Wednesday, October 5, 2022
HomeNewsকলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ফাফ ডু প্লেছিছ বাহিনীৰ জয় : ১২ ৰাণতে...

কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ফাফ ডু প্লেছিছ বাহিনীৰ জয় : ১২ ৰাণতে ক্ষান্ত বিৰাট কোহলি

অলিম্পিয়া প্ৰতিবেদন

আই পি এলত ফাফ ডু প্লেছিছ বাহিনীৰ জয় । বিধ্বস্ত শ্ৰেয়াস আয়াৰৰ দল কলকাতা নাইট ৰাইডাৰ্ছ । ১২ ৰাণতে সীমাবদ্ধ আৰ চি বিৰ বিৰাট কোহলী ।

মহাৰাষ্ট্ৰত সগৌৰৱেৰে অব্যাহত আছে এই ছিজনৰ ক্ৰিকেটৰ সৰ্ববৃহৎ টুৰ্ণামেন্ট আই পি এল । বুধবাৰে আই পি এলৰ ষষ্ঠ খন মেচত অৱতীৰ্ণ হ’ল ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু বনাম কলকাতা নাইট ৰাইডাৰ্ছ । ল স্কৰিং মেচত জয়ৰ মালা পিন্ধিলে প্লেছিছৰ নেতৃত্বৰ দল আৰ চি বিয়ে । প্ৰথমে বেটিং কৰে শ্ৰেয়াস আয়াৰ বাহিনীয়ে । পিছে বিপক্ষ দল আৰ চি বিৰ বলিং ত্রাসত সেও মানিলে কলকাতা নাইট ৰাইডাৰ্ছে। খহিলে এটাৰ পাছত আনটো উইকেট । ৱানিনডু হাছৰাংগাৰ দৰে দুৰ্দান্ত বলেৰে ৪ উইকেটৰ পতন ঘটালে । ফলত অল আউট হৈ ১৮ অভাৰ ৫ টা বলত কলকাতাই সংগ্ৰহ কৰে মাত্র ১২৮ ৰাণ । কলকাতাৰ হৈ আণ্ড্ৰে ৰাছেলে ২৫, উমেশ যাদৱে ১৮ ছাম বিলিংছে ১৪ ৰাণৰ বৰঙণি যোগায় । অধিনায়ক হিচাপে ১০ টা বলত ১৩ ৰাণ কৰিয়েই আউট হয় শ্ৰেয়াস আয়াৰ ।

জয়ৰ বাবে সহজ লক্ষ্য লৈ বেটিঙত নামি পৰিল আৰ চি বি । পিছে বলিঙত কলকাতাই দেখুৱালে পৰাক্ৰম । আৰ চি বিৰো পতন ঘটিল এটাৰ পাছত আনটো উইকেট । বলিঙত কলকাতাৰ হৈ টীম ছাউথিয়ে অকলেই ললে তিনিটা উইকেট । আৰ চি বিৰ হৈ ছেৰফান ৰাডাৰফৰ্ডে ২৮, ছাহবাজ আহমেদে ২৭ আৰু ডেভিদ উইলিয়ে ১৮ ৰাণৰ বৰঙণি যোগায় । পূৰ্বৰ আৰ চি বিৰ অধিনায়ক বিৰাট কোহলীয়ে ২ টা চাৰিসহ ৭ টা বলত ১২ ৰাণ সংগ্ৰহ কৰি পেভেলিয়নলৈ উভতে ।

জয়ৰ বাবে ৰণক্ষেত্রত মৰণপণ যুঁজ দিলে শ্ৰেয়াস আয়াৰ বাহিনীয়ে । অন্তিম পৰ্যায়লৈকে দৰ্শকে ধৰিব পৰা নাছিল কোনটো দল জিকিব । ইতিমধ্যেই ৭ টা উইকেটৰ পতন ঘটাইছিল কলকাতাই । অৱশেষত বহু যুজঁৰ নায়ক তথা পূৰ্বতে নাইট ৰাইডাৰ্ছৰ হৈ খেলা দীনেশ কাৰ্তিকৰ বিক্ৰমত জয়ী হ’ল দলটো । দীনেশে ৭ টা বলত ১ টাকৈ চাৰি আৰু ছয় কোবাই ১৪ ৰাণত অপৰাজিত হৈ ৰয় । কলকাতাৰ আশাত চেঁচা পানী ঢালি ১৯ অভাৰ ২ টা বলত ১৩২ ৰাণ কৰি ৩ উইকেটত জয়ী হয় আৰ চি বি ।
এককথাত অধিনায়ক হিচাপে আৰ চি বিৰ অধিনায়ক ফাফ ডু প্লেছিছ হ’ল সফল । আনহাতে, এই ছিজনত নিজা প্ৰথমখন মেচত জয়ী হ’লেও দ্বিতীয় মেচত উজুতি খালে আয়াৰ বাহিনীয়ে ।
বৃহস্পতিবাৰে, আই পি এলৰ সপ্তমখন মেচত অৱৰ্তীণ হ’ব চেন্নাই ছুপাৰ কিংছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টৰ্ছ ।

এইদৰেই এতিয়া, ক্ৰিকেটৰ মহাতাৰকাসকলৰ বেটিং তাণ্ডৱ আৰু বলিং পৰাক্ৰমত মোহাচ্ছন্ন হৈ পৰিছে সমগ্ৰ ক্ৰিকেট বিশ্ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments