Tuesday, October 4, 2022
HomeNewsপ্ৰথম কনকলতা বৰুৱা মহিলা ক্ৰিকেটত বোকাখাত, নগাওঁ, গুৱাহাটীৰ জয়

প্ৰথম কনকলতা বৰুৱা মহিলা ক্ৰিকেটত বোকাখাত, নগাওঁ, গুৱাহাটীৰ জয়

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটীত চলি থকা প্ৰথম কনকলতা বৰুৱা আন্তঃজিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মঙ্গলবাৰে তিনিখন মেচ অনুষ্ঠিত হয় । বৰ্ষাপাৰাত বোকাখাতে হাইলাকান্দিৰ বিৰুদ্ধে ৯ উইকেটত জয়লাভ কৰে ।হাইলাকান্দিয়ে নিতা কুম্বাঙৰ ৩৮ ৰাণ সত্ত্বেও ২৮.৫ অভাৰত সংগ্ৰহ কৰে ৯৮ ৰাণ । বিপক্ষৰ অৰ্পণা কৰ্মকাৰে ৪ টা উইকেট পায় । প্ৰত্যুত্তৰত বোকাখাতে মাত্ৰ ১৩.৩ অভাৰত ১ উইকেটত ১০২ ৰাণ কৰি বিজয়ী হয় । বিজয়ী দলৰ মুস্কান মল্লিকে ৬৬ আৰু পৰিস্মিতা বৰুৱাই ২৪ ৰাণ কৰে ।
জজ ফিল্ডত নগাঁৱে ৫ উইকেটত পৰাস্ত কৰে বিশ্বনাথক । বিশ্বনাথে ৩০ অভাৰত ৪ উইকেটত সংগ্ৰহ কৰে ১৫১ ৰাণ । দলৰ মণিতা ঘাটোৱাৰে ৫১ আৰু যমুনা কোলে ৪৯ ৰাণ কৰে । প্ৰত্যুত্তৰত নগাঁৱে ২১.৪ অভাৰত ৫ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে । দলৰ হীৰামণি শইকীয়াই সৰ্বাধিক ৯০ ৰাণ কৰাৰ বিপৰীতে বিশ্বনাথৰ মণিতা ঘাটোৱাৰে লাভ কৰে ৩ টা উইকেট ।
ইফালে আমিনগাঁৱত গুৱাহাটীয়ে ধেমাজিক পৰাস্ত কৰে ৬ উইকেটত । ধেমাজিয়ে হেমলতা পায়েঙৰ ৬৯ আৰু মাইনা নৰহৰ ৩১ ৰাণৰ সহায়ত ৩০ অভাৰত ৭ উইকেটত সংগ্ৰহ কৰে ১৬৪ ৰাণ। প্ৰত্যুত্তৰত গুৱাহাটীয়ে নিৰ্ধাৰিত ৩০ অভাৰত ৪ টা উইকেট হেৰুৱাই ১৬৮ ৰাণ কৰি বিজয়ী হয় । গুৱাহাটীৰ বৰ্ষাই 65 ৰাণ কৰাৰ লগতে ৩ টা উইকেটো লাভ কৰে । দলৰ শিৱানী বিষ্ণইৰ বেটৰ পৰা আহে ১৯ ৰাণ । ধেমাজিৰ ভাগ্যশ্ৰী বৰ্মন আৰু বি বি ভূঞাই ২ টাকৈ উইকেট দখল কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 + fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments