আইপিএল বিশেষ
আইপিএল মানেই উত্তেজনা, আইপিএল মানেই এক শিহৰণ। প্ৰতিজন ক্ৰিকেটাৰৰ সহজাত ধ্ৰুপদী ছন্দৰ বিপৰীতে প্ৰস্ফুতিত হয় আক্ৰমনাত্মক বেটিং শৈলীৰ এক নৱ ক্ৰিকেটিং ছন্দ। যি ছন্দৰ তালে তালে নাচি উঠে হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগীৰ লগতে চিয়েৰলীডাৰ্ছৰ ৰূপত থকা সোণালী, ৰূপালী ৰঙৰ আউল-বাউল চুলিৰ বিদেশী সুন্দৰী। এক অৰ্থত আইপিএল মানেই সুন্দৰ আৰু সুন্দৰীৰ পয়োভৰ। সেয়া ষ্টেডিয়ামৰ গেলাৰীত বিৰাট, মাহী, ৰোহিত, গেইল, ডিভিলিয়াৰছ বুলি চিঞঁৰি থকা অপৰূপ ৰূপ লাৱণ্যৰ অধিকাৰী গাভৰুৱে হওক বা মুখমণ্ডলত প্ৰিয় ক্ৰিকেটাৰ, ফ্ৰেঞ্চাইজিৰ পতাকা অংকন কৰি জপিয়াই থকা কোনোবা যুৱকেই হওক। তাৰকা ক্ৰিকেটাৰ, চিয়েৰলীডাৰ্ছ বোৰৰ কথা নকলোৱেই বা।

পিছে এইবাৰ ডুবাইত অনুষ্ঠিত হ’বলগীয়া আইপিএলৰ ত্ৰয়োদশ সংস্কৰণত কেমেৰাই বিচাৰি নাপাব সেই সুন্দৰ আৰু সুন্দৰীক। বিৰাট, ৰোহিত, ধোনি হ’তে নুশুনিব অনুৰাগীৰ কোৰ্হাল। ক’ভিড-১৯ সৃষ্টি কৰা পৰিৱেশৰ বাবেই বহু সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছে বিচিচিআইয়ে। কোনো ক্ৰীড়া ক্ষেত্ৰতে এতিয়া নাই দৰ্শকৰ উপস্থিতি। অৱশ্যে আইপিএলৰ মেচ টেলিভিছনৰ জড়িয়তে উপভোগ কৰোঁতে আপুনি হয়তো পূৰ্বৰ আইপিএলত থকা শিহৰণ, উত্তেজনা অনুভৱ নকৰাকৈ নাথাকিব। প্ৰতিটো চাৰি, ছয়, উইকেটৰ সময়ত ষ্টাৰ স্প’ৰ্টছে দেখুওৱাব দৰ্শকৰ হৰ্ষোল্লাখ, চিয়েৰলীডাৰ্ছৰ উদ্দাম নৃত্য। পূৰ্বৰ আইপিএলৰ ভিডিঅ’কে নতুনকৈ দেখুওৱাব ষ্টাৰ স্প’ৰ্টছে।

বহু নতুনত্বৰ মাজেৰে অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ আইপিএলৰ বাবে অৱশ্যে ষ্টাৰ স্প’ৰ্টছে লৈছে আন এক সিদ্ধান্ত। অপৰূপ সৌন্দৰ্যৰ অধিকাৰী সৰ্বজন প্ৰিয় এংকৰ মায়ান্তী লেংগৰসকলোৱে জানে। আইপিএলৰ সুন্দৰীৰ কথা ক’লে নিশ্চিতভাৱে মায়ান্তীৰ নাম সকলোৱে ল’ব। ষ্টাৰে স্প’ৰ্টছে এইবাৰ আইপিএলত অন্তৰ্ভুক্ত কৰিছে আন এগৰাকী সুন্দৰী এংকৰ। সোণালী ৰঙৰ চুলিৰ অপৰূপ সৌন্দৰ্যৰ অধিকাৰী নেৰ’লি মিড’। অষ্ট্ৰেলিয়াৰ জনপ্ৰিয় এই সুন্দৰী এংকৰ গৰাকীয়ে এইবাৰ মায়ান্তী লেংগৰক সহযোগিতা আগবঢ়াব। দুয়োগৰাকী সুন্দৰীক একেলগে দেখিব পোৱা যাব খেল পথাৰৰ এংকৰ হিচাপে।

অষ্ট্ৰেলিয়াৰ জনপ্ৰিয় এংকৰ নেৰ’লি মিড’ই ইতিমধ্যে বিভিন্ন ক্ৰীড়া ক্ষেত্ৰত নিজৰ ৰূপ আৰু আকৰ্ষণীয় পৰিবেশন শৈলীৰে অজশ্ৰজনৰ হৃদয় জিনিছে।