Friday, September 30, 2022
HomeNewsমঙলদৈত ছিনিয়ৰ আন্তঃজিলা আৰ্চাৰী প্ৰতিযোগিতা আৰম্ভ: বিশাল দাস, বুলি বসুমতাৰী,অঞ্জন বড়ো,ৰুক্মিণী মুছাহাৰীৰ...

মঙলদৈত ছিনিয়ৰ আন্তঃজিলা আৰ্চাৰী প্ৰতিযোগিতা আৰম্ভ: বিশাল দাস, বুলি বসুমতাৰী,অঞ্জন বড়ো,ৰুক্মিণী মুছাহাৰীৰ স্বৰ্ণজয়

✍️ মঙলদৈৰ পৰা আছাদ আলীৰ প্ৰতিবেদন

অসম আৰ্চাৰী সন্থাৰ তত্বাৱধানত তথা দৰং জিলা আৰ্চাৰী সন্থাৰ উদ্যোগত  শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ  মঙলদৈ কলেজ খেলপথাৰত আৰম্ভ হৈছে  ১৭ সংখ্যক আন্তঃজিলা (পুৰুষ-মহিলা) ছিনিয়ৰ আৰ্চাৰী প্ৰতিযোগিতা ৷ পুৱা অসম আৰ্চাৰী সন্থাৰ পতাকা উত্তোলন কৰে  ৰাজ্যিক সভাপতি দনেশ্বৰ গয়াৰীয়ে ৷ আনহাতে জিলা আৰ্চাৰী সন্থাৰ পতাকা উত্তোলন কৰে জিলা আৰ্চাৰী সন্থাৰ সভাপতি সুশান্ত বিশ্ব শৰ্মাই ৷ বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰতাপ বৰদলৈয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত  প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দৰং জিলাৰ উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই । প্ৰথম দিনা সন্ধিয়ালৈ হোৱা খেলৰ ফলাফল অনুসৰি ৫০ মিটাৰ ইণ্ডিয়ান ৰাউণ্ড পুৰুষৰ শাখাত কামৰূপ (মহানগৰ)ৰ বিশাল দাসে ৩১৫ পইন্ট সংগ্ৰহ কৰি স্বৰ্ণপদক অৰ্জন কৰে । দৰঙৰ ৰাজেশ নাৰ্জাৰীয়ে ৩১৩ পইন্টেৰে  ৰূপ আৰু কামৰূপ মহানগৰৰ  দিপুল বড়োয়ে   ৩০৯ পইন্ট  গোটাই ব্ৰঞ্জৰ পদক লাভ কৰে । আনহাতে ৫০ মিটাৰ ইণ্ডিয়ান ৰাউণ্ড মহিলাৰ শাখাত চিৰাং জিলাৰ বুলি বসুমতাৰীয়ে ২৯৪ পইন্টেৰে গল্ড, অসম পুলিচৰ ৰীতা বসুমতাৰীয়ে  ২৮৯ পইন্টেৰে চিলভাৰ আৰু কামৰূপ মহানগৰ জিলাৰ ৰুক্মিণী মুছাহাৰীয়ে  ২৮৯ পইন্টেৰে ব্ৰঞ্জৰ পদক অৰ্জন কৰে । ইণ্ডিয়ান ৰাউণ্ডৰ  ৩০ মিটাৰ দূৰত্বৰ পুৰুষৰ শাখাত  তামুলপুৰৰ অঞ্জন বড়োয়ে ৩২৯ পইন্ট গোটাই স্বৰ্ণপদক,  অসম পুলিচৰ জৌংচৰাং বসুমতাৰীয়ে   ৩২৮ পইন্টেৰে ৰূপৰ পদক আৰু তিনিচুকীয়াৰ দিদৌম বসুমতাৰীয়ে   ৩২৪ পইন্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে । ইপিনে মহিলাৰ শাখাত কামৰূপৰ ৰুক্মিণী মুছাহাৰীয়ে (৩২৯) স্বৰ্ণপদক , চিৰাং জিলাৰ   বিনুমা বসুমতাৰীয়ে  (৩২৪) ৰূপ আৰু অসম পুলিচৰ ৰীতা বসুমতাৰীয়ে  (৩১৭) ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments