Wednesday, October 5, 2022
HomeNewsপ্ৰথম কনকলতা বৰুৱা আন্ত:জিলা মহিলা ক্ৰিকেট আৰম্ভ

প্ৰথম কনকলতা বৰুৱা আন্ত:জিলা মহিলা ক্ৰিকেট আৰম্ভ

অলিম্পিয়া প্ৰতিবেদন

অসম ক্ৰিকেট সন্থাৰ তদাৰকত সোমবাৰৰ পৰা গুৱাহাটীৰ তিনিখন খেলপথাৰত আৰম্ভ হৈছে প্ৰথম আন্ত:জিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতা । ইয়াৰে জজ খেলপথাৰত অনুষ্ঠিত মেচত শিলচৰে ধুবুৰীৰ বিৰুদ্ধে ১৮০ ৰাণত জয়লাভ কৰে । শিলচৰে প্ৰথমে বেট ধৰি ২৪ অভাৰত সকলো উইকেট হেৰুৱাই ২২৪ ৰাণ কৰে । দলৰ নিকিতা দেৱে ৪৭ আৰু পাৰবিন চুলতানাই ৪৪ ৰাণৰ বৰঙণি যোগায় । ধুবুৰী দলৰ উৰ্বি ৰয় প্ৰধানে ৬ অভাৰত ২৩ ৰাণৰ বিনিময়ত ৬ টা উইকেট দখল কৰি সকলোকে চমকিত কৰে । প্ৰত্যুত্তৰত ধুবুৰী জিলাই ১৬.১ অভাৰত ৯ উইকেটত মাত্ৰ ৪৪ ৰাণহে কৰে । দলৰ শুক্লা ৰয় আৰু নিতালি গগৈৰ বেটৰ পৰা আহে ১১ ৰাণকৈ । ইফালে আমিনগাঁও ফিল্ডত হাইলাকান্দিয়ে নলবাৰীৰ বিৰুদ্ধে ৮ উইকেটত বিজয়ী হয় । নলবাৰীয়ে জ্ঞানশ্ৰী বৰ্মনৰ ২৫ ৰাণৰ সহায়ত ৩০ অভাৰত ৯ উইকেটত ১০৫ ৰাণ কৰাৎ বিপৰীতে হাইলাকান্দিয়ে ২০.৩ অভাৰত ২ উইকেটত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে । বৰ্ষাপাৰাত অনুষ্ঠিত আন এখন মেচত লখিমপুৰে ১৩৪ ৰাণত হৰুৱায় তেজপুৰ দলক । লখিমপুৰে ৩০ অভাৰত নাইনী পায়েঙৰ সৰ্বাধিক ৭৪ আৰু ৰুহিনা পেগুৰ ২৯ ৰাণৰ সহায়ত ৬ উইকেটত কৰে ২১০ ৰাণ । প্ৰত্যুত্তৰত তেজপুৰে বিংকিমণি শ‌ইকীয়াৰ ২৫ ৰাণ সত্ত্বেও ২৪ অভাৰত ৭৬ ৰাণতে ইনিঙছ সামৰে । বিজয়ী দলৰ প্ৰিয়ংকা কলিতাই লাভ কৰে ৩ টা উইকেট । পুৱা ৯ বজাত জজ খেলপথাৰত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শ‌ইকীয়াকে ধৰি সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − six =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments