Wednesday, October 5, 2022
HomeNewsদীঘলী পুখুৰীৰ পৰা কেটলীনা চেনেললৈ ৩৫ বছৰীয়া এক সুদীৰ্ঘ যাত্ৰা : অলিম্পিয়াৰ...

দীঘলী পুখুৰীৰ পৰা কেটলীনা চেনেললৈ ৩৫ বছৰীয়া এক সুদীৰ্ঘ যাত্ৰা : অলিম্পিয়াৰ ফেচবুক লাইভত এলভিচ আলি হাজৰিকা

অলিম্পিয়া বিশেষ

✍️ তুষাৰ প্ৰতিম

‘অসমত প্ৰতিভাৰ অভাৱ নাই। বিভিন্ন প্ৰতিভাৰে অসম ভৰপূৰ। অসমৰ সাঁতোৰৰ ভৱিষ্যত বহু ভাল। অসমত এতিয়া বহু ভাল সাঁতোৰৰ প্ৰশিক্ষক আছে। ৰাজীৱ দে’কে প্ৰমুখ্যে কৰি সকলোৱে খুব ভাল কাম কৰি আছে। অসমৰ বহু ল’ৰা ছোৱালীয়ে দিল্লীত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। সকলোৱে অসমলৈ নাম কঢ়িয়াই আনিব।’ এই মন্তব্য আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদ এলভিচ আলি হাজৰিকাৰ।

অসমৰ একমাত্ৰ ক্ৰীড়া আলোচনী ‘অলিম্পিয়া’ ৰ ডিজিটেল ৰূপ olympiasport.in য়ে লকডাউনৰ সময়ছোৱাত অসমৰ বিভিন্ন খেলুৱৈ, প্ৰশিক্ষকক এক মঞ্চ প্ৰদান কৰিছে, যাৰ জৰিয়তে খেলুৱৈ, প্ৰশিক্ষকে নিজৰ অভিজ্ঞতা অনুৰাগীৰ আগত ব্যক্ত কৰাৰ উপৰিও বিভিন্ন আলোচনাত মিলিত হ’বলৈ সক্ষম হৈছে।

আজি সন্ধিয়া ৭ বজাৰ পৰা olympiasports.in ৰ ফেচবুক লাইভত এলভিচে তেওঁৰ কেৰিয়াৰৰ সফলতা সমূহৰ বিষয়ে অনুৰাগীক অৱগত কৰাৰ উপৰিও ন শিকাৰুৰ প্ৰতি বিভিন্ন কৌশল দাঙি ধৰে। লাইভত এলভিচে অসমৰ সা‍ঁতোৰ সম্পৰ্কতো বহু গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰিছে।

এলভিচে কয় ‘বৰ্তমানৰ অসম চৰকাৰে ক্ৰীড়াৰ বাবে বহু কাম কৰিছে। খেলুৱৈৰ মনত আশাৰ সঞ্চাৰ কৰিছে। আনহাতে অসম সাঁতোৰৰ দায়িত্ব যেতিয়াৰ পৰা ভাস্কৰ দাসে গ্ৰহণ কৰিছে তেতিয়াৰে পৰা অসম সাঁতোৰৰ বহু উন্নতি হৈছে। খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ সময়ত তেওঁলোকৰ লগত সংযুক্ত হৈ মই কাম কৰিছোঁ।’

মাত্ৰ আঢ়ৈ বছৰ বয়সৰ পৰা সাঁতোৰিবলৈ আৰম্ভ কৰা এলভিচে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পৰা কেটলীনা চেনেললৈ কৰা সুদীৰ্ঘ যাত্ৰা কালত বহু সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। যি যাত্ৰা আজিও এলভিচে অব্যাহত ৰাখিছে। মাত্ৰ তিনিবছৰ বয়সতে ৰাষ্ট্ৰীয় পদক লাভ কৰিবলৈ সক্ষম হোৱা এলভিচে প্ৰায় ১০ বছৰ ধৰি একেৰাহে ৰাষ্ট্ৰীয় চেম্পিয়ন হৈ থাকিবলৈ সক্ষম হৈছিল। ফেচবুক লাইভটোত এলভিচে এই প্ৰসংগত কয়, ‘মই দীঘলী পুখুৰীত মিঠু বা হতৰ লগত একেলগে অনুশীলন কৰিছিলোঁ। যেতিয়া আমাৰ প্ৰশিক্ষকে আমাক কোলাত লৈ পানীত জাপ মাৰে তেতিয়া ভয় লাগিছিল। তেতিয়াৰ পৰা প্ৰায় ৩৫ বছৰ কাল সাঁতোৰি আছোঁ। প্ৰায় ১০ বছৰ ধৰি ছাব জুনিয়ৰৰ পৰা জুনিয়ৰ পৰ্যায়লৈকে নেচনেল চেম্পিয়ন হৈ আছিলোঁ। তাৰ মাজত বহু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ। শেহতীয়াকৈ মই চেনেল চুইমিং কৰিবলৈ আৰম্ভ কৰিছোঁ। এই বিষয়ত পদ্মশ্ৰী বোলা চৌধুৰী, মিনাক্ষী পাহোজা আদিৰ পৰা বহু টিপছ আৰু সহায় লৈছিলোঁ। কেটলীনা চেনেল সাঁতোৰাৰ পৰা বহুখিনি সাহস বাঢ়িছে। ইয়াৰ পিছতেই বিশ্বত থকা সাতটা চেনেল সাঁতোৰাৰ ইচ্ছা জন্মিল। এইবছৰ জুলাইত নৰ্থ চেনেল সাঁতোৰাৰ পৰিকল্পনা আছিল। কিন্তু ক’ভিড-১৯ ৰ বাবে অহা বছৰলৈ স্থগিত ৰাখিবলগীয়া হ’ল। অহা বছৰলে যদি মা কামাখ্যাই বিচাৰে আল্লাই বিচাৰে তেনে নিশ্চয় অসমলৈ নাম কঢ়িয়াই আনিব পাৰিম।’

১৯৯৯ চনত ভাৰতীয় জাতীয় দলক প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া ৰূপে বিবেচিত হোৱা এলভিচ আলি হাজৰিকাৰ পিছত বৰ্তমানলৈকে দ্বিতীয়জন অসমীয়াই এই গৌৰৱৰ অধিকাৰী হ’বলৈ আজিও সক্ষম হোৱা নাই। দক্ষিণ এছিয়া ক্ৰীড়া সমাৰোহৰ সেই স্মৃতি সোঁৱৰণ কৰি এলভিচে কয়, ‘১৯৯৫ ত পোন প্ৰথমে চেন্নাইত অনুষ্ঠিত হোৱা ছাফ গেমছত অংশগ্ৰহণ কৰিছিলোঁ। তেতিয়া মই অষ্টম শ্ৰেণীৰ ছাত্র আছিলোঁ। ইয়াৰ পিছত ১৯৯৯ ত নেপালত অনুষ্ঠিত হোৱা ছাফ গেমছত মই দুটা স্বৰ্ণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। সেই ছটা পদক লাভ কৰাৰ পিছত বহুত ভাল লাগিছিল। কেৱল সাঁতোৰতেই নহয়, যেতিয়া সকলো ক্ৰীড়াতে victory ceremony অনুষ্ঠিত হ’লে যেতিয়া ভাৰতীয় পতাকাখন ওপৰত উঠে, ভাৰতীয় জাতীয় সংগীত পৰিবেশন কৰা হয় তেতিয়া গাৰ নোম ঠিয় হৈ যায়, চকুৰ পানী ওলাই যায়।’

১৯৯২ চনত চীনত অনুষ্ঠিত হোৱা এছিয়ান গেমছত অংশগ্ৰহণ কৰি ভাৰতলৈ স্বৰ্ণ পদক কঢ়িয়াই অনা প্ৰথমজন ভাৰতীয় হবলৈ সক্ষম হোৱা এলভিচে সেই স্মৃতি সোঁৱৰণ কৰি আজিও তেওঁ গৌৰৱবোধ কৰে বুলি উল্লেখ কৰি কয় যে, তেওঁৰ কেৰিয়াৰত এনে বহু প্ৰতিযোগিতা আছে যাক তেওঁ শ্ৰেষ্ঠ সাফল্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।

নিজৰ কেৰিয়াৰৰ লগত জড়িত বহু কথাই অনুৰাগীৰ আগত দাঙি ধৰা এলভিচক অনুৰাগীয়ে কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰত কয় যে, তেওঁৰ ৰ’ল মডেল বহু কেইজন আছে। সেইসকলৰ ভিতৰত ভাৰতৰ খজান সিং,Sebastian Xavier , ভাৰতৰ বাহিৰৰ মেত বিয়ন্দি, বিশ্ব চেম্পিয়ন আলেকজেণ্ডাৰ প’পভ আদি। আনহাতে চুইমিং পুল, নদী আৰু সাগৰত সা‍ঁতোৰাত ভিন্ন অভিজ্ঞতাৰ প্ৰসংগত কয় যে, এইসকলোতে সাঁতোৰাৰ অভিজ্ঞতা বহু বেলেগ। চুইমিং পুলত অনুশীলন কৰিছিলোঁ, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। যিসকলে চেনেল চুইমিং কৰে তেওঁলোকে প্ৰতিযোগিতামূলক সাঁতোৰত অংশগ্ৰহণ নকৰে। বহু কম সাঁতোৰবিদে হে প্ৰতিযোগিতামূলক সাঁতোৰৰ
উপৰিও চেনেল চুইমিং কৰে। মিনাক্ষী পাহোজা, মই প্ৰতিযোগিতাৰ পৰা চনেল চুইমিঙলৈ আহিলোঁ। নদীৰ ক্ষেত্ৰত বেলেগ অভিজ্ঞতা। ব্ৰহ্মপুত্ৰৰ পানীত যথেষ্ট কাৰেণ্ট থাকে কিন্তু গংগাৰ পানীত ইমান বেছি কাৰেণ্ট নাথাকে। সাগৰৰ অভিজ্ঞতাও সুকীয়া। কাৰণ যেতিয়া সাগৰত দিনত অনুশীলন কৰা হয় কিন্তু চেনেল চুইমিং আৰম্ভ হয় ৰাতি প্ৰায় ১১ মান বজাত। তাৰ অভিজ্ঞতা বহু ভয়লগা হয়।

ইয়াৰ উপৰিও সাঁতোৰৰ উপৰিও ক্ৰিকেট, বেডমিণ্টন, বাস্কেটবল আদি খেলি ভাল পাওঁ বুলি জনাই এলভিচে অনুৰাগীক জনাই যে, তেওঁ সাঁতোৰৰ বাহিৰে অন্য ক্ৰীড়াৰ ভিতৰত বাস্কেটবল বেছি প্ৰিয়।

মাত্ৰ আঢ়ৈ বছৰ বয়সৰ পৰাই সাঁতোৰিবলৈ আৰম্ভ কৰা এলভিচে আৰম্ভণিৰ পৰাই নিজৰ কেৰিয়াৰত যি সফলতা লাভ কৰিছিল সেইবোৰ অসমৰ কাকত আলোচনীত প্ৰকাশ হৈছিল। শিশু উপযোগী জনপ্ৰিয় আলোচনী মৌচাকৰ পৰা বিভিন্ন কাকতত এলভিচৰ বিষয়ে পঢ়ি থকা বুলি এগৰাকী অনুৰাগীয়ে উল্লেখ কৰাত এলভিচে কয় যে, সেইবোৰে তেওঁক প্ৰেৰণা দিয়া। আজিও তেওঁ সেই মৌচাকৰ পাত লুটিয়াই স্মৃতি ৰোমন্থন কৰে বুলি জানিবলৈ দিয়ে।

অনুৰাগীৰ আন এক প্ৰশ্নৰ উত্তৰত এলভিচে কয় যে, ক্ৰীড়া জগতখনত আগুৱাই যোৱাৰ ক্ষেত্ৰত এলভিচৰ পিতৃ, মাতৃ, পত্নী সন্তানে অনুপ্ৰেৰণা যোগাইছে। এসময়ত পিতৃ-মাতৃয়ে বহু কষ্ট কৰি সাঁতোৰৰ বাবে প্ৰয়োজনীয় কষ্টিউম যোগাৰ ধৰিবলগীয়খ হৈছিল। সস্তীয়া কষ্টিউম পৰিধান কৰিয়েই এলভিচে দক্ষিণ এছিয়া ক্ৰীড়াত স্বৰ্ণ পদক অৰ্জন কৰিছিল। সৃষ্টি কৰিছিল বহু ৰেকৰ্ড, ভংগ কৰিছিল বহু ৰেকৰ্ড। যাৰ বাবে অন্যান্য প্ৰতিযোগিৰ অভিভাৱক আচৰিত হোৱাৰ উপৰিও এলভিচক কি খুৱাই সেয়াও প্ৰশ্ন কৰিছিল বুলি অনুৰাগীক এলভিচে জানিবলৈ দিছে। ইয়াৰ উপৰিও কয়, প্ৰতিখন প্ৰতিযোগিতা আৰু শিবিৰত অংশগ্ৰহণৰ সময়ত পিতৃ-মাতৃয়ে কৰা কষ্টখিনিক মনত পেলাই সেই কষ্টৰ ফল দিবলৈ চেষ্টা অব্যাহত ৰাখিছিলোঁ।

পদকৰ পিছত দৌৰাৰ পৰিবৰ্তে সময়ৰ পিছত সদায় দৌৰিবলৈ চেষ্টা কৰা এলভিচে উদীয়মান সাঁতোৰবিদসকলৰ প্ৰতি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেওঁৰ মতে সকলোৱে লক্ষ্য নিৰ্ধাৰণ কৰি লৈ কেৱল পানীত মনোনিবেশ কৰিব লাগিব। যেতিয়ালৈকে পানীত কষ্ট নহ’ব তেতিয়ালৈকে পদক বা ৰেকৰ্ড সৃষ্টি নহ’ব। একেই পৰামৰ্শ তেওঁ খেল’ ইণ্ডিয়া যুৱ সমাৰোহত চাঞ্চল্য সৃষ্টিকাৰী অসমৰ শিৱাংগী শৰ্মালৈকো আগবঢ়াইছে। তেওঁ শিৱাংগীক সৰুৰে পৰা কাষত পাইছে বুলি উল্লেখ কৰি কয় যে, তেওঁ শিৱাংগীক সৰুতে লগ পাও‍ঁতেই ভাবিছিল যে তেওঁ বহুদূৰ আগুৱাই যাব পাৰিব।

প্ৰায় এঘণ্টাতকৈ অধিক সময়ৰ লাইভটোত এলভিচে তেওঁৰ কেৰিয়াৰ, সফলতা, অনুপ্ৰেৰণা আদিৰ বিষয়ে উল্লেখ কৰাৰ উপৰিও অসম তথা ভাৰতৰ সাঁতোৰৰ পৰিবেশৰ ওপৰতো মন্তব্য কৰিছিল। তেওঁ ভাৰতৰ সাঁতোৰৰ ক্ষেত্ৰত কয় যে, পূৰ্বতকৈ ভাৰতৰ সাঁতোৰৰ প্ৰৱিক্ষণকে ধৰি আন্তঃগাঁথনি বহু উন্নত হ’ল। পূৰ্বে ভাৰতৰ বাহিৰত গৈ যিসকলে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল তেওঁলোকৰ সাঁতোৰৰ ক্ষেত্ৰত বহু উন্নতি হৈছিল। এইক্ষেত্ৰত নিজৰেই এক উদাহৰণ দাঙি ধৰে এলভিচে। আনহাতে অসমত সাঁতোৰৰ আন্তঃগাঁথনি অলিম্পিক পৰ্যায়ৰ বুলি উল্লেখ কৰি এলভিচে কয় যে খুব সোনকালেই তেওঁলোকে অসমত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে।

মনে প্ৰাণে অসমক ভাল পোৱা এলভিচে সকলো সময়তে অসমৰ কথা মনত ৰাখে। যাৰ বাবে তেওঁ ইংলিছ চেনেল, কেটলীনা চেনেল সাঁতোৰাৰ সময়ত লগত অসমীয়া গামোচা লৈ গৈ দাঙি ধৰিছিল। লকডাউনৰ সময়ছোৱাত সকলোকে নিজৰ ঘৰতে আৱদ্ধ থাকিবলৈ অনুৰোধ জনাই এলভিচে কয় যে সকলো ঘৰতেই থাকক আৰু নিজৰ ফিটনেছৰ ওপৰত গুৰুত্ব দিয়ক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments