক্ৰম কৰি আই পি এললৈ নিজৰ বাট কাটি লোৱাৰ অদমনীয় কাহিনী এয়া।
বহুতৰ বাবে আশীৰ্বাদস্বৰূপ হৈ পৰা আই পি এলে পুনৰ এবাৰ সম্ভাৱনাৰ দুৱাৰ খুলি দিলে সৌৰাষ্ট্রৰ প্ৰতিভাৱান যুৱক চেতনৰ বাবে। ৰাজস্থান ৰয়েলছে আই পি এলৰ মিনি নিলামত ২৩ বছৰীয়া চেতনক ১.২ কোটি টকাত ক্ৰয় কৰে।
জীৱনৰ প্ৰথমখন আই পি এল মেচতে ৩ টাকৈ উইকেট দখল কৰি চেতনেও দলীয় মেনেজমেণ্টৰ ভৰসাক শুদ্ধ প্ৰমাণিত কৰিলে। পঞ্জাৱ কিংছৰ বিৰুদ্ধে উক্ত মেচত অধিনায়ক সঞ্জু ছেমচনে অন্তিম অভাৰত বল হাতত তুলি দিছিল চেতনক। চেতনেও নিৰাশ নকৰি ইনিংছৰ অন্তিমটো অভাৰত কেৱল ৫ ৰান দি দখল কৰে ২ টাকৈ উইকেট। কেৱল সেয়াই নহয়, উক্ত মেচত ‘কেচ অৱ দ্য মেচ’ৰ সন্মানো লাভ কৰে চেতনে। ক্ৰিকেট পথাৰত চেতনৰ এনে সাফল্যই ক্ৰিকেটাৰগৰাকীৰ দায়িত্বশীল গুনকে প্ৰতিফলিত কৰে।
ক্ৰিকেটৰ পথাৰৰ দৰেই বাস্তৱিক জীৱনতো দায়িত্বশীলতাৰ পৰিচয় দি চেতনে কান্ধ পাতি লৈছে পিতৃ-মাতৃ আৰু ভাতৃৰ সৈতে চাৰিজনীয়া পৰিয়ালটোৰ। চেতনৰ পিতৃ এগৰাকী লৰি চালক। কিন্তু কেইবাবছৰ ধৰি অসুস্থতাৰ বাবে পিতৃ আজি শয্যাগত। ফলত পৰিয়ালৰ সমস্ত দায়িত্ব আহি পৰিছিলহি চেতনৰ ওপৰত। চেতনে আনকি এনেকুৱা দিনো পাৰ কৰিবলগীয়া হৈছে, যেতিয়া এযোৰ জোতাৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছিল প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকীয়ে। ক্ৰিকেটৰ লগতে চেতনে সম্পৰ্কীয় মামাক এজনৰ তাতো কাম কৰিবলগীয়া হৈছিল কেৱল পৰিয়াল পোহপাল দিয়াৰ স্বাৰ্থতে। কিন্তু, ইয়াৰ পিছতে এটা ঘটনাই চিৰদিনলৈ সলাই পেলালে চেতনৰ জীৱনৰ গতিপথ।
সেই সময়ত চেতন ব্যস্ত আছিল চৈয়দ মুস্তাক আলী ট্ৰফীত। সৌৰাষ্ট্রৰ হৈ প্ৰতিযোগিতাৰ বিভিন্ন মেচত ভাগ লৈছিল তেওঁ। তেনে এক সময়তে চেতনৰ ভাতৃয়ে আত্মহত্যা কৰাৰ কথা বিয়পি পৰিছিল, অৱশ্যে ঘূণাক্ষৰেও এই বিষয়ে গম পোৱা নাছিল চেতনে। চেতনৰ পৰিয়ালে তেওঁক এই কথা বহু দিনলৈ জানিবলৈ দিয়া নাছিল। আই পি এলৰ মিনি নিলামৰ কেইদিনমান আগতেহে তেওঁ এই বিষয়ে অৱগত হৈছিল। খবৰটো পোৱাৰ পিছত চেতন দুখত ভাঙি পৰিছিল। প্ৰায় এসপ্তাহলৈ চেতনে পৰিয়ালৰ কাৰোৰে সৈতে মাতবোল কৰা নাছিল। এই ঘটনাৰ ঠিক কেইদিনমানৰ পিছতেই চেতনে আই পি এলৰ নিলামত ৰাজস্থান ৰয়েলছ দললৈ আমন্ত্ৰণ লাভ কৰে। দলটোত যোগ দিয়েই চেতনে সকলো দুখ-হতাশা পৰিহাৰ কৰি মনোনিৱেশ কৰে ক্ৰিকেটৰ পথাৰত আৰু অৱধাৰিতভাৱেই আই পি এলত উজলি উঠে সৌৰাষ্ট্রৰ এইগৰাকী ক্ৰিকেটাৰে।