Monday, October 3, 2022
HomeNewsএকাদশ টপচেম এ এছ জে এ আন্তঃসংবাদ মাধ্যম ক্ৰীড়া সমাৰোহ

একাদশ টপচেম এ এছ জে এ আন্তঃসংবাদ মাধ্যম ক্ৰীড়া সমাৰোহ

https://olympiasports.in/

অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত গুৱাহাটীত চলি থকা টপচেম এ এছ জে এ একাদশ আন্তঃসংবাদ মাধ্যম ক্ৰীড়া সমাৰোহৰ অন্তৰ্গত ২৬ সংখ্যক হৰেন্দ্ৰ নাথ বৰুৱা সোঁৱৰণি আন্তঃসংবাদ মাধ্যম ছেভেন এ ছাইড ফুটবল প্ৰতিযোগিতা আজিৰ পৰা নেহৰু ষ্টেডিয়ামত আৰম্ভ হৈছে।

আঠটা সংবাদ প্ৰতিষ্ঠানৰ দলে যোগদান কৰা প্ৰতিযোগিতাখনৰ বিয়লি অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত ক্ৰীড়া সংগঠক ৰাজীৱ প্ৰকাশ বৰুৱা, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দেৱাশীষ ৰয়, উদ্যোগী ৰাজেন সিং, অসম ফুটবল সন্থাৰ কোষাধক্ষ হীৰেন গগৈ, প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ নাছিৰ গুল খান প্ৰমুখ্যে কেইবাজনো ব্যক্তি উপস্থিত থাকে। নক আউট ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাৰ আজিৰ প্ৰথনখন খেলত প্ৰতিদিন টাইমে দূৰদৰ্শনক ৩-২ গ’লত porasto কৰে। প্ৰতিদিন টাইমৰ হৈ কৃষলয় বৰঠাকুৰে হেটট্ৰিক অৰ্জন কৰে। দ্বিতীয়খন খেলত নিউজ- ১৮ অসমে(নৰ্থ ইষ্ট) দ্য টেলিগ্ৰাফক ৩-১ গ’লত হৰুৱায়। আন এখন খেলত প্ৰাগ নিউজৰ বিৰুদ্ধে দৈনিক জনমভূমিয়ে ৱাক অভাৰ লাভ কৰে।

ইফালে কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত বেডমিণ্টন ইভেণ্টৰ পুৰুষ ছিংগলছত আজি দ্য টেলিগ্ৰাফৰ নয়ন কছাৰীয়ে খিতাপ জয় কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + 20 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments