Wednesday, October 5, 2022
HomeNewsআজি কিৰেন পোলাৰ্ডৰ জন্মদিন: জানো আহক তেওঁৰ জীৱনৰ কিছু নজনা কথা!

আজি কিৰেন পোলাৰ্ডৰ জন্মদিন: জানো আহক তেওঁৰ জীৱনৰ কিছু নজনা কথা!

অলিম্পিয়া বিশেষ প্ৰতিবদেন

আজি ৱেষ্ট ইণ্ডিজৰ মাৰমুখী অলৰাউণ্ডৰ কিৰেন প’লাৰ্ডৰ জন্মদিন। ইণ্ডিয়ান প্ৰিমীয়াৰ লীগৰ মুম্বাই ইন্ডিয়ানছ দলৰ এজন নিৰ্ভৰযোগ্য খেলুৱৈ প’লাৰ্ড ৱেষ্ট ইণ্ডিজৰ সমানে ভাৰততো জনপ্ৰিয়। টি-টুৱেন্টি ক্ৰিকেটৰ বিশেষজ্ঞ খেলুৱৈগৰাকী বেট,বল আৰু ফিল্ডিঙ গোটেইকেইটা ক্ষেত্ৰৰে পাৰদৰ্শী খেলুৱৈ। টি টুৱেন্টি ক্ৰিকেটত বৰ্তমানলৈ ১০ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰা খেলুৱৈগৰাকীয়ে দখল কৰিছে ২৭৯ টাকৈ উইকেটো। আহকচোন এইজন ক্ৰিকেটাৰৰ বিষয়ে কেইটামান আগেয়ে নজনা কথা জানো-

  • কিৰেন প’লাৰ্ডৰ জন্ম হয় ১৯৮৭ চনৰ আজিৰ দিনটোতে ট্ৰিনিদাদ এণ্ড টবেগ’ প্ৰদেশত।
  • লগ বন্ধুৰ মাজত পোলাৰ্ড পলী (Polly) নামে জনপ্ৰিয়।
  • প্ৰায় সকলোবোৰ ৱেষ্ট ইণ্ডিজৰ খেলুৱৈৰ দৰে পোলাৰ্ডো এগৰাকী সু উচ্চ ব্যক্তি। তেওঁৰ উচ্চতা ৬ ফুট ৬ ইঞ্চি।
  • এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা পোলাৰ্ডক দুগৰাকী ভনীয়েকৰ সৈতে অকলশৰীয়া মাতৃয়ে কষ্টেৰে ডাঙৰ দীঘল কৰিছিল।
  • কিৰেন পোলাৰ্ডক টি টুৱেন্টি ক্রিকেটৰ ৰজা আখ্যা দিয়া হয়। এদিনীয়াৰ বিপৰীতে টি টুৱেন্টিত তেওঁৰ প্ৰদৰ্শন চকুত লগা। সমস্ত টি টুৱেন্টি কেৰিয়াৰত পোলাৰ্ডে ১০,০০০ ৰান আৰু ২৭৯ টা উইকেট দখল কৰিছে।
  • পোলাৰ্ডে পাঁচখন দেশৰ পাঁচটা বিভিন্ন দলৰ হৈ টি টুৱেন্টি খেলিছে। বৰবাড’ছ ট্ৰাইডেন্টছ, ঢাকা গ্লেডিয়েটৰ, মুম্বাই ইন্ডিয়ানছ, ছমাৰছেট, ষ্টেণ্ডাৰ্ড ছুপাৰষ্টাৰ্ছ দলকেইটাৰ হৈ তেওঁ অংশ লৈছে।
  • ২০১২ টি টুৱেন্টি বিশ্বকাপৰ বিজয়ী ৱেষ্ট ইণ্ডিজ দলৰ এজন সদস্য আছিল পোলাৰ্ড।
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments