Friday, September 30, 2022
HomeNewsঅনিশ্চয়তা আতৰিল : আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অনিশ্চয়তা আতৰিল : আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বাতিল হ’ব নেকি টকিঅ’ অলিম্পিক? এই প্ৰশ্নই বিশ্ব ক্ৰীড়া জগতত বিগত দিনবোৰত বিশেষ গুৰুত্ব লাভ কৰি আহিছিল।অৱশেষত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাই ল’লে চূড়ান্ত সিদ্ধান্ত।

সমগ্ৰ বিশ্ব জুৰি ক’ৰনা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তেই অলিম্পিক প্ৰতিযোগিতাখনক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল। জাপান চৰকাৰৰ মন্ত্ৰীকে ধৰি বিভিন্ন সংস্থাই প্ৰতিযোগিতাখন পিছুৱাই দিবলৈ জাপান চৰকাৰৰ লগতে অলিম্পিক কমিটিৰ ওচৰত দাবী উত্থাপন কৰিছিল।

অৱশেষত অলিম্পিক কমিটিয়ে এনে জটিল সময়ত লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কালি অলিম্পিক সংস্থাৰ এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে গ্ৰহণ কৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

সিদ্ধান্ত অনুসৰি নিৰ্ধাৰিত সূচী মতেই অনুষ্ঠিত হ’ব অলিম্পিক প্ৰতিযোগিতা।

‘টকিঅ’ অলিম্পিকলৈ এতিয়াও মাজত আছে চাৰি মাহ। ইতিমধ্যে জাপান চৰকাৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। গতিকে এনে অৱস্থাত অলিম্পিকৰ দৰে এখন প্ৰতিযোগিতাক লৈ যিকোনো সিদ্ধান্ত গ্ৰহণ কৰা উচিত নহ’ব।এতিয়াই লোৱা এনে ধাৰণাভিত্তিক সিদ্ধান্তই পৰবৰ্তী সময়ত ক্ষতি কৰিব পাৰে।’ অলিম্পিক কমিটিয়ে এইদৰে কয়।

প্ৰতিযোগিতাখনত ক’ৰনা ভাইৰাছে প্ৰভাৱ পেলাব বুলি বিভিন্ন সংস্থাই দাবী কৰিলেও অলিম্পিক কমিটি প্ৰবল আত্মবিশ্বাসী যে সময়ত এই পৰিস্থিতিৰ পৰিবৰ্তন হ’ব আৰু নিৰ্ধাৰিত সময়মতেই অলিম্পিক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব পাৰিব।

উল্লেখ্য যে মাৰাত্মক ক’ৰনা ভাইৰাছে জাপানতো ত্ৰাসৰ সৃষ্টি কৰিছে।এই ভাইৰাছত জাপানৰ অলিম্পিক কমিটিৰ শীৰ্ষ বিষয়াও আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰিছে। এনে এক পৰিস্থিতিত অলিম্পিক কমিটিয়ে লোৱা এই সিদ্ধান্ত যথেষ্ঠ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments