Friday, September 30, 2022
HomeNewsপ্ৰথম নিলয় দত্ত ট্ৰফী ক্ৰিকেটত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খিতাপ জয়

প্ৰথম নিলয় দত্ত ট্ৰফী ক্ৰিকেটত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খিতাপ জয়

অলিম্পিয়া প্ৰতিবেদন

নিলয় দত্তৰ স্মৃতিত অসম ক্ৰিকেট সন্থাৰ দ্বাৰা আয়োজিত প্ৰথম আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট টুৰ্ণামেণ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয় দলে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে । তেজপুৰ বিশ্ববিদ্যালয় খেলপথাৰত ২০ ফেব্ৰুৱাৰী অৰ্থাৎ দেওবাৰে অনুষ্ঠিত ফাইনেলত ডিব্ৰুগড় দলে বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয় দলক ৪৫ ৰাণত পৰাস্ত কৰে । ডিব্ৰুগড় দলে নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটত কৰে ১৫৫ ৰাণ । দলৰ অখিল কলিতাই ৪৬ আৰু নিহাৰ নৰহে ২৯ ৰাণৰ বৰঙণি যোগায় । প্ৰতিপক্ষৰ হৈ ২ টাকৈ উইকেট লাভ কৰে ৰঞ্জন খাটনিয়াৰ আৰু ভাৰ্গৱ লহকৰে । প্ৰত্যুত্তৰত ভট্টদেৱ বিশ্ববিদ্যালয় দলে ১৯.২ অভাৰত ১১০ ৰাণতে ইনিংছ সামৰে । দলৰ অংকুৰ কলিতা আৰু ভাৰ্গৱ লহকৰ উভয়ে ২০ ৰাণকৈ বৰঙণি আগবঢ়ায় । ডিব্ৰুগড়ৰ ৰাজদ্বীপ সন্দিকৈয়ে ৩ টা আৰু বিশ্বাস কুমাৰ সিঙে ২ টা উইকেট দখল কৰে । অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ ৰূপক জেনাই টুৰ্ণামেণ্টৰ মেন অৱ দ্য ছিৰিজ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গুঞ্জনজ্যোতি ডেকাই ফাইনেলৰ মেন অৱ দ্য মেচৰ ট্ৰফী লাভ কৰে । সামৰণিত বটাসমূহ বিতৰণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিনোদ কুমাৰ জৈন, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, প্ৰয়াত নিলয় দত্তৰ সহধৰ্মিনী ড০ বিজু দত্ত চৌধুৰী, কন্যা অৱন্তী, জ্যেষ্ঠ ভাতৃ মলয় দত্তকে ধৰি বহু বিশিষ্ট লোকে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen − twelve =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments