Wednesday, July 6, 2022
HomeNewsসাক্ষাৎকাৰত ৰ’দালি বৰুৱা:ভাৰতৰ টাইকোৱাণ্ডোৰ শীৰ্ষ ৰেংকিঙৰ খেলুৱৈগৰাকীৰ মনৰ কথা

সাক্ষাৎকাৰত ৰ’দালি বৰুৱা:ভাৰতৰ টাইকোৱাণ্ডোৰ শীৰ্ষ ৰেংকিঙৰ খেলুৱৈগৰাকীৰ মনৰ কথা

অলিম্পিয়াৰ বিশেষ সাক্ষাৎকাৰ

সাক্ষাৎগ্ৰহণ: পূৰ্ণানন্দ নেওগ (ইতিপূৰ্বে ‘অলিম্পিয়া’ৰ ২০১৯ৰ এপ্ৰিল মাহত প্ৰকাশিত)

২০১৮ চনত জাকাৰ্টত অনুষ্ঠিত এছিয়ান গেমছ্‌ত অসমৰ পৰা যি ছয়গৰাকী খেলুৱৈয়ে অংশ লোৱাৰ গৌৰৱ অৰ্জন কৰিছিল তাৰ ভিতৰত ৰ’দালি বৰুৱা অন্যতম। এছিয়ান গেমছ্‌ত টাইকোৱাণ্ডোৰ ৬৭ কেজি শাখাত অংশগ্ৰহণ কৰা ৰ’দালীয়ে অৱশ্যে শক্তিশালী এছীয় প্ৰতিপক্ষৰ সমুখত থমকি ৰ’ব লগা হয়। কিন্তু ৰ’দালিৰ যাত্ৰা ইয়াতে থমকি ৰোৱা নাই। ইয়াৰ পাছতো নিৰন্তৰ উত্তৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰ’দালিয়ে।

২০১২ চনত যেতিয়া ৰ’দালিয়ে ছাইত নামভৰ্তি কৰে, খেলুৱৈ হিচাপে পৰিপক্ক নাছিল সেই সময়খিনিত। এক কঠিন সময় পাৰ কৰিব লগা হৈছিল ৰ’দালিয়ে। কোনোৱে ৰ’দালিৰ প্ৰতিপক্ষক কৈছিল হেনো ‘এইৰ দ্বাৰা টাইকোৱাণ্ডো নহ’ব। ঘৰলৈকে পঠিয়াই দিয়ক।’ প্ৰশিক্ষক টমাছ শেঠীয়ে কথাষাৰক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি ৰ’দালিক উপযুক্ত ৰূপত গঢ়ি তোলাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছিল। প্ৰশিক্ষকে দেখুওৱা বিশ্বাসখিনিকেই সম্বলৰূপে লৈ ৰ’দালিয়েও নিজকে সম্পূৰ্ণৰূপে সাজু কৰি তোলাৰ বাবে দিন-ৰাতি একাকাৰ কৰি অনুশীলনত ব্যস্ত হৈ পৰিছিল। এনেদৰেই লাহে-ধীৰে ৰ’দালিৰ টাইকোৱাণ্ডোই পৰিপক্কতা লাভ কৰিলে। সময়ত টাইকোৱাণ্ডোত ভাৰতৰ ১ নং ৰেংকৰ খেলুৱৈ হিচাপে পৰিগণিত হয় ৰ’দালি।

টাইকোৱাণ্ডোৰ ক্ষেত্ৰখনত বিশ্বৰ ভিতৰত এছিয়া মহাদেশৰ দপদপনিয়েই বেছি। এছিয়া মহাদেশতো ৰেংকিংৰ ক্ষেত্ৰত উন্নত স্থানত অৱস্থান কৰিছে ৰ’দালিয়ে। এই লেখা যুগোতোৱাৰ পৰত ৰ’দালি ব্যস্ত আছিল মানচেষ্টাৰত অনুষ্ঠিত হ’বলগীয়া ‘বিশ্ব টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ’ৰ প্ৰস্তুতি পৰ্বত। বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ প্ৰাকমুহূৰ্তত শুভেচ্ছা বাৰ্তাৰ সৈতে আমি কথা হৈছিলো ৰ’দালি বৰুৱাৰ লগত।
ভাৰতৰ ১ নং ৰেংকৰ টাইকোৱাণ্ডো খেলুৱৈগৰাকীৰ বিষয়ে শুনো আহকচোন তেওঁৰ খেলুৱৈ জীৱনৰ বিষয়ে কিছু কথা—


প্র: প্ৰথমেই শুভেচ্ছা জনাইছো আগন্তুক বিশ্ব টাইকোৱাণ্ডো চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হোৱাৰ বাবে । আশা ৰাখিছো প্ৰতিযোগিতাখনত আপুনি আকাংক্ষিত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ’ব।
টাইকোৱাণ্ডো কেতিয়াৰ পৰা খেলিবলৈ ল’লে আপুনি? সাধাৰণতে দেখা যায় ল’ৰা-ছোৱালী গ্লেমাৰাৰ্ছ খেলসমূহ যেনে টেনিছ, বেডমিণ্টন, ক্ৰিকেট আদিৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয়। আপুনি এইক্ষেত্ৰত ব্যতিক্ৰম। টাইকোৱাণ্ডোৰ দৰে এবিধ খেলৰ প্ৰতি আকৰ্ষিত হোৱাৰ কাৰণ কি?
উত্তৰ ঃ আচলতে দুৰ্ঘটনাবশতঃহে মই খেলৰ সৈতে জড়িত হৈ পৰিলো। সৰুৰে পৰা খেলুৱৈ যে হ’ম, তেনে কোনো সপোন নাছিল। প্ৰথম অৱস্থাত ক্লাছ বাংক (bunk) কৰাৰ বাবেহে বন্ধুৰ সৈতে খেলপথাৰত সময় কটাবলৈ গৈছিলো। লগৰবোৰে যিহেতু স্কুলত টাইকোৱাণ্ডোৰেই প্ৰশিক্ষণ লৈছিল, সেয়ে মইও সিহঁতক দেখি টাইকোৱাণ্ডোই খেলিবলৈ ল’লো। বেলেগ খেলৰ কথাই ভবা নহ’ল। এনেদৰেই খেলি খেলি এটা সময়ত চিৰিয়াছ ৰূপত খেলাৰ কথাৰ ভাবিলো। সেই সময়ত সকলোৱে পৰামৰ্শ দিলে ওপৰৰ ওজন শাখাত খেলিবলৈ। সাধাৰণতে ওপৰৰ ওজন শাখাত বৰ বেছি প্ৰতিযোগিতা নাই বুলি কয়।


প্ৰ ঃ টাইকোৱাণ্ডোত আনুষ্ঠানিক প্ৰশিক্ষণ প্ৰথমে কেতিয়া ল’লে? আপোনাৰ প্ৰথমজন প্ৰশিক্ষক কোন আছিল?
উত্তৰ ঃ ২০১১ চনত আন্তঃজিলা টুৰ্ণামেণ্ট এখনত ভাগ লৈছিলো। তেতিয়া মোৰ খেল উপভোগ কৰি ছাইৰ বিষয়া এজনে মোক উন্নত প্ৰশিক্ষণৰ বাবে ছাইত ভৰ্তি হোৱাৰ কথা ক’লে। অৱশ্যে ২০১১ত মেট্ৰিক পৰীক্ষা থকাৰ বাবে ছাইত নামভৰ্তি কৰা নহ’ল। ইয়াৰ পিছৰ বছৰত ছাইত নামভৰ্তি কৰো। ইয়াত মোৰ প্ৰথমজন প্ৰশিক্ষক আছিল দ্বীপেন বৰ্মন ছাৰ। অৱশ্যে ছাইত বৰ্মন ছাৰক বেছিদিন নাপালো। ছাইত জইন কৰা কেইদিনমান পিছত নতুন প্ৰশিক্ষক টমাছ শেঠী ছাৰৰ তত্বাৱধানত প্ৰেকটিচ আৰম্ভ কৰো।


প্ৰ ঃ ক্ৰীড়াক্ষেত্ৰখনত আগুৱাই যোৱাৰ বাটত কাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে?
উত্তৰ ঃ এইক্ষেত্ৰত মোৰ দেউতাই মোক সদায় অনুপ্ৰেৰণা যোগাই আহিছে। ক’ত কেতিয়া কি টুৰ্ণামেণ্ট থাকে তাৰ খবৰ মোতকৈ বেছি দেউতাৰ ওচৰতহে থাকে। দেউতাৰ লগতে মোৰ প্ৰশিক্ষক টমাছ শেঠী ছাৰৰ পৰাও যথেষ্ট সহযোগ লাভ কৰিছো। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি, এবাৰ আঘাতৰ সমস্যাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ টুৰ্ণাণ্টেখনতো মই হাৰিছিলো। তেতিয়া শেঠী ছাৰক কোনোবাই কৈছিল যে “এইৰ দ্বাৰা টাইকোৱাণ্ডো নহ’ব। ইয়াত সময় নষ্ট নকৰি ঘৰলৈকে পঠিয়াই নিদিয়েনো কিয়?” শেঠী ছাৰে এই কথাষাৰ প্ৰত্যাহ্বান হিচাপে ল’লে। মোক যিকোনো প্ৰকাৰে উপযুক্ত ৰূপত গঢ়ি তোলাৰ বাবে ছাৰে যথেষ্ট কষ্ট কৰিছে। ছাৰৰ মোৰ ওপৰত থকা বিশ্বাসে মোক যথেষ্ট উৎসাহিত কৰিছে।


প্ৰ ঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়ালৈ কেনেধৰণৰ প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে?
উত্তৰ ঃ ২০১৬ চনত বেংককত অনুষ্ঠিত হোৱা ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপখন মোৰ জীৱনৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেচনেল টুৰ্ণামেণ্ট। ইয়াৰ পাছতো বহুকেইখন টুৰ্ণামেণ্টত ভাগ লওঁ যদিও মেডেল পাবলৈ সক্ষম হোৱা নাছিলো। ২০১৮ চনত জাকাৰ্টাত অনুষ্ঠিত টুৰ্ণামেণ্টখনত প্ৰথমবাৰৰ বাবে পদক লাভ কৰো। তাৰ পিছত সেই বছৰতেই জৰ্ডানত অনুষ্ঠিত এল হাছান কাপ ইণ্টাৰনেচনেল অপেনত স্বৰ্ণ পদক লাভ কৰো।


প্ৰ ঃ এছিয়ান গেম্‌ছত ভাগ লোৱা ছয়গৰাকীকৈ অসমীয়াৰ ভিতৰত আপুনিও এগৰাকী। এছিয়ান গেম্‌ছত ভাগ লোৱাৰ অনুভৱ কেনেকুৱা আছিল?
উত্তৰ ঃ ইমান এখন ডাঙৰ টুৰ্ণামেণ্টত ভাগলোৱাৰ অনুভৱেই সুকীয়া। মোৰ প্ৰথম প্ৰতিপক্ষ আছিল চাইনিজ টাইপেই। প্ৰতিপক্ষ যদিও সহজ আছিল মোৰ দুটামান ভুলৰ কাৰণে খেলখন হাৰিব লগা হ’ল। এছিয়ান গেম্‌ছৰ অভিজ্ঞতাই ভৱিষ্যতে হয়তো যথেষ্ট সহায় কৰিব।


প্ৰ ঃ এতিয়া আপোনাৰ সমুখত কি কি বৃহৎ টুৰ্ণামেণ্ট আছে?
উত্তৰ ঃ সমুখত বৰ্তমান এই মাহৰে ১৫ তাৰিখৰ পৰা মানচেষ্টাৰত অনুষ্ঠিত হ’ব লগা বিশ্ব টাইকোৱাণ্ডো চেম্পিয়নশ্বিপখন আছে। তাৰ কাৰণে ইতিমধ্যে এটা ১৫ দিনীয়া বিশেষ অনুশীলন কেম্পত অংশ লৈ আহিলো। ইয়াৰ পাছত আছে ৱ’ৰ্ল্ড ইউনিভাৰচিটি গেম্‌ছ। তাৰ পিছত অলিম্পিকৰ আগতে হ’ব লগা এছিয়ান কোৱালিফিকেচনো আছে। ইয়াৰ মাজতে ৰেংকিঙ উন্নত কৰি ৰাখিবলৈ অপেন টুৰ্ণামেণ্টসমূহতো ভাগ লৈ থাকিব লাগিব।


প্ৰ ঃ ২০২০ৰ ট’কিঅ’ অলিম্পিকৰ বাবে কেনেধৰণৰ পৰিকল্পনা আছে? অলিম্পিকলৈ নিৰ্বাচিত হ’বলৈ কেনেদৰে আগবাঢ়িব লাগিব?
উত্তৰ ঃ অলিম্পিকলৈ নিৰ্বাচিত হ’বলৈ হ’লে প্ৰথমে এছিয়ান কোৱালিফিকেচন টুৰ্ণামেণ্টত সোণৰ অথবা ৰূপৰ পদক লাভ কৰিব লাগিব। তেতিয়াহে অলিম্পিকলৈ নিৰ্বাচিত হ’ব পাৰিম। তাৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিব লাগিব। কিয়নো টাইকোৱাণ্ডোৰ ক্ষেত্ৰত এছিয়ান দেশৰ খেলুৱৈসকলেই বেছি প্ৰত্যাহ্বানমূলক হয়। সেইফালৰ পৰা চালে ক’ব লাগিব যে বহুসময়ত অলিম্পিকতকৈ এছিয়ান টুৰ্ণামেণ্টখনহে বেছি কঠিন হয়।


প্ৰ ঃ প্ৰস্তুতি চলোৱাৰ ক্ষেত্ৰত অসম টাইকোৱাণ্ডো সংস্থাৰ পৰা অথবা অসম চৰকাৰৰ পৰা কেনেধৰণৰ সহযোগিতা লাভ কৰিছে?
উত্তৰ ঃ টাইকোৱাণ্ডো সংস্থাত হৈ থকা খেলিমেলিৰ বাবে আৰ্থিকভাৱে তেওঁলোকে ইচ্ছা থাকিও বৰ বেছি সহায় কৰিব পৰা নাই। অৱশ্যে সকলো সময়তে তেওঁলোকে কাষত থিয় দি আহিছে। ‘ছাই’ কৰ্তৃপক্ষৰ পৰা এইক্ষেত্ৰত যথেষ্ট সহায় পাইছো। তেওঁলোকে যিমান পাৰে সিমানখিনি সুবিধা আমাক দিবলৈ যত্ন কৰিছে। তাৰোপৰি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ পৰাও আমি বিভিন্ন সময়ত সহায় সহযোগিতা লাভ কৰি আহিছো


প্ৰ ঃ টাইকোৱাণ্ডোত ভাৰতৰ ১নং ৰেংকিঙৰ খেলুৱৈ হিচাপে অনুভৱ কেনেকুৱা?
উত্তৰ ঃ একেৰাহে যোৱা তিনিটাকৈ বছৰত ৰাষ্ট্ৰীয় খিতাপ দখল কৰাৰ পাছত এই সময়ত যথেষ্ট আত্মবিশ্বাসী। এতিয়া এনেকুৱা এক অনুভৱ হয় যে কিবাকৈ হ’লেও নেচনেলত চেম্পিয়ন হ’মেই।


প্ৰ ঃ খেলাৰ বাহিৰেও আপুনি আজৰি সময় পালে কি কৰি ভাল পায়?
উত্তৰ ঃ আজৰি সময়ত আৰ্ট কৰি ভাল পাওঁ। আগতে শিকিছিলোও। এতিয়া অৱশ্যে সময়ৰ অভাৱত বৰকৈ কৰা নহয়।
শেষত ইমান ব্যস্ততাৰ মাজতো আপোনাৰ কিছুসময় আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালো।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments