Wednesday, October 5, 2022
HomeNewsআন্তঃক্লাব ক্ৰিকেটত বাড , ফেইৰীলেণ্ডৰ জয়

আন্তঃক্লাব ক্ৰিকেটত বাড , ফেইৰীলেণ্ডৰ জয়

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটী নেহৰু ষ্টেডিয়ামত মংগলবাৰৰ পৰা আৰম্ভ হৈছে ষষ্ঠ বাৰ্ষিক সদৌ অসম গোলাপ , আৰতি হাজৰিকা আৰু শৰৎ কলিতা সোঁৱৰণী আন্তঃক্লাব সীমিত অভাৰ ক্ৰিকেট টুৰ্ণামেণ্ট । বুধবাৰৰ প্ৰথম মেচত বাড ক্ৰিকেট ক্লাবে ১৬ ৰাণত পৰাস্ত কৰে মহাৰাণা এথলেটিক ক্লাবক। বাডে প্ৰথমে বেট ধৰি ১৯.৫ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১২৭ ৰাণ । দলৰ নিপন ডেকাই ৩৬, কৌশিক গিৰিয়ে ২৬ আৰু ৰঞ্জন ৰামচিয়াৰীয়ে ২৩ ৰাণ কৰে । বলিঙত প্ৰতিপক্ষৰ অনুৰাগ ফুকনে ৩ টা, অম্লানজ্যোতি দাস আৰু কৃষ্ণ দাস উভয়ে দুটাকৈ উইকেট দখল কৰে । প্ৰত্যুত্তৰত মহাৰাণাই ১৯ অভাৰত ১১১ ৰাণতে ইনিংছ সামৰে । দলৰ অনুৰাগ তালুকদাৰে ৪৫ আৰু অমন সিঙে ২৩ ৰাণৰ বৰঙণি যোগায় । বলিঙত বিজয়ী দলৰ পুষ্পৰাজ শৰ্মা আৰু মুখতাৰ হুছেইনে ৩ টা উইকেট পায় । মেন অৱ দ্য মেচৰ ট্ৰফী লাভ কৰে নিপন ডেকাই । ইফালে দ্বিতীয় মেচত ফেইৰীলেণ্ড ক্ৰিকেট একাডেমীয়ে ৫ ৰাণত পৰাস্ত কৰে ৱাৰিয়ৰ্ছ ক্লাবক। ফেইৰীলেণ্ডে মনোজ বৰ্মনৰ ৬১আৰু ৰোচনৰ ২৭ ৰাণৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৩ উইকেটত সংগ্ৰহ কৰে ১৫১ ৰাণ । প্ৰত্যুত্তৰত ৱাৰিয়াৰ্ছ দলে সীমান্ত বৰ্মনৰ অপৰাজিত ৩২ ,চিৰঞ্জীত সিনহাৰ ২৯ ,অৰ্ণব বৰাৰ ২৫ ৰাণ সত্ত্বেও নিৰ্ধাৰিত অভাৰত ৭ টা উইকেট হেৰুৱাই ১৪৬ ৰাণ কৰি পৰাস্ত হয় । বিজয়ী দলৰ মনোজ বৰ্মনে লাভ কৰে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা । আনহাতে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়াই পুৱা প্ৰতিযোগিতা থলীলৈ গৈ ক্ৰিকেটাৰসকলৰ সৈতে মত বিনিময় কৰে । তেওঁক সম্বৰ্ধনা জনায় আয়োজক গুৱাহাটী চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ সম্পাদক তথা মুখ্য প্ৰশিক্ষক গৌতম হাজৰিকাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments