অলিম্পিয়া বাৰ্তা
বৃহস্পতিবাৰে ভাৰতীয় অলিম্পিক সন্থাই ইয়াৰ অন্তৰ্গত খেলুৱৈ তথা কৰ্মকতাসকলৰ পৰা সংগৃহীত মুঠ দুই কোটি টকা কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেন ৰিজুজুৰ হাতত অৰ্পণ কৰে। ভাৰতীয় অলিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ মেহতাৰ নেতৃত্বত এটা সজাতি দলে ক্ৰীড়ামন্ত্ৰীজনক সাক্ষাৎ কৰি ভাৰতৰ কোভিড বিৰোধী যুজঁখনৰ সমৰ্থনত এই ধনৰাশি প্ৰদান কৰে।
সন্থাৰ পৰা যোৱা দলটোত আছিল ভাৰতীয় অলিম্পিক সন্থাৰ জ্যেষ্ঠ উপ সভাপতি অনিল খান্না, উপ সভাপতি সুধংশু মিট্টল, যুটীয়া সম্পাদক অংকাৰ সিং, সহকাৰী উপ সভাপতি অজয় সিং। উল্লেখযোগ্য যে ভাৰতীয় অলিম্পিক সন্থাৰ অন্তৰ্গত আন আন সংগঠন সমূহৰ লগতে দেশৰ বিভিন্ন বৰ্গৰ এথলিটসকলে মিলি এই ধনৰাশি সংগ্ৰহ কৰে।
ভাৰতীয় অলিম্পিক সন্থাৰ এই কাৰ্যক ধন্যবাদ জনাই কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰীজনে কয় যে এনে কঠিন সময়ত ক্ৰীড়াক্ষেত্ৰৰ সকলো লোক এইদৰে একগোট হোৱাটো সময়ৰে দাবী। ভাৰতৰ বহু ক্ৰীড়া সংগঠন সীমিত সংখ্যক সম্পদৰে চলি আছে। তেনেস্থলতো এনেদৰে সকলো সহায়ৰ বাবে আগবাঢ়ি অহাটো সঁচাকৈ প্ৰশংসনীয়। এই অৱদানে ভাৰতৰ কোভিড বিৰোধী যুজঁখনত সহায় কৰিব।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ভাৰতীয় অলিম্পিক সন্থাৰ অধ্যক্ষ নাৰিন্দৰ বাট্ৰাই কোভিড-১৯ য়ে সৃষ্টি কৰা ক্ষতিৰ বোজা লাঘৱ কৰিবলৈ কেন্দ্ৰৰ পৰা ২২০ কোটি টকাৰ অনুদান আৱেদন কৰিছিল।