Friday, August 12, 2022
HomeNewsআন্তঃ জিলা ছাব-জুনিয়ৰ ভলীবল প্ৰতিযোগিতালৈ ৰেফাৰীৰ নাম ঘোষণা

আন্তঃ জিলা ছাব-জুনিয়ৰ ভলীবল প্ৰতিযোগিতালৈ ৰেফাৰীৰ নাম ঘোষণা

✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন

অসম ভলীবল সন্থাৰ তত্বাৱধানত, মঙ্গলদৈ ক্ৰীড়া সন্থাৰ সৌজন্যত, হাজৰিকাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অহা ১৮, ১৯ আৰু ২০ ফেব্ৰুৱাৰীত মঙ্গলদৈ হাজৰিকাপাৰাত অনুষ্ঠিত হ’ব ৩৩ সংখ্যক আন্তঃ জিলা ছাব-জুনিয়ৰ (ল’ৰা-ছোৱালী) ভলীবল প্ৰতিযোগিতা । ইয়াৰ বাবে অসম ভলীবল সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰকাশ বৰাই ৰেফাৰীসকলৰ নাম ঘোষণা কৰিছে । ঘোষণা অনুসৰি ৰেফাৰীসকলৰ নাম হ’ল- মনোজ শৰ্মা (গুৱাহাটী),সঞ্জীৱ শৰ্মা (গুৱাহাটী), জয়ন্ত শৰ্মা (গুৱাহাটী), হেদেয়াৎ খান (ৰঙিয়া), সীতাৰাম ডেকা (ৰঙিয়া), কমল দাস (বৰপেটা), অমৰেন্দ্ৰ চৌধুৰী (বৰপেটা), মানস শৰ্মা (বজালী), সঞ্জয় শৰ্মা (বজালী), হিতেশ দাস (নলবাৰী), বিপুল সাউদ (নলবাৰী), প্ৰণৱ শৰ্মা (নলবাৰী), ভাস্কৰ নাথ (বঙাইগাঁও), দিব্যজ্যোতি বৰা (তেজপুৰ), বিভূতি ভূষণ মজুমদাৰ (তামুলপুৰ), মিলন ডেকা (তামুলপুৰ) নৱদ্বীপ খাখলাৰী (গোৱালপাৰা), ধ্ৰুৱজ্যোতি দাস (কামৰূপ গ্ৰাম্য), ব্ৰজেন বড়ো (ভেৰগাঁও), জগমোহন তালুকদাৰ (নৰ্থ ৱেষ্ট দৰং), বিশ্বজিৎ বড়ো ( ওদালগুৰি )ৰ লগতে মঙ্গলদৈ ক্ৰীড়া সন্থাৰ সমূহ সক্ৰিয় ৰেফাৰীক উপস্থিত থকাৰ বাবে আহ্বান জনোৱা হৈছে । সমূহ ৰেফাৰীকে ১৭ ফেব্ৰুৱাৰীত হাজৰিকাপাৰাত উপস্থিত হ’বলৈ কোৱা হৈছে । ৰেফাৰী ইনছাৰ্জ–ধনজিৎ দাস আৰু নগেন বৈশ্য ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments