Tuesday, October 4, 2022
HomeNewsআন্তঃজিলা ছাব-জুনিয়ৰ ভলীবলৰ ল'ৰা-ছোৱালী উভয়তে চেম্পিয়ন মঙলদৈ

আন্তঃজিলা ছাব-জুনিয়ৰ ভলীবলৰ ল’ৰা-ছোৱালী উভয়তে চেম্পিয়ন মঙলদৈ

অলিম্পিয়া প্ৰতিবেদন, মঙলদৈ

অসম ভলীবল সন্থাৰ তত্বাৱধানত মঙলদৈ ক্ৰীড়া সন্থাৰ আমন্ত্ৰণক্ৰমে হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত ১৮-২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় ৩৩ সংখ্যক সদৌ অসম আন্তঃজিলা ছাব-জুনিয়ৰ ভলীবল প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ ল’ৰা – ছোৱালী উভয় শাখাতে মঙলদৈ জিলা দলে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে । সোমবাৰে নিশা ১২ বজাত সামৰণি পৰা এই প্ৰতিযোগিতাৰ ফাইনেলত ল’ৰাৰ শাখাত মঙলদৈয়ে বজালী জিলা দলক ২৫-১৭, ২৫-১৩ , ২৫-১৬ পইন্টত পৰাস্ত কৰে । ছেমি ফাইনেলত মঙলদৈয়ে গুৱাহাটীক ৩-০ গেমত আৰু বজালীয়ে মৰিগাঁৱক ৩-০ গেমত পৰাস্ত কৰিছিল । আনহাতে ছোৱালীৰ ফাইনেলত মঙলদৈয়ে বিশ্বনাথ চাৰিআলি জিলা দলক ২৫-২০, ২৫-১৭ , ২৫-৮ পইন্টৰ পোনপটীয়া ছেটত পৰাস্ত কৰে । ছেমি ফাইনেলত মঙলদৈয়ে ঢকুৱাখনাক ৩-২ গেমত আৰু বিশ্বনাথ চাৰিআলিয়ে ধেমাজিক ৩-১ গেমত পৰাস্ত কৰিছিল । ফাইনেল খেলত অসম ভলীবল সন্থাৰ সভাপতি তথা দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, সাধাৰণ সম্পাদক প্ৰকাশ বৰা, ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী উপস্থিত থাকে । ফাইনেল খেলৰ অন্তত হোৱা বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি দৰং জিলা পৰিষদৰ সভাপতি  ধীৰেন ডেকা, অসম ভলীবল সন্থাৰ সাধাৰণ সম্পাদক প্ৰকাশ বৰা, হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক চন্দ্ৰ কুমাৰ শৰ্মা আদিয়ে  বঁটাসমূহ বিতৰণ কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments