Friday, September 30, 2022
HomeNewsআন্তঃজিলা মহিলা ক্ৰিকেটত ৰেলৱে, ডিব্ৰুগড়, যোৰহাটৰ বৃহৎ জয়লাভ

আন্তঃজিলা মহিলা ক্ৰিকেটত ৰেলৱে, ডিব্ৰুগড়, যোৰহাটৰ বৃহৎ জয়লাভ

অলিম্পিয়া প্ৰতিবেদন

প্ৰথম কনকলতা বৰুৱা আন্তঃজিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ দেওবাৰে এন এফ ৰেলৱে দলে কৰিমগঞ্জৰ বিৰুদ্ধে ১০ উইকেটত জয়লাভ কৰিছে । আমিনগাৱঁত কৰিমগঞ্জ দলে ৩০ অভাৰত ৯ উইকেটত ৪৬ ৰাণ কৰাৰ বিপৰীতে ৰেল দলে মাত্ৰ ৭.৩ অভাৰতে জয়ৰ মুখ দেখে । আউট নোহোৱাকৈ দেৱশ্ৰী কোঁৱৰ আৰু পাপৰি গগৈ দুয়ো ২৩ ৰাণকৈ অৱদান আগবঢ়ায় । বলিঙত ৰেল দলৰ মণিষা দাসে ৪ টা উইকেট দখল কৰে । বৰ্ষাপাৰাত তেজপুৰৰ বিৰুদ্ধে ১০ উইকেটত জয়লাভ কৰে ডিব্ৰুগড়ে । তেজপুৰে ২৮.২ অভাৰত ৬৪ ৰাণ কৰাৰ বিপৰীতে ডিব্ৰুগড়ে ১০.২ অভাৰত গায়ত্ৰী গুৰুঙৰ ৩৩ ৰাণৰ সহাযত বিজয়ী হয় । বলিঙত ডিব্ৰুগড়ৰ কৰবী ভক্তাই ৪ টা আৰু কেশ হাজৰিকাই ৩ টা উইকেট লাভ কৰে । ইফালে জজ ফিল্ডত যোৰহাটে ৯ উইকেটত পৰাস্ত কৰে মঙলদৈক । মঙলদৈ দলে ২৩.৩ অভাৰত ৫৭ ৰাণ কৰাৰ প্ৰত্যুত্তৰত যোৰহাটে মাত্ৰ ১২ অভাৰত বেদশ্ৰী বৰপাত্ৰ গোহাঁইৰ ২৫ ৰাণৰ সুবাদত ১ টা উইকেট হেৰুৱাই বিজয়ী হয় । মঙলদৈৰ জিণ্টিমণি ২৮ ৰাণ কৰাৰ বিপৰীতে যোৰহাটৰ বলাৰ আদ্ৰিয়ালীনা হাজৰিকাই ৪ টা উইকেট দখল কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments