অলিম্পিয়া প্ৰতিবেদন
দেওবাৰৰ পৰা ধুবুৰীত আৰম্ভ হৈছে ১৫ বৰ্ষৰ অনুর্ধ আন্তঃক্লাব ক্ৰিকেট প্ৰতিযোগিতা। ধুবুৰী জিলা সন্থাৰ উদ্যোগত বি এন কলেজ খেলপথাৰত আয়োজিত প্ৰতিযোগিতাখনৰ শুভ উদ্ধোধন কৰে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।

ধুবুৰী টাউন ক্লাবৰ সভাপতি দেৱৰাম সান্যাল, ধুবুৰী জিলা ক্ৰীড়া সন্থাৰ সম্পাদক বিশ্বনাথ সাহা আদি উপস্থিত থকা উক্ত অনুষ্ঠানত উপস্থিত থাকি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কয় যে এই প্ৰতিযোগিতাৰ আয়োজনে জিলাখনৰ ক্ৰীড়াক্ষেত্ৰক পুনৰুজ্জীৱিত কৰি তুলিব। ধুবুৰী জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত জিলাখনৰ ৯ টাকৈ ক্লাবে অংশ ল’বলগীয়া প্ৰতিযোগিতাখন ১০ জানুৱাৰীলৈ চলিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।