আইপিএলৰ ত্ৰয়োদশ সংস্কৰণত দৰ্শকেও গঢ়িলে এক ৰেকৰ্ড। বিগত বৰ্ষত আইপিএল ঘৰত বহি যিমান সংখ্যক দৰ্শকে উপভোগ কৰিছিল চলিত বৰ্ষত সেই সংখ্যা ২৮% বৃদ্ধি হ’ল। মনকৰিবলগীয়া যে চলিত বৰ্ষৰ আইপিএলৰ উদ্বোধনী মেচখন ৰেকৰ্ড সৃষ্টি কৰি ২০ কোটিতকৈ অধিক লোকে উপভোগ কৰিছিল।
আইপিএলৰ চেয়াৰমেন ব্ৰীজেশ পেটেলে এই প্ৰসংগত কৈছে, অনুৰাগীসকলৰ বাবে আইপিএলে এই ক্ৰীড়া ইভেণ্টক বিশ্বমানৰ কৰি তুলিবলৈ চেষ্টা চলাই আছে। টুৰ্ণামেণ্টখনে ডিজিটেল প্লেটফ’ৰ্মটো ভাল সমৰ্থন লাভ কৰিছে। এয়া দেখি সুখী অনুভৱ কৰিছোঁ।