Monday, October 3, 2022
HomeNewsকেৰিয়াৰৰ আৰম্ভণিতে চাপ সহ্য কৰিব পৰা নাছিল,এৰিম বুলি ভাবিছিল ফুটবল সুনীল ছেত্ৰীয়ে

কেৰিয়াৰৰ আৰম্ভণিতে চাপ সহ্য কৰিব পৰা নাছিল,এৰিম বুলি ভাবিছিল ফুটবল সুনীল ছেত্ৰীয়ে

olympiasports.in

ভাৰতীয় ফুটবল দলৰ তাৰকা ফুটবলাৰ সুনীল চেত্ৰীক কোনে চিনি নাপায়। ভাৰতীয় দলটোক সমুখৰ পৰা নেতৃত্ব দি সুনীলে বহুদূৰ আগুৱাই নিলে। কেৱল দেশতেই যে সুনীলৰ আদৰ আছে তেনে নহয়, বিদেশতো সুনীলে নিজৰ দুভৰিৰ কলা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। সৃষ্টি কৰিছে বহু কেইটা ভাৰতীয় ৰেকৰ্ডৰ লগতে আন্তঃৰাষ্ট্ৰীয় ৰেকৰ্ড। এইগৰাকী ফুটবলাৰৰ প্ৰথমৰ সময়খিনিৰ বিষয়ে আপুনি বাৰু জানেনে?

ফুটবল কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত বাৰে বাৰে উচুপি উঠিছিল। চাপ সহিবলৈ সক্ষম নহৈছিল সুনীল। কেৰিয়াৰৰ প্ৰথমভাগত কলকাতাত খেলি থকাৰ সময়ত সুনীল ইমানেই চাপৰ সন্মুখীন হৈছিল যে বহু সময়ত চাপ সহিব নোৱাৰি কান্দি উঠিছিল ফুটবলাৰ গৰাকী। কেৰিয়াৰৰ প্ৰথমচোৱাত চাপ সহিব নোৱাৰাৰ বাবেই ফুটবল ত্যাগ কৰাৰো চিন্তা কৰিছিল সুনীল চেত্ৰীয়ে।

মাত্ৰ ১৭ বছৰ বয়সতে ভাৰতীয় ফুটবল। জগতৰ প্ৰসিদ্ধ ফুটবল ক্লাব মোহনবাগানৰ সৈতে চুক্তিবদ্ধ হৈছিল সুনীল চেত্ৰী। সেয়াই আছিল সুনীলৰ জীৱনৰ প্ৰথমটো প্ৰফেচনেল চুক্তি। ‘প্ৰথম বছৰটো ঠিকেই আছিল। খেলবোৰত মই বিশ মিনিট বা ত্ৰিশ মিনিট যুঁজিব লাগিছিল। তেতিয়াৰ পৰাই মানুহে মোক পৰবৰ্তী বাইচুং ভূটীয়া বুলিবলৈ লৈছিল।’ ইণ্ডিয়ান চুপাৰলীগ ডটকমত এইদৰে কয় সুনীল চেত্ৰীয়ে।

‘হাৰিবলৈ আৰম্ভ কৰিলেই মানুহবোৰ উন্মাদ হৈ পৰে আৰু সেই সময়বোৰত মই কান্দি উঠো। কলকাতাত হৰাৰ পাছত কোনো বিকল্প নাথাকে। এয়া সহজ নহয়। বহুতে খেল এৰি দিয়ে।’ সুনীলৰ ভাষ্য। এই জটিল সময়বোৰত বাৰুকৈয়ে ভাগি পৰিছিল সুনীল। ফুটবল এৰিম বুলি চিন্তা কৰিও অৱশ্যে এৰা নাছিল। এই কঠিন সময়ত সহায়ৰ বাবে সুনীলে মাতি পঠিয়াইছিল তেওঁৰ সামৰিক বাহিনীত কৰ্মৰত পিতৃক।

উল্লেখ্য যে ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীৰ পিতৃয়ে বেটেলিয়ান দলৰ হৈ ফুটবল খেলাৰ উপৰিও মাতৃয়ে নেপালৰ জাতীয় ফুটবল দলৰ হৈ ফুটবল খেলিছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments