Monday, October 3, 2022
HomeNewsদেওবাৰৰ পৰা গুৱাহাটীত আন্তঃকাৰ্যালয় ক্ৰিকেট

দেওবাৰৰ পৰা গুৱাহাটীত আন্তঃকাৰ্যালয় ক্ৰিকেট

অলিম্পিয়া প্ৰতিবেদন

অসম ক্ৰিকেট সন্থাই ৩ ৰ পৰা ১০ এপ্ৰিললৈ প্ৰথমবাৰৰ বাবে আন্তঃকাৰ্যালয়/ প্রতিষ্ঠানৰ এক ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰিছে । বিভিন্ন চৰকাৰী বা ৰাজহুৱা খণ্ডৰ কাৰ্যালয় আৰু প্ৰতিষ্ঠানৰ মাজত এই ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । দিনৰ লগতে নৈশলোকত হ’বলগা এই টি-২০ ক্ৰিকেটৰ মুঠ প্ৰাইজমানি হ’ব ১৭.২০ লাখ টকা । গুৱাহাটী টাউন ক্লাব প্ৰেক্ষাগৃহত শনিবাৰৰ সন্ধিয়া ৭ বজাত ট্ৰফীটো উন্মোচন কৰা হ’ব । টুৰ্ণামেণ্টৰ মুঠ ১৮ টা দলক ৪ টা ভাগত ভাগ কৰা হৈছে ।
গ্ৰুপ “এ” ত আছে অ’ এন জি চি, চেণ্ট্ৰেল ৱেৰহাউছিং কৰ্পোৰেচন, বৰোদা বেংক , ৰিজাৰ্ভ বেংক, অসম সচিবালয় ; গ্ৰুপ “বি” ত আছে চি এ জি, এফ চি আই, ষ্টেট বেংক, ৰাজ্যিক বিদ্যুৎ পৰিষদ, বাৰ কাউন্সিল ; গ্ৰুপ “চি” ত আছে এন এফ ৰেলৱে, জনসংযোগ বিভাগ, বি এছ এন এল, এন আৰ চি সঞ্চালকালয়; গ্ৰুপ “ডি” ত আছে প’ষ্টেল , গুৱাহাটী উচ্চ ন্যায়ালয়, অসম পুলিচ আৰু আই অ’ চি এল । দেওবাৰে আমিনগাঁৱত পুৱা ৯ বজাৰ পৰা অ’ এন জি চিয়ে চেণ্ট্ৰেল ৱেৰহাউছিং কৰ্পৰেচনৰ বিৰুদ্ধে আৰু বর্ষাপাৰাত বৰোদা বেংকে ৰিজাৰ্ভ বেংকৰ বিৰুদ্ধে খেলিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments