Tuesday, October 4, 2022
HomeNewsগুৱাহাটীত ৪৩ সংখ্যক আন্তঃজিলা এথলেটিকছ চেম্পিয়নশ্বিপঃ খোৱাৰ খৰচ খেলুৱৈৰ নিজা

গুৱাহাটীত ৪৩ সংখ্যক আন্তঃজিলা এথলেটিকছ চেম্পিয়নশ্বিপঃ খোৱাৰ খৰচ খেলুৱৈৰ নিজা

অলিম্পিয়া প্ৰতিবেদন

অহা ৮ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ চাৰিদিনীয়াকৈ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৪৩ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা । এই কথা শনিবাৰে সংবাদমেল যোগে জানিবলৈ দিয়ে অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে ।১৪, ১৬, ১৮, আৰু ২০ বছৰ অনূৰ্দ্ধ শাখাৰ ইভেণ্টসমূহ হ’ল ক্ৰমে দৌৰ , হাই জাম্প, লং জাম্প , শ্বটপুট, বল থ্ৰ , ডিছকাছ থ্ৰ, জেভেলিন থ্ৰ , হেমাৰ থ্ৰ, ৰেচ ৱাক, মীডলে ৰীলে , হাৰ্ভলছ , পলভণ্ট আৰু ত্ৰিপল জাম্প । ৰাজ্যৰ ৩৫ খন জিলাৰ প্ৰায় ৯০০ প্ৰতিযোগীৰ অংশগ্ৰহণৰ সম্ভাৱনীয়তাৰ কথা প্ৰকাশ কৰিলে এথলেটিকছ সন্থাৰ সভাপতি জনে ।

সংবাদমেলত সভাপতি গৰাকীয়ে এই কথাও উল্লেখ কৰে যে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিজন খেলুৱৈয়ে পুৱাৰ পৰা গধূলি লৈকে গ্ৰহণ কৰিব লগীয়া খাদ্য সামগ্ৰীৰ খৰচ ব্যক্তিগতভাৱে বহন কৰিব লাগিব

সন্থাই খেলুৱৈসকলক অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ দিয়াৰ ক্ষেত্ৰতো লয় এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । খেলৰ ন্যূনতম অৰ্হতা নথকা খেলুৱৈক প্ৰমাণ পত্ৰ নিদিয়াৰ কথা স্পষ্ট কৰাৰ লগতে বাকী খেলুৱৈসকলক মেইলযোগে প্ৰমাণ পত্ৰ দিয়া হ’ব বুলি ঘোষণা কৰে ।
সংবাদ মেলত উপস্থিত থাকে সন্থাৰ উপসভাপতি কল্যাণ গগৈ , যুটীয়া সম্পাদক নিপন দাসৰ লগতে সন্থাৰ সদস্য বিষ্ণুৰাম নুনিচা ।

ক্ৰীড়া অনুৰাগীয়ে আশা কৰিব — এই প্ৰতিযোগিতাৰ জৰিয়তে গাৱে ভূঞে লুকাই থকা প্ৰতিভাসমূহে এখন উপযুক্ত মঞ্চ পাব । লগতে ইয়াৰ পৰাই বিশ্ব দৰবাৰত অসমৰ খেলুৱৈয়ে অসমৰ নাম উজ্বলাব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 − 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments