Monday, October 3, 2022
HomeNewsদুটা দশকৰ বহু অলিখিত কাহিনী...

দুটা দশকৰ বহু অলিখিত কাহিনী…

অসম অলিম্পিক সন্থা, অসম ক্ৰিকেট সন্থা আদিৰ লগত প্ৰায় দুটাকৈ দশক জড়িত হৈ থকা তেজপুৰৰ ৰূপকমল কাকতি দেৱৰ সৈতে আমাৰ এক সাক্ষাৎকাৰ অলিম্পিয়া ক্ৰীড়া আলোচনীত প্ৰকাশ পাইছিল। তেওঁ কৈছিল কিদৰে অসম অলিম্পিক আৰু অসম ক্ৰিকেট সন্থাক এসময়ত গতি দিবলৈ চেষ্টা কৰিছিল। কিদৰে সংকটৰ মাজেৰে সংস্থা দুটাক আগুৱাই নিছিল। সেই সাক্ষাৎকাৰকে কিছু সম্পাদিত ৰূপত পুনৰ olympiasports.in ৰ পাঠকৰ বাবে দাঙি ধৰা হ’ল।

বিশেষ প্ৰতিবেদন

✍️ তুষাৰ প্ৰতিম

সাংস্কৃতিক নগৰী তেজপুৰ। এই তেজপুৰতে অসমৰ বহু পুৰোধা ব্যক্তিয়ে জন্মগ্ৰহণ কৰাৰ উপৰিও ভাষা-সাহিত্য, কলা-সংস্কৃতিৰ চৰ্চা কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰিছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা আৰম্ভ কৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা আদি বহু পুৰোধা ব্যক্তিৰ উপস্থিতিৰে মহীয়ান তেজপুৰ। এই তেজপুৰত যে কেৱল ভাষা-সাহিত্য, কলা-সংস্কৃতিৰ হে চৰ্চা হয় তেনে নহয়। ক্ৰীড়াৰ ক্ষেত্ৰটো তেজপুৰ বহু আগবঢ়া। তেজপুৰৰ ঐতিহাসিক হজৰাপুখুৰীপাৰৰ খেলপথাৰ, পল’ ফিল্ডকে আদি কৰি দাঁতিকাষৰীয়া অঞ্চলবোৰত ক্ৰীড়াৰ চৰ্চা প্ৰতিদিনে অব্যাহত আছে।

এই তেজপুৰৰ পৰাই বহু কেইজন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ সৃষ্টি হৈছে, তেওঁলোকে অসমৰ লগতে দেশক গৌৰৱান্বিত কৰিছে। বৰ্তমান সময়ত তেজপুৰৰ মাজমজিয়াৰ ৰ’দালি বৰুৱা, তেজপুৰৰ দাঁতিকাষৰীয়া মেঘাইজাৰণি গাঁৱৰ অংকুশিতা বড়ো, বেলশিৰিৰ যমুনা বড়োৱে বিশ্বত অসম তথা দেশৰ ক্ৰীড়াক দাঙি ধৰিছে। ইয়াৰ উপৰি বহু তৰুণ ক্ৰীড়াবিদো বিভিন্ন সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে। শেহতীয়াকৈ চাঞ্চল্য সৃষ্টিকাৰী তেনে এজন উদীয়মান খেলুৱৈ হৈছে মৃত্যুঞ্জয় মহন্ত।

তেজপুৰৰ লগতে অসমৰ ক্ৰীড়া জগতৰ এক পৰিচিত নাম ৰূপকমল কাকতি। অসম অলিম্পিক, অসম ক্ৰিকেট সন্থা, তেজপুৰ ক্ৰীড়া সন্থা আদি বিভিন্ন ক্ৰীড়া সন্থাৰ লগত জড়িত কাকতিদেৱ এগৰাকী সুযোগ্য ক্ৰীড়া সংগঠক। এইগৰাকী ক্ৰীড়া সংগঠকৰ মুখেৰে আমি জানিবলৈ চেষ্টা কৰিছিলোঁ তেজপুৰৰ ক্ৰীড়াৰ পৰিবেশৰ লগতে তেওঁৰ বৰ্ণাঢ্য ক্ৰীড়া জীৱনৰ বিষয়ে। শাৰীৰিক ভাৱে অসুস্থ হৈ থকা ৰূপকমল কাকতি দেৱে আমাৰ আগত অসুস্থতাৰ মাজতেই কৈ গ’ল ক্ৰীড়া জগতৰ বহু লিখিত-অলিখিত কথা।

তেজপুৰৰ ক্ৰীড়াৰ পৰিবেশ খুব ভাল। মাজতে অৱশ্যে কিছু ক্ষেত্ৰত স্থবিৰতা আহিছিল, কিন্তু এতিয়া অতি ভাল। তেজপুৰৰ দুজন ক্ৰিকেটাৰ সিদ্ধাৰ্থ শৰ্মা আৰু আহমেদে অসম ৰঞ্জী দলৰ হৈ খেলি আছে‌। মহিলা ক্ৰিকেটকো গুৰুত্ব প্ৰদান কৰা হৈছে। তেজপুৰত অনুষ্ঠিত হোৱা শক্তিমেলা তথা তেজপুৰৰ লৌহ ক্ৰীড়াৰ ৰাজ্যখনৰ ভিতৰতে এক সুনাম আছে। তেজপুৰত লৌহ ক্ৰীড়াৰ দিশটো চাই আছে পংকজ বৰাই। তেওঁ নিজেই মিষ্টাৰ অসম খিতাপ জয় কৰাৰ লগতে তেওঁৰ ককায়েক মুনিন বৰা আছিল মিষ্টাৰ ইণ্ডিয়া। সামগ্ৰিকভাবে তেজপুৰৰ ক্ৰীড়াৰ পৰিবেশ এতিয়া অতি ভাল। সদায়েই ক্ৰীড়াৰ চৰ্চা হৈ আহিছে।‘— তেজপুৰৰ ক্ৰীড়াৰ পৰিবেশৰ ওপৰত এইদৰে ক’লে ৰূপকমল কাকতিদেৱে‌।

তেজপুৰৰ এইগৰাকী বিশিষ্ট ব্যক্তিয়ে অসম ক্ৰিকেট সন্থা আৰু অসম অলিম্পিকৰো গুৰুদায়িত্ব পালন কৰিছিল। সেয়ে সেই বিষয়ত কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ। তেওঁ ক’লে

‘মই যেতিয়া অসম অলিম্পিক আৰু অসম ক্ৰিকেটৰ লগত জড়িত আছিলোঁ তেতিয়া অসম অলিম্পিক আৰু অসম ক্ৰিকেটৰ সন্থাৰ লগত জড়িত আছিলোঁ তেতিয়া দুয়োটা সন্থাৰ অৱস্থা ভাল নাছিল। অৰ্থৰ অভাৱত ভূগিছিল দুয়োটা ক্ৰীড়া সন্থা। অসম অলিম্পিকৰ উপ সভাপতি হৈ থকা সময়ছোৱাত পুনে নেচনেল গেমছ, বাংগালুৰু নেচনেল গেমছৰ মই অসমৰ ডেপুটী চিফ দ্য মিছন আছিলোঁ।১৯৯৯ চনৰ মণিপুৰ নেচনেল গেমছৰ মই চীফ দ্য মিছন আছিলোঁ। মণিপুৰৰ ইম্ফলত অনুষ্ঠিত হোৱা নেচনেল গেমছৰ সময়ত অসম ফুটবল দলটোৰ অৱস্থা পুতৌজনক আছিল। দলটোৰ প্ৰতি কাৰো আশাও নাছিল। কাৰণ সেই সময়ত অসম ৰাইফলছৰ খেলুৱৈ সকল ছুটীত গুছি গৈছিল। যাৰ বাবে অসম ফুটবল দলটোৰ খেলুৱৈৰ অভাৱ হৈছিল। তথাপিও খেলুৱৈ গোটাই লৈ প্ৰতিযোগিতাখনলৈ অসম ফুটবল দলটো লৈ যোৱা হৈছিল। সকলোকে আচৰিত কৰি সেইবাৰ অসম দলটোৱে ফাইনেল খেলিছিল। অসম ফুটবল দলটোৱে তেতিয়ালৈকে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ইমান আগবাঢ়ি যাব পৰা নাছিল। ইয়াৰ পূৰ্বে ১৯৯৪ চনত পুনে নেচনেল গেমছত মিঠু বৰুৱাই আকৌ ৰেকৰ্ড সৃষ্টি কৰিছিল।’

অসম ক্ৰিকেট সন্থাৰ লগত জড়িত থকাৰ সময়ছোৱাৰ কথা কবলৈ গৈ তেওঁ ক’লে —

অসম ক্ৰিকেট সন্থাৰ লগত প্ৰায় দুটা দশক জড়িত হৈ আছিলোঁ। সেই সময়ত অসম ক্ৰিকেটৰ অৱস্থা এতিয়াৰ দৰে নাছিল। অৰ্থৰ অভাৱত জুৰুলা হৈ আছিল। এনে পৰিস্থিতিৰো সৃষ্টি হৈছিল যে অসম ক্ৰিকেটৰ সম্পাদকে প‌ইছা ধাৰ কৰি আনি খেলুৱৈৰ পাৰিশ্ৰমিক দিবলগীয়া হৈছিল। আব্দুল মতিন সম্পাদক থকাৰ সময়ত ক্ৰিকেটাৰক পাৰিশ্ৰমিক দিবলৈ অসম ক্ৰিকেটৰ হাতত প‌ইছা নথকাৰ বাবে আমবাৰীত থকা মছজিদৰ পৰা প‌ইছা ধাৰ কৰি আনি ক্ৰিকেটাৰক পাৰিশ্ৰমিক দিছিল। মই পাঁচবছৰ অসম ৰঞ্জী দলৰ মেনেজাৰৰ দায়িত্বত আছিলোঁ। সেই সময়ত অসম ক্ৰিকেট দল নক আউট পৰ্যায়ত উপনীত হৈছিল। প্ৰায় দুটা দশকত মই নন্দন বেজবৰুৱা, আব্দুল মতিন, বিকাশ বৰুৱাক সম্পাদকৰূপে পাইছিলোঁ। বিকাশ বৰুৱাৰ কাৰ্যকালৰ শেষৰ ফালে অসম ক্ৰিকেটলৈ প‌ইছা আহিছল। সেই সময়ত ক্ৰিকেটাৰক প‌ইছা বহুত বেছি দিব পৰা নাছিলোঁ যদিও, ক্ৰিকেটাৰে ভাল খেলিছিল। এতিয়া অসম ক্ৰিকেটৰ অৱস্থা ভাল হ’ল যদিও খেলুৱৈৰ প্ৰদৰ্শন অতি দুৰ্বল হ’ল।’

তেজপুৰত অনুষ্ঠিত হৈছিল ৰাজ্যিক ক্ৰীড়া সমাৰোহ। সমাৰোহখনি খুব ভাল হৈছিল বুলি আমি জানিবলৈ পাইছিলোঁ। সেই প্ৰতিযোগিতাখনৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। কাকতি দেৱে কৈছিল–

‘তেতিয়া মই অসম অলিম্পিকৰ উপ-সভাপতি আছিলোঁ। সেইবাৰ অসম অলিম্পিকৰ সাধাৰণ সভাখন তেজপুৰত অনুষ্ঠিত কৰিবলৈ মই দাবী জনালোঁ। সেইবাৰেই আকৌ তেজপুৰত অনুষ্ঠিত হোৱা অসম অলিম্পিকৰ নিৰ্বাচনত হিতেশ্বৰ শ‌ইকীয়া সভাপতি নিৰ্বাচিত হৈছিল। মই আৰু তেতিয়াৰ অসম চৰকাৰৰ মন্ত্ৰী বিজিত শ‌ইকীয়া উপ-সভাপতি হৈছিলোঁ। সেইবাৰ আমি ৰাজ্যিক ক্ৰীড়া প্ৰতিযোগিতাখন তেজপুৰত অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিলোঁ। সেই চিন্তাক সাকাৰ ৰূপ দি তেজপুৰতেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিলোঁ। তেজপুৰৰ হজৰাপাৰ ফিল্ডত মাটি ভৰাই ট্ৰেক বহুৱালো। ডনবস্কোত বাস্কেটবল, লৌহ ক্ৰীড়া জিলা পুথিভঁৰালত , বক্সিং হেমবৰুৱা ভৱনত, আৰু পল’ ফিল্ডত অন্যান্য ক্ৰীড়া বোৰ অনুষ্ঠিত কৰিছিলোঁ। খুব ভাল হৈছিল সেইবাৰৰ প্ৰতিযোগিতাখন।

ৰূপকমল কাকতি দৰং কলেজৰ প্ৰাক্তন অধ্যাপক। তেওঁৰ পৰা জানিব বিচাৰিছিলোঁ যে ক্ৰীড়াক কেৰিয়াৰ হিচাপে লবলৈ অসমত এক পৰিবেশ গঢ় লৈ উঠিছেনে? তেওঁ ক’লে–

‘ভালকৈ খেলিলে খেলৰ জৰিয়তেও এটা ভাল কেৰিয়াৰ বনাব পাৰি। আমাৰ তেজপুৰৰ ৰাজেশ বৰা, ৰাজকাপুৰ যাদৱ, ৰঞ্জিত মালী আদিকেই উদাহৰণ হিচাপে ল’ব পাৰি। তেওঁলোকে কষ্ট কৰিছিল। ৰঞ্জিত মালীয়ে আজিও বহু কষ্ট কৰে। তেওঁলোক খুব এটা ভাল পৰিয়ালৰ পৰা অহা নাই আৰু তেওঁলোকে বহুত বেছি অধ্যয়নো কৰা নাই। ৰঞ্জিত মালীয়ে ১০ ৰ পৰা ১২ বছৰ একেৰাহে ৰঞ্জী খেলিছে। প্ৰতিবছৰে গড়ে ১০ লাখকৈ টকা লাভ কৰে বুলি ধৰিলেও ১০/১২ বছৰত কিমান বেংক বেলেঞ্চ হ’ব? ইয়াৰ উপৰিও চৰকাৰী চাকৰি, দেওধৰ ট্ৰফী, দুলীপ ট্ৰফী আদিবোৰ আছেই।’

অসম অলিম্পিক সন্থা, অসম ক্ৰিকে সন্থা, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ গুৰু দায়িত্ব পালন কৰি থকা ৰূপকমল কাকতি দেৱৰ শৰীৰ অসুস্থ যদিও তেওঁ বৰ্তমানেও তেজপুৰ ক্ৰিকেট সন্থাৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি আছে। কাৰণ তেওঁ ক্ৰীড়াৰ পৰা আতৰি থাকিলেও ক্ৰীড়া আৰু ক্ৰীড়াবিদে তেওঁক বিচাৰি থাকে। দৰং কলেজৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন অধ্যাপক ৰূপকমল কাকতি দেৱে এসময়ত লাভ কৰা অসম অসামৰিক সেৱাৰ চাকৰি বাদ দি দৰং কলেজত অধ্যাপনাত মনোনিবেশ কৰিছিল।

অসম আন্দোলনৰ সময়ত আন্দোলনত জপিয়াই পৰাৰ বাবেই এইগৰাকী বিশিষ্ট ব্যক্তিক ৰাষ্ট্ৰীয় সুৰক্ষা আইন চমুকৈ NIA ৰ অধীনত তিনিবাৰকৈ কাৰাবন্দীও হ’বলগীয়া হৈছিল। ছাত্র অৱস্থাতে দৰং কলেজৰ ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্ব পালন কৰা কাকতি দেৱে ভূপাল বিশ্ববিদ্যালয়ৰ হৈ ভলীবলো খেলিছিল।

বৰ্তমানৰ ক’ভিড -১৯ ৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিক লৈ চিন্তিত ৰূপকমল কাকতিদেৱে‌ আশা কৰে অতি সোনকালেই স্বাভাৱিক অৱস্থা ঘূৰি আহিব। তাৰবাবে জনসাধাৰণে সকলো চৰকাৰী নীতি-নিৰ্দেশনা সঠিকভাৱে পালন কৰিব লাগিব।

প্ৰাক্তন ক্ৰিকেটাৰ, ক্ৰীড়া সংগঠক, অধ্যাপক ৰূপকমল কাকতি দেৱৰ পৰা কেইবাটাও দশকৰ বহু অলিখিত কথা জানিবলৈ থাকি গ’ল। পুনৰ এইগৰাকী ক্ৰীড়া সংগঠকৰ পৰা ক্ৰীড়া জগতৰ বহু কথা জানিবলৈ চেষ্টা কৰাৰ আশা ৰাখিলোঁ। আমি আশা কৰোঁ কাকতি দেৱৰ সুস্বাস্থ্য অটুট থাকক। বৰ্ণাঢ্য জীৱনকালত ক্ৰীড়া জগতখনৰ পৰা সঞ্চিত কৰা তেওঁৰ অভিজ্ঞতাক নতুন চামৰ মাজত বিলাই দি তেজপুৰৰ লগতে অসমৰ ক্ৰীড়াৰ উত্তৰণত সহায়ক হ‌ওক‌।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments