অলিম্পিয়া প্ৰতিবেদন
অসম ক্ৰিকেট সন্থাই প্ৰখ্যাত আন্ত:ৰাষ্ট্ৰীয় আম্পায়াৰ, আইনজ্ঞ নিলয় দত্তৰ স্মৃতিত প্ৰথমবাৰলৈ আয়োজন কৰিছে আন্ত:বিশ্ববিদ্যালয় টি ২০ ক্ৰিকেট টুৰ্ণামেণ্ট । দেওবাৰে প্ৰথম দিনা তেজপুৰ বিশ্ববিদ্যালয়ে বড়োলেণ্ড বিশ্বিদ্যালয়ৰ বিৰুদ্ধে ১২৫ ৰাণত জয় লাভ কৰে । তেজপুৰ দলৰ হৈ অৰিন্দম পৰাশৰে ৭২ ৰাণ কৰে । যোৰহাটত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ২৮ ৰাণত পৰাস্ত কৰে অসম কৃষি বিশ্ববিদ্যালয়ক । সোমবাৰে তেজপুৰত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে ভট্টদেৱ বিশ্ববিদ্যালয়ে ৬ উইকেটত বিজয়ী হয় । তেজপুৰৰ আনখন মেচত গুৱাহাটী বিশ্ববিদ্যালয়ে ১৩০ ৰাণত পৰাস্ত কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ক । যোৰহাটত কটন বিশ্ববিদ্যালয়ে ৭ উইকেটত পৰাস্ত কৰে অসম কাজিৰঙা বিশ্ববিদ্যালয়ক ।