Sunday, July 3, 2022
HomeNewsআন্তঃজিলা জুনিয়ৰ ফুটবল; বাক্সাৰ হাতত পৰাস্ত গুৱাহাটী

আন্তঃজিলা জুনিয়ৰ ফুটবল; বাক্সাৰ হাতত পৰাস্ত গুৱাহাটী

অলিম্পিয়া প্রতিবেদন

সন্তোষ লহকৰ ট্ৰফী ৫৭ সংখ্যক ১৭ বছৰ অনুৰ্দ্ধ আন্তঃজিলা জুনিয়ৰ ফুটবল টুৰ্ণামেণ্টৰ ‘ই’ গ্রুপৰ ফাইনেলত বাক্সাৰ হাতত পৰাস্ত হয় গুৱাহাটী। আজি অনুষ্ঠিত ফাইনেল খেলখনত আৰম্ভণিৰে পৰা গুৱাহাটীৰ প্ৰভাৱ আছিল সুস্পষ্ট। খেলৰ ৯ মিনিটত দলৰ ফৰৱাৰ্ড অজিত থাপাই দৃষ্টিনন্দন গ’লেৰে গুৱাহাটীক অগ্ৰগতি প্ৰদান কৰে যদিও ৪৭ মিনিটত ঘনক জ্যোতি বড়োই দিয়া গ’লৰ সহায়ত বাক্সাই সমতা স্থাপন কৰে। নিৰ্ধাৰিত সময়ৰ অন্ত পৰাৰ পিছতো খেলখন ১-১ ব্যৱধানত ‘ড্র’ হোৱাত পেনাল্টি শ্বুটআউটৰ সহায়ত ফলাফল নিৰ্ণয় কৰা হয়। পেনাল্টি শ্বুটআউটত বাক্সাই ৪ টা গ’ল কৰাৰ বিপৰীতে গুৱাহাটীয়ে কেৱল ১ টা গ’লহে কৰিবলৈ সক্ষম হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments