অলিম্পিয়া প্ৰতিবেদন
চলিত আই পি এলত ৰাজস্থান ৰয়েলছৰ হাতত ধৰাশায়ী ছানৰাইজাৰ্ছ হাইদৰাবাদ । তাৰ মাজতে দুয়োটা দলৰ দুজন তাৰকা খেলুৱৈৰ দুটা নতুন অভিলেখ । জয়ৰ উল্লাস অথবা পৰাজয়ৰ বেদনাৰ বিপৰীতে দুয়োজনে গঢ়িলে দুটি অভিলেখো । আইপিএলৰ প্ৰথমখন মেচতেই ৰাজস্থানৰ অধিনায়ক সঞ্জু ছেনছনৰ বিস্ফোৰক বেটিং । মাত্ৰ ২৭ টা বলত ৫৫ ৰাণ সংগ্ৰহেৰে হাইদৰাবাদক দিছিল ২১০ ৰানৰ এক বৃহৎ টাৰ্গেট । অৱশ্যে এই বৃহৎ টাৰ্গেটৰ অন্তৰালত আছিল দলৰ আন দুজন খেলুৱৈৰ উন্নত প্ৰদৰ্শন । দলৰ হৈ দেৱদূত পাড্ডিকালে ৪১ আৰু ছিমৰণ হেটমেয়াৰে ৩২ ৰাণৰ বৰঙণি যোগাই বান্ধি দিছিল এই বৃহৎ স্কৰ । ছেমছনৰ ৫৫ ৰাণৰ ভিতৰত আছিল ৩ টা চাৰি আৰু ৫ টা বিশাল ছয় । এই মেচখনৰ জৰিয়তে আই পি এলৰ ইতিহাসত ৰাজস্থানৰ হৈ সৰ্বাধিক ছয় মাৰি তালিকাৰ প্ৰথম স্থানত নিজৰ নাম খোদিত কৰিলে সঞ্জু ছেমছনে । ২০১৫ বৰ্ষত ৰাজস্থানৰ হৈ ৭৪ খন মেচত ১০৯ টা ছয়েৰে এই স্থান অধিকাৰ কৰিছিল শ্বেন ৱাটছনে । তাৰ বিপৰীতে ২০১৩ বৰ্ষৰ পৰা সঞ্জু ছেমছনে ৰাজস্থানৰ হৈ ৯৪ খন মেচত ১১০ টা ছয়েৰে অতিক্ৰম কৰে ৱাটছনক । আনহাতে একেখন মেচতে ৰাজস্থানৰ বিপৰীত মেৰুত থকা হাইদৰাবাদ দলৰ বেগী বলাৰ ভূৱনেশ্বৰ কুমাৰেও গঢ়ে অন্য এক অভিলেখ । ৪ টা অভাৰত সৰ্বমুঠ ২৯ ৰাণ ব্যয় কৰিলেও ড’ট বল বিষয়ক কাৰণত চৰ্চালৈ আহিছে তেওঁ ।
ড’ট বল নিক্ষেপ কৰাৰ জৰিয়তে এক নতুন অভিলেখৰ গৰাকী হ’ল ভূৱনেশ্বৰ । আইপিএল ইতিহাসত ১৩১২ টা ড’ট বলেৰে পূৰ্বতে এই এই ৰেকৰ্ডৰ অধিকাৰী আছিল প্ৰবীন কুমাৰ । কিন্তু প্ৰবীনক চেৰ পেলাই এইবাৰৰ আইপিএলৰ নিজস্ব প্ৰথমখন মেচত ২৪ টা বলৰ ভিতৰত ১৪ টা ড’ট বল নিক্ষেপ কৰি সৰ্বমুঠ ১৩২৬ টা ড’ট বলেৰে তালিকাৰ শীৰ্ষস্থান দখল কৰে ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ বেগী বলাৰ ভূৱনেশ্বৰ কুমাৰে ।