Wednesday, September 28, 2022
HomeNewsIPL ত ৰোহিতে সৃষ্টি কৰিব চাৰিটা বৃহৎ ৰেকৰ্ড!

IPL ত ৰোহিতে সৃষ্টি কৰিব চাৰিটা বৃহৎ ৰেকৰ্ড!

অলিম্পিয়াৰ প্ৰতিবেদন

আইপিএলৰ ত্ৰয়োদশ সংস্কৰণত হিতমেন হিচাপে খ্যাত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই গঢ়িব চাৰিটা বৃহৎ নতুন ৰেকৰ্ড। আইপিএলৰ ইতিহাসত চাৰিবাৰকৈ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰি ৰোহিত বৰ্তমানলৈকে আইপিএলৰ আটাইতকৈ সফল অধিনায়ক আৰু তেওঁৰ দল মুম্বাই ইণ্ডিয়ানছ সফল দলৰূপে পৰিগণিত হৈছে।

এইবাৰ ১৯ ছেপ্টেম্বৰৰ পৰা ডুবাইত অনুষ্ঠিত হ’বলগীয়া আইপিএলৰ প্ৰথমখন মেচেই চেন্নাইৰ বিৰুদ্ধে আছে মুম্বাই ইণ্ডিয়ানছৰ। এতিয়ালৈকে তিনিবাৰ আইপিএলৰ খিতাপ দখল কৰি ধোনিৰ নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছ হৈ আছে দ্বিতীয় সফল দল। গতিকে স্বাভাৱিকতে দৰ্শকৰ মাজত বৃদ্ধি পাইছে উৎকণ্ঠা। অৱশ্যে আইপিএল মানেই এক শিহৰণ।

প্ৰতিবাৰেই আইপিএলত সংঘটিত হৈছে বৃহৎ অঘটন। এইবাৰো যে তাৰ কিবা ব্যতিক্ৰম হ’ব সেয়া সন্দেহৰ বিষয়। আইপিএলত এইবাৰ আন কোনোবাই অঘটন ঘটাওকেই বা নঘটাওক হিতমেন ৰোহিত শৰ্মাই যে চাৰিটা বৃহৎ ৰেকৰ্ড নিজৰ নামত সন্নিবিষ্ট কৰিব পাৰিব সেয়া আগতীয়াকৈ কৈ দিব পৰা এক পৰিবেশ ইতিমধ্যে সৃষ্টি হৈছে। কি এই চাৰিটা বৃহৎ ৰেকৰ্ড?

আইপিএলত এতিয়ালৈকে ৰোহিত শৰ্মাই ৪৮৯৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ৫০০০ ৰানৰ ক্লাবত সোমাবলৈ তেওঁক প্ৰয়োজন আৰু ১০২ ৰানৰ। ৰোহিতৰ দৰে এজন বিধ্বংসী বেটছমেনে প্ৰতিযোগিতাখনৰ প্ৰথম পৰ্যায়তে যে ৫০০০ ক্লাবত সোমাবলৈ পাৰিব সেয়া নিশ্চিতভাৱে ক’ব পাৰি। জনাই থ‌ওঁঁ এতিয়ালৈকে আইপিএলত ৫০০০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে মাত্ৰ দুজন ক্ৰিকেটাৰে। সেইদুজন হৈছে সুৰেশ ৰাইনা আৰু বিৰাট কোহলি। এইবাৰৰ আইপিএলত ৰোহিত শৰ্মাৰ নামো যে এই তালিকাত সন্নিবিষ্ট হৈ পৰিব সেয়া নিশ্চিত‌।

মুম্বাই ইণ্ডিয়ানছৰ কোনো খেলুৱৈয়ে এতিয়ালৈকে আইপিএলৰ ইতিহাসত ৪০০০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই। ৰোহিতৰ বাদে আন কোনোবাই যে খুব সোনকালেই এই সংখ্যা চুবলৈ পাৰিব তাত সন্দেহ আছে। চলিত আইপিএলত ৰোহিতে আৰু ২৭২ ৰান সংগ্ৰহ কৰিব পাৰিলেই মুম্বাই ইণ্ডিয়ানছৰ হৈ ৪০০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হ’ব।

আনহাতে চলিত আইপিএলত ৰোহিতে যদি ৭ টা ছয় কোবাবলৈ সক্ষম হয় তেন্তে মুম্বাই ইণ্ডিয়ানছৰ হৈ ১৫০ টা ছয় কোবোৱা ৰোহিত শৰ্মা হৈ পৰিব প্ৰথমজন বেটছমেন। ৰোহিতৰ পৰা আৰু ৭ টা ছয় আশা কৰিব নোৱাৰিনে!

আইপিএলত দীঘল দীঘল ছয় কোবোৱা বেটছমেনৰ কথা ক’লে কাৰ কথা মনলৈ আহে বাৰু? গেইল নে ডিভিলিয়াৰছ নে কেপ্তেইন কুল এম এছ ডি? ছয় কোবোৱাৰ ক্ষেত্ৰত এইসকলতকৈ ৰোহিতো কোনো গুণে পিছ পৰি ৰোৱা নাই। ৬টা মাত্ৰ ৬ টা ৬ কোবাবলৈ সক্ষম হ’লেই ৰোহিত হৈ পৰিব আইপিএলৰ ইতিহাসত ২০০ ছয় কোবোৱা চতুৰ্থগৰাকী বেটছমেন। ২০০ বা তাতোকৈ অধিক ছয় কোবোৱা বেটছমেনৰ তালিকাত এতিয়ালৈকে আছে মাত্ৰ তিনিজন বেটছমেন। গেইল, ডিভিলিয়াৰছ আৰু এম এছ ধোনি। এতয়ালৈকে আইপিএলত গেইলে ৩২৬ টা, ডিভিলিয়াৰছে ২১২ টা আৰু ধোনিয়ে ২০৯টা ছয় কোবাবলৈ সক্ষম হৈছে। ৰোহিতে বৰ্তমানলৈকে ১৯৪ টা ছয় কোবাবলৈ সক্ষম হৈছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments