Monday, May 16, 2022
HomeNewsআন্তঃসংবাদ মাধ্যম ক্ৰীড়া প্ৰতিযোগিতাৰ বেডমিণ্টনত আছাম ট্ৰিবিউন চেম্পিয়ন

আন্তঃসংবাদ মাধ্যম ক্ৰীড়া প্ৰতিযোগিতাৰ বেডমিণ্টনত আছাম ট্ৰিবিউন চেম্পিয়ন

অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হৈছে অসম ক্ৰীড়া সাংবাদিক সন্থাৰ একাদশ বাৰ্ষিক টপচেম এ এচ জে এ আন্তঃসংবাদ মাধ্যম ক্ৰীড়া সমাৰোহ। চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা ক্ৰীড়া সমাৰোহখনৰ আজিৰ প্ৰথম দিনটোত নেহেৰু ষ্টেডিয়ামস্থিত কনকলতা ইনড’ৰ ষ্টেডিয়ামত বেডমিণ্টন ইভেণ্ট অনুষ্ঠিত হয়।পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই বেডমিণ্টন ইভেণ্ট শুভ উদ্বোধন কৰে অসম বেডমিণ্টন সন্থাৰ সম্পাদক উমৰ ৰছিদ আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া ধ্ৰুৱজ্যোতি অধিকাৰীয়ে।

আজি অনুষ্ঠিত হোৱা বেডমিণ্টন ইভেণ্টৰ পুৰুষ দলগত শাখাত দ্যা আছাম ট্ৰিবিউনে টেলিগ্ৰাফক ২-১ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰে। প্ৰতিযোগিতাখনৰ ফাইনেলৰ প্ৰথমখন ছিংগলছত টেলিগ্ৰাফৰ নয়ন কছাৰীয়ে দ্যা আছাম ট্ৰিবিউনৰ শিৱাশীস ঠাকুৰক ২১-১৮ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয়খন ছিংগলছত দ্য আছাম ট্ৰিবিউনৰ ৰিতুৰাজ বৰঠাকুৰে টেলিগ্ৰাফৰ মেহদী হুছেইনক ২১-১৮ ব্যৱধানত পৰাস্ত কৰে।

ইয়াৰ পিছত নিৰ্ণায়ক ডাবলছ মেচত দ্যা আছাম ট্ৰিবিউনৰ শিৱাশীস ঠাকুৰ আৰু ৰিতুৰাজ বৰঠাকুৰে টেলিগ্ৰাফৰ নয়ন কছাৰী আৰু মেহদী হুছেইনৰ যুটীক ২৬-২৪ ব্যৱধানত পৰাজিত কৰে।

আনহাতে মহিলা শাখাৰ ছিংগলছত দূৰদৰ্শন কেন্দ্ৰৰ ৰাজকুমাৰীয়ে খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। চূড়ান্ত খেলখনত ৰিম্পলে দূৰদৰ্শন কেন্দ্ৰৰে এল অৰুণা চানুক ১১-৩, ১১-৭ ব্যৱধানত পৰাস্ত কৰে।

বেডমিণ্টন প্ৰতিযোগিতাখনৰ পুৰুষ শাখাৰ ছিংগলছৰ চূড়ান্ত খেলখন কালিলৈ অনুষ্ঠিত হ’ব। চূড়ান্ত খেলখনত মুখামুখি হ’ব দ্যা আছাম ট্ৰিবিউনৰ শিৱাশীস ঠাকুৰ আৰু টেলিগ্ৰাফৰ ৰিতুৰাজ বৰঠাকুৰ।

আনহাতে ক্ৰীড়া সমাৰোহখনৰ হৰেন্দ্ৰ নাথ বৰুৱা সোঁৱৰণী আন্তঃসংবাদ মাধ্যম ছেভেন এছাইড ফুটবল টুৰ্ণামেণ্ট কাইলৈ দিনৰ ১ঃ৩০ বজাৰ পৰা নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। উদ্বোটধনী মেচখনত টেলিগ্ৰাফে নিউজ ১৮ ৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments