Wednesday, October 5, 2022
HomeNewsকনকলতা বৰুৱা ট্ৰফী ক্ৰিকেটত ৰেলৱে, কৰিমগঞ্জ, লক্ষিমপুৰৰ অগ্ৰগতি

কনকলতা বৰুৱা ট্ৰফী ক্ৰিকেটত ৰেলৱে, কৰিমগঞ্জ, লক্ষিমপুৰৰ অগ্ৰগতি

অলিম্পিয়া প্ৰতিবেদন

প্ৰথম কনকলতা বৰুৱা আন্তঃজিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ বুধবাৰৰ মেচত এন এফ ৰেলৱে দলে যোৰহাটৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ কৰিছে । বৰ্ষাপাৰাত যোৰহাটে পাহাৰী শইকীয়াৰ ২৬ ৰাণৰ সহায়ত ৩০ অভাৰত ৭৮ ৰাণ কৰে ।প্ৰত্যুত্তৰত ৰেল দলে ১১.৪ অভাৰত মাত্ৰ ২ টা উইকেট হেৰুৱাই বিজয়ী হয় । দলৰ মনিষা দাসে ৩৩ আৰু কল্পনা চাওতালে ২২ ৰাণ কৰে । আমিনগাঁৱত ৰশ্মি দে’ৰ শতৰাণ সত্ত্বেও হোজাই দলে কৰিমগঞ্জৰ বিৰুদ্ধে ২ উইকেটত পৰাস্ত হয় ।হোজাইয়ে প্ৰথমে বেট ধৰি ৩০ অভাৰত ৬ উইকেটত ১৭৩ ৰাণ কৰে । ৰশ্মিৰ বেটৰ পৰা আহে ১০৬ ৰাণ । কিন্তুু কৰিমগঞ্জে ২৯.৪ অভাৰত ৮ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য পূৰণ কৰে । দলৰ দীপিকা পালে কৰে ৫৯ ৰাণ । ইফালে জজ ফিল্ডত লক্ষীমপুৰে ১১ ৰাণত পৰাস্ত কৰে ডিব্ৰুগড়ক । লক্ষীমপুৰে ৩০ অভাৰত ৫ উইকেটত কৰে ১৩৭ ৰাণ । দলৰ ৰুহিনা পেগুৱে ৪৯ আৰু মাইনী পায়েঙে ৩৩ ৰাণৰ বৰঙণি যোগায় ।প্ৰত্যুত্তৰত ডিব্ৰুগড়ে ২৮.২ অভাৰত ১২৬ ৰাণত ইনিংছ সামৰে । দলৰ গায়ত্রী গুৰুঙৰ বেটৰ পৰা আহে ৭০ ৰাণ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eleven + fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments