অলিম্পিয়া প্ৰতিবেদন ,বঙাইগাওঁ
চিৰাং জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত চলা ‘সন্তোষ ব্ৰহ্ম সোঁৱৰণী ‘ জিলা আন্তঃক্লাব ক্ৰিকেট লীগত ঢালিগাঁৱৰ খৌৰামদাউ ক্লাবে জয়যাত্ৰা অব্যাহত ৰাখিছে। বেংতলত বুধবাৰে অনুষ্ঠিত লীগৰ এখন খেলত খৌৰামদাউ ক্লাবে স্থানীয় জাংখ্ৰিখাং ক্লাবক ১৪৮ ৰাণৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে । প্ৰথমে বেটিং কৰি খৌৰামদাউ ক্লাবে অংকিত ভাৰতীৰ ৪৩, সুনীল বেৰাৰ ৪১ , দীপ বাহাদুৰ দৰ্জীৰ ৩১ ৰাণৰ সহায়ত ২৩.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৮৯ ৰাণ কৰে। প্ৰত্যুত্তৰত জাংখ্ৰিখাং ক্লাবে ১৬.৩ অভাৰত মাথো ৪১ ৰাণতে ইনিংছ সামৰে । খৌৰামদাউৰ হৈ দীপ ৰাভাই ৩ টা, মৃণাল সৰকাৰে ২টা, দীপ বাহাদুৰ দৰ্জীয়ে এটা, বাপন সৰকাৰে এটা আৰু সুনীল বেৰাই এটা উইকেট লাভ কৰে ।