Wednesday, September 28, 2022
HomeNewsত্যাগ, সমৰ্পন আৰু অসাধ্য সাধনৰ স্বীকৃতি ক্ৰীড়া সন্মান : ৬ গৰাকী খেলুৱৈৰ...

ত্যাগ, সমৰ্পন আৰু অসাধ্য সাধনৰ স্বীকৃতি ক্ৰীড়া সন্মান : ৬ গৰাকী খেলুৱৈৰ কাহিনীয়ে ক’ব বহু কথা

✍️ তুষাৰ প্ৰতীম

২৯ আগষ্টত দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব ২০২০ বৰ্ষৰ বিভিন্ন ক্ৰীড়া সন্মান। ক্ৰীড়া সন্মান বাচনি কমিটিৰ দ্বাৰা প্ৰেৰণ কৰা তালিকাৰ ওপৰত ভিত্তি কৰি ক্ৰীড়া মন্ত্ৰালয়ে চূড়ান্ত কৰিলে ক্ৰীড়া সন্মান প্ৰাপ্ত খেলুৱৈসকলৰ নাম।

এগৰাকী খেলুৱৈৰ বাবে সন্মান বা স্বীকৃতি কিমান গুৰুত্বপূৰ্ণ সেয়া এগৰাকী খেলুৱৈৰ বাদে হয়তো আন কোনেও বুজি নাপাব। আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশক প্ৰতিনিধিত্ব কৰি এটা পদক দেশৰ বাবে কঢ়িয়াই আনিবলৈ অসাধ্য সাধন কৰিবলৈও প্ৰস্তুত থাকে এইসকল খেলুৱৈ। আন কাৰোবাৰ বাবে আকৌ খেলেই জীৱন বা জীয়াই থকাৰ কাৰক হৈ পৰে।

চলিত বৰ্ষত ক্ৰীড়া সন্মান লাভ কৰা ৬ গৰাকী খেলুৱৈ আৰু প্ৰশিক্ষকৰ জীৱনত সন্মুখীন হোৱা সংঘৰ্ষৰ কাহিনীয়ে সকলোকে আচৰিত কৰিছে‌। কোনোবাই যদি চেৰিটিৰ জৰিয়তে ধন সংগ্ৰহ কৰি অলিম্পিকত অংশগ্ৰহণ কৰিছে আন কোনোবা প্ৰশিক্ষকে আকৌ নিজৰ টকাৰে খেলুৱৈক স্পনচৰ কৰি খেলিবলৈ পঠিয়াইছে।

শিৱ কেশভন : ১৯৯৮ চনৰ শীতকালীন অলিম্পিকত ১৬ বছৰ বয়সত অংশগ্ৰহণ কৰি শিৱ হৈ পৰিছিল সেই অলিম্পিকত অংশগ্ৰহণ কৰা আটাইতকৈ কনিষ্ঠ খেলে। ২০১১ চনত তেওঁ ভাৰতৰ বাবে প্ৰথমবাৰৰ বাবে luge গ’ল্ড মেডেল অৰ্জন কৰে। এই পদক তেওঁ এগৰাকী জাপানী খেলুৱৈৰ পৰা ভাড়ালৈ লোৱা শ্লেজেৰে অৰ্জন কৰিছিল।কাৰণ তেওঁৰ নিজা শ্লেজ ইমান উন্নত নাছিল যিমান উন্নত হ’লে প্ৰতিযোগিতাৰ সহায়ক হয়।

এইগৰাকী খেলুৱৈয়ে চেৰিটি সংগ্ৰহ কৰি আগুৱাই গৈ থাকিল। ২০১৪ চনৰ অলিম্পিকো চেৰিটি সংগ্ৰহ কৰিয়েই খেলিছিল। বিগত২২ বছৰ ধৰি এই খেল বিধত তেওঁৱেই একমাত্ৰ খেলুৱৈ যিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। সুদীৰ্ঘ ২২ বছৰৰ মূৰত ৰাষ্ট্ৰপতিৰ দ্বাৰা অৰ্জুন সন্মানেৰে সন্মানিত হ’ব শিৱ কেশভন।

বিজয় ভাইচন্দ্ৰা মুনিশ্বৰ : ১৯৯৫ চনৰ পৰা মুনিশ্বৰে পাৱাৰ লিফ্টিংৰ প্ৰশিক্ষণ দি আহিছে। ইয়াৰ উপৰিও তেওঁ নিজা খৰছত খেলুৱৈক বিভিন্ন টুৰ্ণামেণ্টত অংশগ্ৰহণৰ বাবে পঠিয়াই আহিছে। ইতিমধ্যে ৯ বাৰকৈ পেৰা অলিম্পিক কমিটি অফ ইণ্ডিয়াই বিজয় ভাইচন্দ্ৰা মুনিশ্বৰৰ নাম বঁটাৰ বাবে পঠিয়াই যদিও প্ৰতিবাৰেই তেওঁক সন্মান প্ৰাপ্তিৰ পৰা বঞ্চিত কৰা হৈছিল। ইয়াৰ উপৰিও এইগৰাকী প্ৰশিক্ষকৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি দেশৰ বাবে পদক অৰ্জন কৰা খেলুৱৈয়েও দুবাৰকৈ তেওঁক সন্মান প্ৰদানৰ দাবী উত্থাপন কৰিছিল‌‌। অৱশেষত এইবাৰ বিজয় ভাইচন্দ্ৰা মুনিশ্বৰক দ্ৰোণাচাৰ্য সন্মানৰ বাবে নিৰ্বাচিত কৰা হ’ল‌।

এইগৰাকী প্ৰশিক্ষকে নিজেই নিজৰ খেলুৱৈৰ বাবে স্পনচৰ বিচাৰি ঘূৰি কেতিয়াবা যদি সফল হৈছে কেতিয়াবা বিফল হৈছে। কেতিয়াবা নিজৰ মাকে দেউতাকৰ পেঞ্চনৰ ধনেৰেই খেলুৱৈৰ স্পনচৰ কৰিছে। এনেদৰেই বিজয় ভাইচন্দ্ৰা মুনিশ্বৰে বহু খেলুৱৈক সফল ক্ৰীড়াবিদক ৰূপে গঢ়ি তুলিছে।

সতেন্দ্ৰ সিং : এইগৰাকী খেলুৱৈ শৈশৱৰে পৰা চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ আহিছে। ফলত দুয়োখন ভৰিয়েই নিস্কৃয় হৈ পৰে। নিস্কৃয় দুখন ভৰিৰেই ইতিমধ্যে সতেন্দ্ৰ‌ই ইংলিছ চেনেল আৰু কেটলিনা চেনেল সাঁতোৰি পাৰ হৈছে। ২০০৭চনত কলেজত অধ্যয়ন কৰি থকাৰ সময়তে সাঁতোৰিবলৈ শিকা সতেন্দ্ৰ‌ই নিজৰ খৰছ নিজেই উলিয়াবলৈ ফটোকপিৰ দোকানত কাম কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত ক্ৰমে দেউতাকৰ লগত হাজিৰা, চেলচ মেন, আৰু শিক্ষকতাৰ দৰে বিভিন্ন কাম কৰে। বৰ্তমান ডিপাৰ্টমেণ্ট অফ কমাৰ্চত কাৰ্মৰত সতেন্দ্ৰ‌ই সুদীৰ্ঘ ১৩ বছৰৰ কষ্টৰ বলত লাভ কৰিব অৰ্জুন সন্মান।

লখা সিং : বক্সিং প্ৰশিক্ষক লখা সিং পা‍ঁচ বাৰৰ নেচনেল চেম্পিয়ন। ১৯৯৮ চনত আমেৰিকাৰ ৱ’ৰ্ল্ড মেলিটেৰি বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে যায় আৰু তাতেই থাকি যাবলগীয়া হয়। তেওঁ প্ৰ’বক্সিংত নিজৰ কেৰিয়াৰ গঢ়িবলৈ চেষ্টা কৰিছিল। কিন্তু আমেৰিকাৰ আৰ্মিয়ে তেওঁক পলৰিয়া ঘোষণা কৰে। ইয়াৰ পিছত লখাই কেতিয়াবা গেছ ষ্টেচনত, কেতিয়াবা ৰেষ্টুৰেণ্টত, কেতিয়াবা নিৰ্মাণ প্ৰতিষ্ঠানত কাম কৰি ৮বছৰৰ মূৰত ভাৰতলৈ ঘূৰি আহে। ইয়াৰ পিছত আৰম্ভ কৰে টেক্সি চলাবলৈ। ২০১৭চনত তেওঁক তেওঁৰ পূৰ্বৰ প্ৰশিক্ষক গৰাকীয়ে চাকৰি প্ৰদান কৰে আৰু তেওঁ বক্সিং প্ৰশিক্ষণৰ কামত নিজকে নিয়োগ কৰে। এইগৰাকী প্ৰশিক্ষকক প্ৰদান কৰা।হ’ব ধ্যানচান্দ সন্মান।

শূয়জ যাদৱ : এইগৰাকী পেৰা সাঁতোৰবিদে ২০০৪ নিজৰ ভাতৃৰ বিয়াত দেহত বিদ্যুৎ লগাৰ ফলত নিজৰ হাত দুখন হেৰুৱাই। ইয়াৰ তিনি বছৰ পিছত ২০০৭ চনত পৰিয়ালৰ সহিতে এটা মন্দিৰলৈ গৈ পুখুৰীত ককায়েক আৰু দেউতাকক সাঁতোৰা দেখি নিজেও সাঁতোৰিবলৈ আৰম্ভ কৰে। তেওঁৰ সাঁতোৰৰ গতি দেখি দেউতাকে আত্ম বিশ্বাস বৃদ্ধি কৰালে। ইয়াৰ পিছতে ২০০৯চনত শূয়জে প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰে। ২০১৬ চনত এওঁ ৰিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিছিল আৰু বৰ্তমান টকিঅ’ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই আছে।

এইগৰাকী খেলুৱৈক এইবাৰ অৰ্জুন বঁটাৰে সন্মানিত কৰা হ’ব।

সত্য প্ৰকাশ তিৱাৰি : এগৰাকী ক্ৰিকেটাৰ হিচাপে প্ৰথমে পৰিচিত হৈ পৰা সত্য প্ৰকাশ তিৱাৰিয়ে ১৯৮১ চনত এক ৰেল দুৰ্ঘটনাত নিজৰ দুয়োখন ভৰি হেৰুৱাই। ইয়াৰ পিছতে তেওঁৰ চুবুৰীয়া এগৰাকী পেৰা সাঁতোৰবিদৰ পৰামৰ্শ মতে নিজকে এগৰাকী পেৰা এথলিটহিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে। বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। কিন্তু ইয়াত তেওঁ বিফল হয়। কেতিয়াও হাৰ মানিবলৈ নিবিচৰা সত্য প্ৰকাশে ইয়াৰ পিছত ২০০২ চনত বেডমিণ্টন খেলিবলৈ আৰম্ভ কৰে। বিশ্ব কাপ আৰু এছিয়ান চেম্পিয়নশ্বিপত তেওঁ এটা স্বৰ্ণ, দুটা ৰূপ, চাৰিটা ব্ৰঞ্জৰ পদক দখল কৰে। ইয়াৰ পিছত ২০১৩ ত নিজে বেডমিণ্টন খেলাৰ পৰা বিদায় লৈ আন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আৰম্ভ কৰে। এইগৰাকী সত্য প্ৰকাশ তিৱাৰিক এইবাৰ ধ্যানচান্দ বঁটা প্ৰদান কৰা হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 − one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments