Tuesday, October 4, 2022
HomeNewsএকনায়কত্ববাদী হিটলাৰৰ প্ৰস্তাৱ, এডাল চুম্বকীয় হকী ষ্টিক আৰু ধ্যানচান্দ!!

একনায়কত্ববাদী হিটলাৰৰ প্ৰস্তাৱ, এডাল চুম্বকীয় হকী ষ্টিক আৰু ধ্যানচান্দ!!

অলিম্পিয়া বিশেষ লেখা

১৯৩৬ চনৰ বাৰ্লিন অলিম্পিকৰ কথা। নাজী শাসকৰ অধীনত থকা সেই সময়ৰ জাৰ্মানীত হকীৰ যাদু দেখুৱাবলৈ ভাৰতীয় দলটো উপস্থিত হৈছিলগৈ বাৰ্লিন। অলিম্পিকত ইতিমধ্যে ভাৰতে হকীত দুবাৰকৈ স্বৰ্ণ দখল কৰি প্ৰৱল আত্মবিশ্বাসী। হকীত ভাৰতৰ আছিল একছত্ৰী দখল। সেই কথা সমগ্ৰ বিশ্বই জানিছিল। হকীত ভাৰতৰ এনে প্ৰভুত্বৰ মূলতে আছিল চমৎকাৰী প্ৰতিভাৰ অধিকাৰী ধ্যান চান্দ। ধ্যান চান্দৰ অদ্ভুত ক্ৰীড়া প্ৰতিভাৰ কথা সেই সময়ত সমগ্ৰ বিশ্বই জানিছিল। ধ্যান চান্দৰ বলেৰে বলীয়ান হৈ সেইবাৰো জয়ৰ বাবে উন্মুখ হৈ আছিল ভাৰতীয় হকী দল। ফাইনেলত ভাৰত মুখামুখি হৈছিল ঘৰুৱা দল জাৰ্মানীৰ। ঘৰুৱা দৰ্শকৰ বিপুল হৰ্ষধ্বনিৰ মাজতো কিন্তু সেইদিনা ভাৰতৰ হাতত জাৰ্মানী শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল। ব্যৱধান আছিল ৮-১। ধ্যান চান্দে অকলেই চাৰিটাকৈ গ’ল দি জাৰ্মানীক বেকফুটলৈ ঠেলি দিছিল ।ধ্যান চান্দৰ খেল প্ৰত্যক্ষ কৰি বহুতে সেই সময়ত ধ্যান চান্দে ব্যৱহাৰ কৰা হকী ষ্টিকডাললৈ সন্দেহৰ আঙুলি টোঁৱাইছিল। বহুতে ভাবিছিল হকী ষ্টিকডালত চুম্বকীয় কিবা পদাৰ্থ লগোৱা হৈছিল। তেওঁক হকী ষ্টিকডাল ব্যৱহাৰ নকৰিবলৈও কোনোৱে সকীয়াই দিছিল। প্ৰতিপক্ষই বিচুৰ্তি খাইছিল তেওঁৰ দমনীয় প্ৰদৰ্শন দেখি। তেওঁৰ প্ৰদৰ্শনে আনকি দৃষ্টি আকর্ষণ কৰিছিল প্ৰৱল প্ৰতাপী একনায়কত্ববাদী শাসক হিটলাৰৰো। হিটলাৰে ধ্যান চান্দলৈ জাৰ্মানীৰ নাগৰিকত্বৰ প্ৰস্তাৱ আগবঢ়াইছিল। লগতে আগবঢ়াইছিল জাৰ্মান সেনাৰ ক’লনেল পদবীও। কিন্তু ধ্যান চান্দে হাঁহিমুখে সেই প্ৰস্তাৱ নাকচ কৰিছিল।

মহান ধ্যানচান্দৰ ক্ৰীড়া প্ৰতিভাৰ পৰিব্যাপ্তি বিশ্বযুৰি আছিল। এবাৰ তেওঁ মুখামুখি হৈছিল ক্ৰিকেটৰ কিম্বদন্তী পুৰুষ ডন ব্ৰেডমেনৰ সৈতে। ধ্যান চান্দৰ খেল দেখি পিছত ব্ৰেডমেনে কৈছিল যে ধ্যান চান্দে ক্ৰিকেটত ৰান কৰাৰ দৰে হকীত গ’ল কৰে।

এইগৰাকী হকীৰ যাদুকৰৰ কান্ধতে হাত থৈ ভাৰতে ১৯২৮,১৯৩২ আৰু ১৯৩৬ ত তিনিবাৰকৈ অলিম্পিকত স্বৰ্ণ জয় কৰিছিল। ধ্যান চান্দৰ প্ৰকৃত নাম আছিল ধ্যান সিং। জন্ম হৈছিল ১৯০৫ চনৰ ২৯ আগষ্টত এলাহবাদৰ এটা ব্ৰাহ্মণ পৰিয়ালত। তেওঁৰ জন্মৰ পিছতেই তেওঁৰ পৰিয়াল ঝাঞ্চিলৈ গুছি আহিছিল। ধ্যান সিঙে ইয়াতেই জীৱনৰ সৰহ ভাগ সময় কটাইছিল। কেৱল ১৬ বছৰ বয়সতে তেওঁ ভাৰতীয় সেনাত ভৰ্তি হৈছিল।

সেনাত যোগ দিয়াৰ আগলৈকে ধ্যান সিঙে হকী খেলি পোৱাই নাছিল। সৰুতে মল্লযুঁজতহে পাকৈত আছিল তেওঁ। সেনাত যোগ দিয়াৰ পিছতহে তেওঁ হকীৰ অ-আ, ক-খ শিকিছিল চুবেদাৰ মেজৰ তিৱাৰীৰ পৰা। লাহে লাহে হকীক ভাল পাবলৈ আৰম্ভ কৰিছিল। দিনটোৰ অধিক সময়েই হকীক দিছিল।আয়ত্ব কৰিছিল খেলবিধৰ বিভিন্ন কৌশল। চলিছিল বিভিন্ন পৰীক্ষা নিৰীক্ষাও। এনেদৰেই ক্ৰমাৎ পৰিপক্ক হৈ উঠিছিল ধ্যান। সেনাৰ ছাৱনিতে ধ্যান সিং ধ্যান চান্দ হৈছিল।সেয়াও আছিল এক অন্য কাহিনী। ধ্যান সিঙে সদায় ডিউটিৰ অন্তত ৰাতি ৰাতি হকীৰ অনুশীলন কৰিছিল। সেই সময়ত যিহেতু খেল পথাৰত ফ্লাড লাইটৰ ব্যৱস্থা নাছিল, সেয়ে প্ৰতি নিশা জোন ওলোৱালে বাট চাইছিল ধ্যান সিঙে। জোন ওলালে জোনৰ পোহৰতে হকীৰ অনুশীলন চলাইছিল। সেয়ে সহকৰ্মীয়ে তেওঁক উপাধি দিছিল চান্দ অৰ্থাৎ জোন। পিছলৈ ধ্যান সিঙৰ ঠাইত ধ্যান চান্দ নামটোহে জনপ্ৰিয় হৈ থাকিল।

১৯২২ চনৰ পৰা ১৯২৬ চনলৈ ধ্যান চান্দে বিভিন্ন আৰ্মী হকী টুৰ্ণামেণ্টত ভাগ লৈছিল। আৰ্মী হকী দলৰ হৈ সেই সময়ছোৱাতে তেওঁ ভ্ৰমণ কৰিছিল নিউজিলেণ্ড। নিউজিলেণ্ডত ভাগ লোৱা বহুকেইখন খেলত উল্লেখনীয় প্ৰদৰ্শন আগবঢ়াইছিল তেওঁ। তাৰ পৰা উভতি আহিয়েই পদোন্নতি লাভ কৰিছিল চান্দে। চিপাহী গুচি লেন্স নায়ক হৈছিল ধ্যান চান্দ। সেই সময়তেই দেশত গঠন হৈছিল হকী ফেডাৰেচন অৱ ইণ্ডিয়াৰ। হকী ফেডাৰেচন অৱ ইণ্ডিয়া গঠন হৈয়েই ১৯২৮ ৰ আমষ্টাৰ্ডাম অলিম্পিকলৈ ভাৰতীয় দল প্ৰেৰণৰ প্ৰস্তুতি আৰম্ভ কৰি দিছিল সংগঠনটোৱে। তাৰ বাবে আয়োজন কৰিছিল ইন্টাৰ প্ৰভিঞ্চিয়েল টুৰ্ণামেণ্ট। সেই টুৰ্ণামেণ্টত ইউনাইটেড প্ৰভিন্সৰ হৈ ভাগ লৈছিল ধ্যান চান্দে। চেণ্টাৰ ফৰৱাৰ্ড ধ্যান চান্দ আৰু ইনচাইড ৰাইটত মাৰ্থিনৰ যুটিয়ে সেই টুৰ্ণামেণ্টত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। বিশেষকৈ ধ্যান চান্দৰ তীব্ৰ গতি আৰু হকী ষ্টিকৰে খেলপথাৰত গঢ়ি তোলা কাৰুকার্যই সকলোকে মোহিত কৰিছিল। তেওঁলোকৰ খেলে আশা জগাই তুলিছিল সকলোৰে মনত। দেখিছিল সকলোৱে অলিম্পিকৰ সপোনো। আমষ্টাৰ্ডাম অলিম্পিকত ভাগ লৈছিল ভাৰতীয় হকী দলে। সমগ্ৰ প্ৰতিযোগিতাখনত দেখিবলৈ পোৱা গৈছিল ভাৰতীয় দলৰ প্ৰভুত্ব। ফাইনেলত নেদাৰলেণ্ডক হৰুৱাই ভাৰতে হস্তগত কৰিছিল হকীত অলিম্পিকৰ প্ৰথমটো স্বৰ্ণ। ৫ খন মেচত ধ্যান চান্দে ১৪ টাকৈ গ’ল কৰিছিল। একে ঘটনাৰে পুনৰাবৃত্তি ঘটিছিল ১৯৩২ আৰু ১৯৩৬ চনৰ অলিম্পিকতো। দুয়োখনতে স্বৰ্ণ কঢ়িয়াই আনিছিল দলে। ধ্যান চান্দে লৈছিল মুখ্য ভূমিকা। তাৰ মাজতে ধ্যান চান্দৰ পদোন্নতি ঘটি মেজৰ উপাধি লাভ কৰিছিল।

১৯৪৯ চনলৈ নিৰৱছিন্নভাৱে হকী খেলি যোৱা ধ্যান চান্দে অংশ লৈছিল ১৮৫ খন মেচত। মুঠ গ’ল কৰিছিল ৫৭০। ১৯৫৬ চনত তেওঁলৈ আগবঢ়োৱা হৈছিল পদ্ম ভূষণৰ সন্মান। ভাৰতীয় ক্ৰীড়াক্ষেত্ৰত তেওঁৰ প্ৰাসংগিকতাক জীয়াই ৰাখিবলৈ তেওঁৰ জন্মদিনটোক দেশত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাবে পালন কৰা হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments