অলিম্পিয়া প্ৰতিবেদন
ডিব্ৰুগড়ৰ ব’কেল হাইস্কুল খেলপথাৰত আজিৰে পৰা আন্তঃজিলা নেটবল প্ৰতিযোগিতা আৰু ছিনিয়ৰ নেচনেল নেটবল চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় নেটবল সন্থাৰ উদ্যোগত তথা অসম নেটবল সন্থাৰ সৌজন্যত আয়োজিত প্ৰতিযোগিতাখন ল’ৰা আৰু ছোৱালী উভয়ৰে ছাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ এই তিনিটা শাখাত অনুষ্ঠিত হৈছে। আজি আন্তঃজিলা নেটবলৰ সামৰণি পৰাৰ পিছতে কাইলৈ পুল এ আৰু চিৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ খেলসমূহো অনুষ্ঠিত হ’ব।