অলিম্পিয়া প্ৰতিবেদন
মাজুলী জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত পোনপ্ৰথমবাৰৰ আয়োজন কৰা হৈছে মাজুলী জিলা আন্তঃক্লাব ক্ৰিকেট লীগ। আজিৰে পৰা গড়মূৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনত মুঠ ১৩ টা দলে অংশ গ্ৰহণ কৰিছে।
আজি পুৱা ৯ বজাত পতাকা উত্তোলনৰে প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে মাজুলী জিলা ক্ৰিকেট সন্থাৰ সভাপতি শ্ৰীযুত জিতেন্দ্ৰনাথ ডেকাই। প্ৰযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি মাননীয় শ্ৰীযুত ৰমেন দত্তই। মাজুলীত ক্ৰিকেটৰ উত্তৰণত অসম ক্ৰিকেট সন্থাই আগবঢ়োৱা সহযোগিতাৰ বাবে সভাপতি শ্ৰীযুত ৰমেন দত্তক আজিৰ উদ্বোধনী অনুষ্ঠানত মাজুলী জিলা ক্ৰিকেট সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মাজুলীৰ উপায়ুক্ত শ্ৰীযুত বিক্ৰম কৈৰী, বিশিষ্ট সাংবাদিক অনুপম চক্ৰৱৰ্তী, জিলা ক্ৰীড়া বিষয়া বিভাষ পাঠক, মাজুলী জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি শ্ৰীযুত জগত হাজৰিকা, মাজুলী জিলা পৰিষদৰ সভাপতি পাপু হাজৰিকা দত্ত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ সভাপতি শ্ৰীযুত মুনিন্দ্ৰ ভূঞা, TMPK ৰ সভাপতিকে আদি কৰি বিশিষ্ট ব্যক্তিসকল।
উদ্বোধনী খেলত অংশগ্ৰহণ কৰে গড়মূৰ টাউন ক্লাব আৰু পেন্থাৰ ক্লাব, কমলাবাৰীয়ে। গড়মূৰ টাউন ক্লাবে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২৫ অভাৰত ১৬০ ৰাণ কৰে। প্ৰত্যুত্তৰত পেন্থাৰ ক্লাবে সকলো উইকেট হেৰুৱাই ৭১ ৰানহে কৰিবলৈ সক্ষম হয়। খেলখনত গড়মূৰ টাউন ক্লাবে ৮৯ ৰানত জয়লাভ কৰে।