Tuesday, October 4, 2022
HomeNewsনাৰী দিৱস বিশেষ:অসম ক্ৰীড়াৰ নেতৃত্বত নাৰী

নাৰী দিৱস বিশেষ:অসম ক্ৰীড়াৰ নেতৃত্বত নাৰী

মহিলা সৱলীকৰণৰ ধাৰণাৰ ক্ষেত্ৰত ভাৰতৰ অন্য ৰাজ্যতকৈ অসমৰ দৃশ্যপট কিছু পৃথক। নাৰীৰ সৈতে জড়িত বদ্ধমূল ধাৰণাসমূহ সম্পূৰ্ণৰূপে শেষ হৈ ন’গলেও ৰাজ্যখনৰ নাৰী আজি এক সন্মানজনক স্থিতিত উপনীত হৈছে নিজ গুণৰ বলতেই। অসমৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ চকু দিলে সেই কথা পৰিষ্কাৰ হৈ পৰে। অসমৰ ক্ৰীড়া ক্ষেত্ৰত নাৰীয়ে দপদপাই থকাই নহয় বৰঞ্চ ক্ৰীড়াক্ষেত্ৰখনৰ নেতৃত্বৰ বাগজৰীও আজি নাৰীৰ হাতত। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত অসমৰ প্ৰতিভাৱান ছোৱালীয়ে নিতৌ সুনাম কঢ়িয়াই অনাটো আজি আৰু নতুন কথা হৈ থকা নাই। ২০১৮ বৰ্ষত ফিনলেণ্ডৰ টেম্পাৰেত অনুষ্ঠিত অনুৰ্ধ ২০ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টকাৰী প্ৰদৰ্শনেৰে ৪০০ মিটাৰত স্বৰ্ণ জয় কৰে। হিমাৰ এই প্ৰদৰ্শনে যুগ যুগলৈ উঠি অহা অসমীয়া কিশোৰ-কিশোৰীক অনুপ্ৰাণিত কৰি ৰাখিব। হিমা আজি দেশৰ আগশাৰীৰ ক্ৰীড়া চেলিব্ৰেটি।

ঠিক সেইদৰে ভাৰতীয় বক্সিঙৰ মানচিত্রত সৰহ সংখ্যক তাৰকা বক্সাৰেৰে অসমে দখল কৰি আছে এক সুকীয়া স্থান। বক্সিঙৰ ক্ষেত্ৰত অসমৰ এই বিশ্বমুখী যাত্ৰাৰো নেতৃত্ব প্ৰদান কৰিছে অসমৰ মহিলাই। লাভলীনা বৰগোঁহাই, যমুনা বড়ো, অংকুশিতা বড়ো, ভাগ্যৱতী কছাৰী, ফাইলাও বসুমতাৰী আদিয়ে আজি সৰ্বভাৰতীয় পৰ্যায়ত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এইচাম উদীয়মান বক্সাৰ অসমৰ নতুন প্ৰজন্মটোৰ বাবে এক উৎসাহৰ উৎস হৈ পৰিছে। ইফালে টাইকোৱান্ড’টো অসমৰ ৰ’দালি বৰুৱা, হৰ্ষা সিংহ আদিয়ে আন্তঃৰাষ্ট্ৰীয় পদক বুটলি আনিবলৈ সক্ষম হৈছে। শ্বটপুটত টুনলাই নাৰ্জাৰীৰ প্ৰতিভা আজি দেশজুৰি বিয়পি পৰিছে। ফেনন্সিঙত কবিতা দেৱীয়ে সৌ সিদিনা ছাগ গেমছত স্বৰ্ণ কঢ়িয়াই আনিছে। একেখন প্ৰতিযোগিতাতে অসমৰ তাৰকা শ্বাটলাৰ অস্মিতা চলিহাইও অৰ্জন কৰিছিল স্বৰ্ণ। শেহতীয়াকৈ আন্তৰাষ্ট্ৰীয় বেডমিণ্টন টুৰ্ণামেণ্টএখনত অস্মিতাই ভাৰতীয় দলটোকো নেতৃত্ব দিয়ে। সকলো সঠিক দিশেৰে আগ বাঢ়িলে দেশে আন এগৰাকী পি ভি সিন্ধুক লাভ কৰিব পাৰে অস্মিতাৰ নামতেই।

শেহতীয়াকৈ অসমত অনুষ্ঠিত হ’ল তৃতীয় সংখ্যক খেল’ ইণ্ডিয়া ক্ৰীড়া সমাৰোহ। ক্ৰীড়াক্ষেত্ৰৰ এই মেগা ইভেণ্টখনতো অসমৰ ছোৱালীয়ে বিস্তাৰ কৰিলে আধিপত্য। ১৩ দিনলৈকে চলা প্ৰতিযোগিতাখনৰ প্ৰথম তিনিটা দিনলৈকে অসমে লাভ কৰা সকলো পদকেই দখল কৰিছিল ছোৱালী এথলীটসকলে। প্ৰতিযোগিতাখনত অসমৰ হৈ প্ৰথমটো পদক লাভ কৰা খেলুৱৈগৰাকীও আছিল ছোৱালীয়েই। উপাশা তালুকদাৰে লাভ কৰিছিল জিমনাষ্টিকত সেই পদক। ইয়াৰ জৰিয়তেই অসমে উপাশাৰ নামত লাভ কৰিলে এগৰাকী সম্ভাৱনাময় জিমনাষ্ট।

গোটেই প্ৰতিযোগিতাখনৰ চূড়ান্ত প্ৰাপ্তি বুলি ক’লে নাম ল’ব লাগিব সন্তৰণবিদ শিৱাংগী শৰ্মাৰ। প্ৰতিযোগিতাখনৰ এক অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাবে বিবেচিত হোৱা শিৱাংগীয়ে পাঁচটা স্বৰ্ণসহ অকলেই লাভ কৰে ৭ টাকৈ পদক। উপাশা আৰু শিৱাংগীৰ বাহিৰেও প্ৰতিযোগিতাখনত অসমে বহুকেইগৰাকী প্ৰতিভাৱান কিশোৰী এথলিট লাভ কৰে। তাৰ ভিতৰত পূজা বসুমতাৰী, ধৰিত্ৰী সোণোৱাল, চয়নিকা গগৈ, গায়ত্ৰী বৰদলৈ, অংকুশিতা বড়ো, বৰ্ণালী বৰা, আইকন মিলি, সুমিত্ৰা ব্ৰহ্ম, অনিদিতা কাকতি, জিনু গগৈ, দিতীমনি সোনোৱাল আদি অন্যতম। তাৰোপৰি প্ৰতিযোগিতাখনত অসমৰ মহিলা অনুৰ্ধ ২১ৰ দলেটোৱেও ফাইনেললৈকে আগুৱাই উজ্বল ভৱিষ্যতৰ ইংগিত দি যায়। ইফালে মাষ্টাৰ্ছ গেমছত পখিলা ইংতিপিকে আদি কৰি মহিলা খেলুৱৈসকলে বয়সৰ সিমনা পাহৰিও আগুৱাই গৈছে, নাম কৰিবলৈ সক্ষম হৈছে ক্ৰীড়াৰ বিভিন্ন ইভেণ্টত। এনেদৰেই এতিয়া অসমৰ মহিলা খেলুৱৈসকলে ক্ৰীড়াৰ জৰিয়তে অসমৰ গুণ গৰিমা বোৱাই নিছে দেশে বিদেশে। আজি আন্তৰ্জাতিক নাৰী দিৱসৰ এই পবিত্ৰ দিনটোত অলিম্পিয়াই এই সকল মহিলা ক্ৰীড়াবিদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments