আই পি এলৰ পৰা বাহিৰ হ’লেও ৭ কোটি টকা লাভ কৰিব দিল্লী কেপিটেলছৰ শ্ৰেয়াস আয়াৰে। কান্ধত পোৱা আঘাটৰ বাবে আই পি এলৰ পৰা বাহিৰ হোৱা আয়াৰে আই পি এলৰ এখনো মেচ নেখেলিলেও চুক্তি অনুসৰিয়েই দিল্লী কেপিটেলছৰ পৰা লাভ কৰিব ৭ কোটি টকা।
ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়াত ফিল্ডিংৰ কৰোঁতে কান্ধত পোৱা আঘাটৰ বাবে দ্বিতীয়খন এদিনীয়াৰ পৰা দলৰ পৰা বাহিৰত আছিল আয়াৰ। জানিব পৰা মতে, আগন্তুক ৮ এপ্ৰিলত তেওঁৰ কান্ধৰ এক অস্ত্ৰোপ্ৰচাৰ কৰা হ’ব আৰু দুমাহ সময় তেওঁ ক্ৰিকেটৰ পৰা আঁতৰি থাকিব। সেয়ে তেওঁঁ আই পি এলৰ পৰা বাহিৰত থাকিব লাগিব।
ইফালে আই পি এলৰ নিয়ম অনুসৰি ৰাষ্ট্ৰীয় ক্ৰিকেটাৰে দুৰ্ঘটনা বা আঘাটৰ বাবে আই পি এল খেলিব নোৱাৰিলেও তেওঁ চুক্তি অনুসৰি ফ্ৰেন্সাইজিৰ পৰা সম্পূৰ্ণ ধন লাভ কৰিব। ২০১১ চনত বি চি চি আইয়ে এই নিয়ম প্ৰৱৰ্তন কৰিছিল। সেই নিয়মৰ অধিনতেই এতিয়া আয়াৰে আই পি এল নেখেলাকৈ ৭ কোটি টকা লাভ কৰিব।