Wednesday, October 5, 2022
HomeNewsগুৱাহাটীত আন্তঃজিলা বেডমিণ্টন পূৰ্ণগতিত

গুৱাহাটীত আন্তঃজিলা বেডমিণ্টন পূৰ্ণগতিত

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটীৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত শ্বাটলাৰৰ ভিৰ । পূৰ্ণগতিত আন্তঃজিলা বেডমিণ্টন । মিক্স টীম ইভেন্টত চেম্পিয়ন কামৰূপ জিলা ।

২৯ মাৰ্চৰ পৰা গুৱাহাটীৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত আৰম্ভ হৈছে ৬৯ সংখ্যক আন্তঃজিলা বেডমিণ্টন প্ৰতিযোগিতা । কভিড পৰিস্থিতিৰ বাবে যোৱা দুটা বছৰে অসমত অনুষ্ঠিত হোৱা নাছিল ৰাজ্যিক পৰ্যায়ৰ কোনো বেডমিণ্টন টুৰ্ণামেন্ট । শ্বাটলাৰসকলে পোৱা নাছিল এখন উপযুক্ত মঞ্চ । সেয়েহে, এটা দীঘলীয়া বিৰতিৰ পাছত অসম বেডমিণ্টন সন্থাই আয়োজন কৰিছে এই প্ৰতিযোগিতা । ৰাজ্যৰ ২৩ খন জিলাৰ ৭০০ ৰো অধিক খেলুৱৈয়ে প্ৰদৰ্শন কৰিছে নিজৰ ক্ৰীড়া শৈলী । সকলোৰে চকুত পদক জয়ৰ সপোন । ইতিমধ্যে দলগতভাৱে মিক্সড টীম ইভেন্টত চেম্পিয়নৰ খিতাপ দখল কৰিছে কামৰূপ জিলাই ।বাকী একক প্ৰতিযোগিতাসমূহ বেডমিণ্টন কৰ্টত অব্যাহত আছে পূৰ্ণগতিত । অহা ৩ এপ্ৰিললৈকে চলিব এই সৰ্ববৃহৎ ৰাজ্যিক টুৰ্ণামেন্ট । টুৰ্ণামেন্টখনৰ সন্দৰ্ভত মন্তব্য কৰিলে অসম বেডমিণ্টন সন্থাৰ সম্পাদক তথা নবনিৰ্বাচিত ভাৰতীয় বেডমিন্টন সন্থাৰ যুটীয়া সম্পাদক ওমৰ ৰছিদে ।

উল্লেখযোগ্য যে, ডিফুৰ চি ই এম তুলিৰাম ৰংহাঙৰ আমন্ত্রণ মৰ্মে পৰবৰ্তী আন্তঃজিলা প্ৰতিযোগিতাখন জুন বা জুলাইত অনুষ্ঠিত হ’ব ডিফুত । ৭০ সংখ্যক এই প্ৰতিযোগিতাৰ বাবেও সাজু হৈছে অসম বেডমিন্টন সন্থা ।

আনহাতে, অসম বেডমিণ্টন সন্থাৰ সভাপতিৰ দায়িত্বত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।
বিগত মাহৰ ২৫ মাৰ্চত ভাৰতীয় বেডমিন্টন সন্থাৰ সভাপতি হিচাপে পুনৰ বাৰ নিৰ্বাচিত হ’ল মুখ্যমন্ত্ৰীজন । গতিকে তেওঁৰ তত্বাৱধানত অসমৰ বেডমিণ্টনে এক অনন্য মাত্ৰা লাভ কৰিব বুলি আশাবাদী অসম বেডমিণ্টন সন্থা ।

উল্লেখযোগ্য যে, ২৯ মাৰ্চৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ লগতে বেডমিন্টন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকল ।

ক্ৰীড়া অনুৰাগীৰ আশা — এই আন্তঃজিলা প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হৈ উঠক । এনে ৰাজ্যিক প্ৰতিযোগিতাৰ আঁত ধৰিয়েই বহু দূৰ আগুৱাই যাওক অসমৰ শ্বাটলাৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two + 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments