Monday, October 3, 2022
HomeNewsবিফল জাজেডাৰ অধিনায়কত্ব !চলিত আই পি এলত দ্বিতীয় পৰাজয় চেন্নাই ছুপাৰ কিংছৰ

বিফল জাজেডাৰ অধিনায়কত্ব !চলিত আই পি এলত দ্বিতীয় পৰাজয় চেন্নাই ছুপাৰ কিংছৰ

অলিম্পিয়া প্ৰতিবেদন

আই পি এলত জয়ৰ মালা পিন্ধিলে নতুন দল লক্ষ্ণৌ ছুপাৰ জায়েন্টছে । মৰণপণ যুঁজ দিও বিফল জাডেজা বাহিনী । তাৰকা ক্ৰিকেটাৰৰ অৰ্ধশতকত জীপাল আই পি এলৰ মৈদান । কেপ্তেইন কুলৰ বাউণ্ডেৰীয়ে মোহিলে ধোনীৰ অনুৰাগীক ।

সগৌৰৱেৰে মহাৰাষ্ট্ৰত অব্যাহত আছে চলিত ছিজনৰ সৰ্ববৃহৎ ক্ৰিকেটৰ মহাৰণ আই পি এল । বৃহস্পতিবাৰে সপ্তমখন মেচত অৱতীৰ্ণ হ’ল চেন্নাই ছুপাৰ কিংছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টৰ্ছ । প্ৰথমে বেটিং কৰি ৰবীন্দ্ৰ জাডেজাৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছে ৭ টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ২১০ ৰাণ । চি এছ কেৰ হৈ ৰবীন উত্থাপাই ৫০, শিভম ডুবেই ৪৯ , ম‌ঈন আলীয়ে ৩৫ ৰাণৰ সুন্দৰ ইনিংছ খেলে । অধিনায়ক হিচাপে জাডেজাই ৯ টা বলত ১৭ ৰাণ কৰি আউট হয় । সেইদৰে চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীয়ে অন্তিম পৰ্যায়ত আহি ৬ টা বলত ১৬ ৰাণ বৰঙণিৰে নটআউট হৈ ৰয় । ধোনিৰ বেটৰ পৰা অহা ২ টাকৈ বাউণ্ডেৰী আৰু ১ টা অভাৰ বাউণ্ডেৰী প্ৰত্যক্ষ কৰি অতীতলৈ ঘূৰি গ’ল কেপ্তেইন কুলৰ অনুৰাগীসকল । লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ দুটাকৈ উইকেট দখল কৰে ৰবি বিষ্ণ‌য়,আৱেশ খান আৰু এণ্ড্ৰিউ টাৰেই ।

ৰাণৰ বৃহৎ স্কৰ লক্ষ্য হিচাপে লৈ খেলপথাৰত নামিল কে এল ৰাহুল বাহিনী ।
লক্ষ্ণৌ ছুপাৰ জায়েন্টছে বেটিঙত দেখুৱালে পৰাক্ৰম । ১৯ অভাৰ ৩ টা বলত ৪ উইকেটৰ বিনিময়ত ২১২ ৰাণ সংগ্ৰহেৰে জয়ী হয় লক্ষ্ণৌ । অধিনায়ক হিচাপে ২৬ টা বলত কে এল ৰাহুলে কৰিলে ৪০ ৰাণ । কুইনন্টন ডি ককে ৬১ ৰাণ , এভিন লেৱিছে ৫৫ , আয়ুস বাদানীয়ে ১৯ ৰাণ দলটোৰ বাবে আছিল গুৰুত্বপূৰ্ণ । মূলতঃ দুৰ্ধৰ্ষ বেছমেন লেৱিছ আৰু আয়ুস বাদানীৰ অপৰাজিত যুটিয়ে জয়ী হোৱাত সহায় কৰিলে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক । ২৩ টা বলত অৰ্ধশতক কৰি চলিত ছিজনত এই পৰ্যন্ত ফাষ্টেছ ফিফটি কৰা তালিকাৰ শীৰ্ষত অন্তভুক্ত হল লেৱিছ । চেন্নাই ছুপাৰ কিংছৰ ডাইনে প্ৰিটৰিয়াছ, ডুৱেইন ব্ৰেভ’ৰ আদিৰ দৰে দুৰ্ধৰ্ষ বলাৰৰ প্ৰতাপত অন্তিম পৰ্যায়ত ৪ উইকেট খহিল কে এল ৰাহুল বাহিনীৰ । ইয়াৰ যোগেদি ৬ উইকেটত জয়ী আই পি এলত নতুনকৈ সংযুক্ত হোৱা দল লক্ষ্ণৌ ছুপাৰ জায়েন্টছ
। অধিনায়ক হিচাপে চলিত ছিজনৰ নিজা দ্বিতীয় মেচত সফল হল কে এল ৰাহুল । ছিজনৰ প্ৰথমখন মেচত গুজৰাট টাইটানছ বিৰুদ্ধে অলপৰ বাবে পৰাস্ত হৈছিল দলটো । আনহাতে ধোনীৰ অধিনায়কৰ অবৰ্তমানত এইয়া চলিত ছিজনত দ্বিতীয় পৰাজয় জাডেজা বাহিনীৰ ।

শুক্ৰবাৰে, আই পি এলৰ সপ্তমখন মেচত অৱতীৰ্ণ হ’ব কলকাতা নাইট ৰাইডাৰ্ছ বনাম পঞ্জাৱ কিংছ ।
মুঠতে ক্ৰিকেট মহাতাৰকাৰ বলিং ত্রাস আৰু বেটিং তাণ্ডৱত ডুব গৈছে সমগ্ৰ ক্ৰিকেট বিশ্ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one + 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments